১/ পাউৰুটীৰ মাল পোৱা
উপকৰণ :
পাউৰুটী এটা(চকলা কৰি কাটি ৰখা), গাখীৰ আধা লিটাৰ, ময়ডা ৫০০গ্ৰাম, চেনী ৭৫০ গ্ৰাম, প্ৰয়োজন অনুযায়ী ঘি(৪/৫ জনে খাব পৰাকৈ)
পদ্ধতিঃ
পানীত চেনী দি পাতল কৰি চেনী ৰস কৰি ৰাখক। গাখীৰ আৰু ময়ডা খিনি মিহলাই এটা মিশ্ৰণ কৰি লওঁক।এতিয়া এটা কেৰাহীত ঘি গৰম কৰি চকলাকৈ কটা পাউৰুটীৰ টুকুৰা বিলাক গাখীৰ-ময়ডাৰ মিশ্রণটোত ডুবাই ঘিত ৰঙচুৱা হোৱাকৈ ভাজক। এতিয়া ভজা টুকুৰা বিলাক চেনী ৰসত ডুবাই ৰাখক। কোমল হ'লে ঠান্ডা কৰি পৰিবেশন কৰক।
২/ পনিৰৰ পকৰি
পনিৰ ২৫০গ্ৰাম, বেচন এক কাপ, শুকান জলকীয়াৰ গুৰা আধা চা - চামুচ, পানী আৰু নিমখ প্ৰয়োজন অনুযায়ী।
চাটনিৰ বাবে বটি লোৱা পদিনাৰ পাত এক চা- চামুচ, কেঁচা ধনীয়াপাত বটা ২টেবুল চামুচ, কেঁচা জলকীয়া(সৰু সৰুকৈ কাটি লোৱা) পচন্দ মতে, ৰিফাইন তেল ২কাপ, পানী আৰু নিমখ প্ৰয়োজন অনুযায়ী(তিনিজনে খাব পৰাকৈ) ।
এটা পাত্ৰত বেচন, নিমখ, পানী, শুকান জলকীয়াৰ গুৰা একেলগে মিলাই লওঁক। পনিৰৰ টুকুৰা বিলাকত চাট্ নিৰ উপকৰণ দি মাখি ৭ -১০মিনিট মান ৰাখক। এতিয়া পনিৰৰ টুকুৰা বিলাক বেচনৰ মিশ্রণ টোত ডুবাই ৰিফাইন তেলত ভাজি পকৰি বনাই চাটনি সহ পৰিবেশন কৰক। খাই চাওক,গৰমে গৰমে খাবলৈ বৰ জুটি লগা।
৩/ ইডলি
উপকৰণঃ ৫০০গ্ৰাম মিহিকৈ বনোৱা চাউলৰ গুৰা, ৩০০ মিলিলিটাৰ নাৰিকলৰ গাখীৰ,৫০মি.লি . টডি অপ্ চনেল সমান জোখৰ মাহৰ ডাইল, নিমখ বা চেনী পচন্দ মতে (৫/৬জনে খাব পৰাকৈ)
পদ্ধতিঃ
আটাইখিনি উপকৰণ একেলগে মিলাই ভালকৈ ঘুটি লওঁক। ইডলি ষ্টেণ্ডবোৰত তেল সানি লওঁক। সাঁচ বিলাকত মিলাই লোৱা উপকৰণ সমূহেৰে পুৰাওক।তাৰপিছত প্ৰেছাৰ কুকাৰত বহাই ১৫মিনিট ভাপত দিয়ক। এতিয়া গৰমে গৰমে পৰিবেশন কৰক। বৰ সোৱাদ পাব।
ব্যস্ততা পূৰ্ণ জীৱন প্ৰবাহত অলপ সময় উলিয়াই লৈ এনে দৰে ব্যতিক্রমী খোৱাৰ জুটি লৈ চাবছোন।আনন্দ পাব।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ