অসমীয়া গদ্য সাহিত্যৰ অদ্বিতীয় সাধক - হোমেন বৰগোহাঞি | অনুপম হাতীমূৰীয়া

১৯৩২ চনৰ ৭ ডিচেম্বৰ তাৰিখে লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ বালিগাওঁ নামেৰে এখন সৰু গাঁৱত জন্ম হৈছিল অসমৰ গদ্য সাহিত্যৰ অদ্বিতীয় পণ্ডিত হোমেন বৰগোহাঞিদেৱৰ । পেচাত পোনতে ঢকুৱাখনা মাধ্যমিকত শিক্ষকতা আৰু তাৰ পাছত মাজুলীৰ উপপতি সমাহৰ্তা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল যদিও ১০ বছৰ চাকৰি কৰাৰ পাছত তেওঁ চাকৰি ত্যাগ কৰিছিল । এই ১০ বছৰ তেওঁৰ জীৱনৰ নৰক বাস বুলি এটা সাক্ষাৎকাৰত কৈ গৈছে । ইয়াৰ কাৰণ হিচাপে তেওঁ কৈছিল যে চৰকাৰী চাকৰিত কাম যিমান থাকে সেই অনুপাতে কৰ্মচাৰী বেছি থাকে । সেয়ে তেওঁ চাকৰিৰ অধিক সময় হামিয়াই-সিকতিয়াই দিন নিয়াবলগীয়া হৈছিল যিটো তেওঁৰ বাবে আছিল অসম্ভৱ যন্ত্ৰণাদায়ক । 
      'কাম কৰাৰ আনন্দ' নামৰ গ্ৰন্থখনত তেওঁ লিখিছে,"যি মানুহে কাম কৰি ভাল নাপায় বা কৰিবলৈ একো কাম বিচাৰি নাপায়, তেওঁতকৈ দুৰ্ভগীয়া মানুহ আন কোনো নাই ।" যি কি নহওঁক, তেওঁ চাকৰি বাদ দি কলমটোকে কৰি ল'লে জীৱন যুদ্ধৰ অস্ত্ৰ । 'সাপ্তাহিক নীলাচল' নামেৰে এখন সংবাদপত্ৰত সম্পাদকৰ দায়িত্বৰে সাংবাদিকৰ জীৱন আৰম্ভ কৰাৰ লগে লগে এইবাৰ আৰম্ভ হ'ল তেওঁৰ সাহিত্য সৃষ্টি সাধনাৰ মহাযজ্ঞ ।
      অৱশ্যে তাৰ আগতেই ১৯ বছৰ বয়সত কটন কলেজত পঢ়ি থকা সময়তে 'এপিটাফ' নামৰ এটা গল্পৰে তেওঁ সাহিত্যিক প্ৰতিভাৰ পৰিচয় দিছিল । পৰৱৰ্তী পৰ্যায়ত চাকৰি ত্যাগ কৰাৰ পাছত তেওঁৰ কলমেদি সৃষ্টি হ'ল ইখনৰ পাছত সিখনকৈ অমূল্য গ্ৰন্থ । বিভিন্ন নৰক, গদ্যৰ সাধনা, কথা-বাৰ্তা, উচ্চাকাংক্ষা, কিতাপ পঢ়াৰ আন্দোলন, কাম কৰাৰ আন্দোলন আদিকে ধৰি এশৰো অধিক গ্ৰন্থ ৰচনা কৰি তেওঁ অসমীয়া সাহিত্যক এক অনন্য মাত্ৰালৈ লৈ গ'ল । 'পিতা-পুত্ৰ' নামৰ উপন্যাসখনৰ কাৰণে তেওঁ সাহিত্য অকাডেমী বঁটাৰে বিভূষিত হৈছিল । তাৰোপৰি, সাউদৰ পুতেকে নাও মেলি যায়, সুবালা ইত্যাদি উপন্যাসবোৰেও অসমীয়া সাহিত্যপ্ৰেমী পাঠকৰ মনত একপ্ৰকাৰৰ আলোড়ন সৃষ্টি কৰিলে ।
       কথাশিল্পী হোমেন বৰগোহাঞিদেৱে অসমীয়া গদ্য সাহিত্যত এক আধুনিক ধাৰা প্ৰৱৰ্তন কৰিলে । কোনো ধৰণৰ দাঁত ভঙা শব্দ সততে ব্যৱহাৰ নকৰাকৈ অত্যন্ত সৰল আৰু সুখপাঠ্য ভাষাত তেওঁ এনে কিছু গল্প আমাক উপহাৰ দি গ'ল যিবোৰ অধ্যয়ন কৰি পাঠকসকল মোহাৱিষ্ট হৈ পৰিল । কঠিনতকৈও কঠিনতম একোটা বিষয় বৰগোহাঞিৰ কলমৰ কাপেদি পানী যেন সৰলকৈ নিগৰিবলৈ ধৰিলে । ফলত জীৱন আৰু জগতৰ অতি গধুৰ বিষয়বোৰো তেওঁ নিজস্ব প্ৰতিভাৰ বলত সূৰ্য্যৰ পোহৰৰ দৰে স্পষ্ট ৰূপত দাঙি ধৰি পাঠকৰ মন জয় কৰিবলৈ সক্ষম হ'ল ।
       বৰগোহাঞিদেৱেই অসমীয়া সাহিত্যৰ একমাত্ৰ লেখক যি জীৱন, মৃত্যু আৰু প্ৰেম - এই তিনিওটা বিষয়ক একেডাল সুতাত আঁটি আঁটি বান্ধিবলৈ সক্ষম হৈছিল । 'জীৱন মন্থনক' তেওঁ 'সমুদ্ৰ মন্থন'ৰেই প্ৰতিৰূপ হিচাপে চিহ্নিত কৰিছে । প্ৰেম, বিৰহ আৰু মৃত্যুৰ সৈতে দন্দ্বত উৎপন্ন হোৱা অমৃত আৰু গৰলৰ পুংখানুপুংখ অথচ অত্যন্ত সৰল প্ৰতিচ্ছবি এখন তেওঁৰ গদ্যত বিৰাজমান । 
      বিশিষ্ট সাহিত্যিক তথা বুদ্ধিজীৱী নগেন শইকীয়াদেৱে লিখিছে,"আধুনিক অসমীয়া ভাষাৰ প্ৰকাশ ক্ষমতাক ওজন আৰু শক্তি প্ৰদান কৰোঁতা হোমেন বৰগোহাঞিৰ গদ্য ।" শইকীয়াদেৱে এবাৰ অসমীয়া গদ্য সাহিত্যৰ সাতজন শ্ৰেষ্ঠ গদ্য সাহিত্যিকৰ এখন তালিকা প্ৰস্তুত কৰিছিল । সেই তালিকাখনৰো এজন আছিল- হোমেন বৰগোহাঞি । 
      এনে এজন মহান গদ্যশিল্পীক বিয়োগে অসমীয়া সাহিত্য আৰু বৌদ্ধিক জগতলৈ কঢ়িয়াই আনিলে এক বিশাল শূণ্যতাৰ !



অনুপম হাতীমূৰীয়া
বাকচু খেলুৱা, শিৱসাগৰ

Comments

  1. সুন্দৰ লিখনি।

    ReplyDelete
    Replies
    1. বহুত বহুত ধন্যবাদ ।

      Delete

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send