ইতিহাসৰ পাতত আজিৰ দিনটো-২০ জুলাই

©Admin
0
২০ জুলাই (ইংৰাজী: 20 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২০১তম (অধিবৰ্ষত ২০২তম) দিন। বছৰ শেষ হ'বলৈ ১৬৪ দিন বাকী থাকে।

🔘১২৯৬ চনৰ আজিৰ দিনটোতে আল্লাউদ্দিন খিলজীয়ে জালালউদ্দিন খিলজীক হত্যা কৰি নিজকে দিল্লীৰ চুলতান বুলি ঘোষণা কৰে।

🔘১৯০৩ চনত বৃটিছে ভাৰতত ৰয়েল আৰ্মিৰ আকাৰ বৃদ্ধি কৰে। 

🔘১৯০৫ চনত লণ্ডনত ভাৰতৰ ৰাজ্য সচিবে প্ৰথম বঙ্গ বিভাজন অনুমোদন জনায়। 

🔘১৯৬৯ চনত মহম্মদ হিদায়ত উল্লাহ ভাৰতৰ প্ৰথম ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি হয়।

🔘১৯৬৯ চনত আজিৰ দিনটোতে বৰাহগিৰি বেংকটগিৰি নিৰ্বাচনত বিজয়ী হৈ ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছিল।

🔘১৯৬৯ চনত এপ'ল' ১১ মহাকাশ অভিযানৰ দ্বাৰা চন্দ্ৰত প্ৰথম মানুহ হিচাপে নীল আৰ্মষ্ট্ৰং (নীল এল্‌ডে'ন আৰ্মষ্ট্ৰং) আৰু বুজ এলড্ৰিন-এ ভৰি দিয়ে আৰু এই সময়ছোৱাত সহযাত্ৰী মাইকেল কলিন্স-এ মহাকাশযানৰ কক্ষতে থাকি কমাণ্ড মডিউল পৰিচালনা কৰিছিল।

🔘১৯৫০ চনৰ আজিৰ দিনটোতে নাছিৰুদ্দিন শ্বাহৰ জন্ম হৈছিল , তেওঁ ভাৰতীয় ছবিজগতৰ শক্তিশালী অভিনেতা। ২০০৩ চনত তেওঁ অভিনয় আৰু অসামান্য পাৰদৰ্শিতাৰ বাবে পদ্মবিভূষণ উপাধিৰে সন্মানিত হয় আৰু একাধিক ৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ শ্ৰেষ্ঠ অভিনেতাৰো সন্মান লাভ কৰিছিল।

🔘১৩০৪ চনত ইটালীৰ কবি, পণ্ডিত পেট্ৰাৰ্কৰ জন্ম।

🔘১৮৯৮ চনত সংস্কৃত পণ্ডিত, ভাষাতত্ত্ববিদ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম অসমীয়া উপাচাৰ্য পণ্ডিত প্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈৰ জন্ম।

🔘১৯১৯ নিউজিল্যাণ্ডেৰ একজন পৰ্বতাৰোহী আৰু অভিযাত্ৰী এডমাণ্ড হিলাৰীৰ জন্ম। তেখেতে তেনজিং নৰগেৰ লগত ২৯ মে', ১৯৫৩ চনত এভাৰেষ্ট শৃঙ্গ আৰোহণ কৰে।

🔘১৯৩৭ চনত পদাৰ্থবিদ, তথা অনাতাঁৰ (ৰেডিঅ’)ৰ উদ্ভাৱক গুগ্লিয়েম’ মাৰ্কনিৰ মৃত্যু।

🔘১৯৭৩ চনত চীনা মাৰ্শ্বাল আৰ্ট শিল্পী, শিক্ষক, অভিনেতা ব্ৰুচ লীৰ মৃত্যু।

🔘১৯৮২ চনত মহাত্মা গান্ধীৰ শিষ্য মীৰা বেহেনৰ মৃত্যু। 

🔘১৯৯১ চনত ত্ৰেভাঙ্কুৰৰ(ত্ৰিভাঙ্কুৰ) প্ৰাক্তন ৰজা চিথিৰা থিৰুনাল বালাৰামা বাৰ্মাৰ মৃত্যু।

🔘আন্তৰ্জাতিক দবা দিৱস।

🔘আজি কলম্বিয়াৰ ৰাষ্ট্ৰীয় দিৱস।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)