তগৰে দাপোন খনৰ আগত ঠিয় দিলে।পূৰ্ণিমা জোনটোৰ দৰে তাইৰ গোল আৰু উজ্বল মুখখন দাপোনত ভাঁহি আহিল।ভাঁহি উঠিল তাইৰ টনা-টনা মৰম লগা চকুহাল ,ধেনুভিৰীয়া ভ্ৰূযুগল, তিলফুলৰ দৰে নাকটো,আৰু এযোৰ পূৰঠ ৰঙচুৱা ওঁঠ ।
দাপোনত ভাঁহি উঠিল এখনি তেজে ফুটো-ফুটো কৰা লাৱনি মুখ।তাইৰ মূৰৰ পৰা ওৰনিখন পেলাই দিলে।ধক-ধককৈ বগা কাপোৰযোৰ ঠিক কৰি এটা বিষাদৰ হুমুনিয়াহ এৰিলে।
উকা কপাল খনত আঁকি লোৱা সুমথিৰাৰ দৰে ৰঙা সেন্দুৰৰ ফোঁটটোৱে তাইৰ ৰূপ দুগুণেই চৰাইছিল।তাইৰ সেই ৰঙা সেন্দুৰৰ ফোঁটটো লৈ নিজকে বাৰে বাৰে চাইছিল।নিজকে নিজে তাই কৈ উঠিছিল, আহ, মোক বৰ ধুনীয়া লাগিছে।"কিন্তু তাইৰ সেই আনন্দৰ উত্তাল জোঁৱাৰত বেছি দিন ডুবি থাকিব নোৱাৰিলে।অতি কম দিনতে বাঁৰী হ'ল তাই।মাৰ যোৱা বেলিৰ বৰণৰ ফোঁটটো অকালতেই মচ খাই গ'ল।
দাপোন খনত নিজৰ উকা কপাল খন চাই উকা সেওঁতাটো দেখি তাই হুকহুকাই কান্দি দিছিল।নিজৰ মুখখন তাই কাতিমহীয়া সন্ধিয়া এটাত চাঁকি এগছি নজলোঁৱাকৈ পেলাই থোৱা নতুনকৈ লিপা তুলসী ভেটিটো দৰে লাগিল।
"স্বামীৰ " অৰ্থ তাই বুজি নেপালে।কিমান দিননো মানুহ জনৰ লগত থাকিব লৈ পালে।যিমান দিন তাই মানুহ জনৰ লগত থাকিল, তাইৰ বাবে সেয়া প্ৰকাশ কৰিব নোৱাৰা এক যান্ত্ৰনা আছিল।স্বামীৰ স্মৃতিৰ বুলিবলৈ তাই অন্তৰত একো নাই। এৰা তাই বয়সনো কিমান ১৭ বছৰ চলিছেহে?
বোৱাৰী এইফালে আহা।
শাহুয়েকৰ মাতত তাই চক খাই উঠিল ,লৰালৰিকৈ ওৰনিখন টানি শাহুয়েকৰ ওচৰত উপস্থিত হ'ল।
বোৱাৰী স্বামী হেৰুৱা তিৰোতাই হাঁহি মাতি চঞ্চল হ'ব নাপায়।বগা সাজযোৰত যাতে ৰং নালাগে সাৱধান হৈ থাকিবা।ভৰিত চেণ্ডেল পিন্ধি নাথাকিবা।ঘৰৰ ভিতৰ পৰা বাহিৰলৈ ওলাই অহা যোৱা কৰি নাথাকিবা।পুৰুষৰ আগত দেখা দিবলৈ চেষ্টা নকৰিবা।সমাজে বান্ধি দিয়া সংস্কাৰ বোৰ মানি চলিবা।যোৱা তোমাৰ ৰুমতেই তুমি ৰান্ধি খাবলৈ সকলো যোগাৰ কৰি দিবলৈ ৰাম ভাইক কৈছোঁ।তুমি কেতিয়াও মাছ মাংস খাব নোৱাৰিবা। তেতিয়াহে স্বামীৰ আত্মাই শান্তি পাব।মোৰ বাপুৰ আত্মাই শান্তি পাওঁক, মই তাকেই বিচাৰোঁ।
কথাকেইষাৰ শুনি তাই শিল পৰা কপৌ দৰে থৰ লাগিল।যি জন মানুহে তাইৰ বাবে এক বিন্দু চিন্তা কৰিবলৈ সময় নহ'ল।সেই মানুহ জনৰ মৃত্যুৰ পিছত তেওঁৰ আত্মাৰ শান্তিৰ বাবে তাই সমাজৰ সংস্কাৰ বোৰ মানি তিলতিলকৈ জীয়াই থাকিব লাগিব।
তাই দৌৰি গৈ নিজৰ ৰুমত সোমাই হুকহুকাই কান্দিবলৈ ধৰিলে।১৭ বছৰীয়া তগৰৰ জীৱনত আজি সমাজৰ সংস্কাৰ বোৰে নিৰন্তৰে অহা যোৱা কৰিছে।
বাহিৰত ওচৰৰ ৰমেন খুড়া লৰা ৰণে বৰমা বৰমা বুলি চিঞৰি আছে।শাহুআই নাই নেকি? তাই মনটো উচপিচাবলৈ ধৰিলে।
ৰনে বৰমা বৰমা মাতি মাতি ঘৰটো চালাথ কৰি বৰমাকক নেপায়, তগৰৰ ৰুমলৈ ভুমুকিয়াই চালে।
নিয়ৰৰ টোপালত সজীৱ হৈ থকা এটি লেৰেলি যোৱা তগৰৰ পাহি, কিয় বাৰু মনমাৰি বহি আছা।
কবিতা কবিতা লগা তাৰ কথাবোৰ শুনি তাই বৰ ভাল পায়।
তুমি এনকৈ থাকিলে , সি ৰৈ গ'ল।
তুমি যোৱা ইয়াৰ পৰা শাহুআই দেখিবলৈ পালে সৰ্বনাশ হ'ব।
হবলৈ দিয়া তোমাৰ জীৱনত আছে কি?জীয়াই থাকিবলৈ শিকা বৌ।তুমি ঘৰলৈ উভতি যোৱা।কেইদিনমানৰ সম্পৰ্ক এটাৰ বাবে নিজকে তিল-তিলকৈ শেষ কৰি নেপেলাবা।
ৰনৰ আগত বহু কথা ক’বলৈ মন গ'ল তাই ।কিন্তু তাই জীয়াই থকা সমাজখনৰ সংস্কাৰে তাইক সেই অনুমতি নিদিয়ে।
ক’ৰবাৰ পৰা শাহুআই আহি ওলালহি।তাই শিলপৰা কপৌৰ দৰে থকথককৈ কপিবলৈ ল'লে।
আগলৈ,,,,,,,
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ