ডাষ্টবিন মোৰ ভৰাঁল,
আহুকাণে-পহুকাণে
কেতিয়াও খালী
হোৱা নাছিলে।
আজিকালি ক’ৰোনাই
পংগু কৰিলে
মোৰ দেশৰ অৰ্থনীতিক,
দেশবাসীক কৰিলে
মূল্যবৃদ্ধিয়ে জুৰুলা।
এতিয়া ডাষ্টবিন খালী হয়
খালী আজিও খালী হ’বলা,
ভোকে অনাহাৰে থাকি থাকি
মই আৰু আজি সহিব
নোৱাৰোঁ ভোকৰ যন্ত্ৰণা;
কৰা না প্ৰভু কিবা এটা
কৰা না জীয়াই থাকিবলৈ
মোৰ দুৰ্বাৰ হেপাঁহ,
ফুটপাথ এতিয়া খালী,
ৰাজপথত নাই কোনো ভিৰ ৷
ৰাজপথৰ ভিক্ষাৰী মই
বহি আছোঁ খালী হাতে
জুলুঙাটোকে মাস্ক বনাই লৈ,
অহা-যোৱা নাই মানুহৰ
ডাষ্টবিনৰ কাষলৈ,
সোধে কোনেনো মোক খাবলৈ,
মই বৰ বিপদত কাৰণ
জন্ম যে মোৰ ফুটপাথত,
প্ৰভু কিবা এটা কৰা না
মোকো জীয়াই থাকিবলৈ দিয়া ৷
ক’ৰোনাৰ পৰা অলপ কৰুণা
তুমি প্ৰভু আমাক কৰা না,
ফুটপাথৰ মানুহখিনিক
অন্ন দিয়া ডাষ্টবিনক
আকৌ তুমি ভৰি দিয়া না,
সাধাৰণ মানুহৰ জনজীৱন
তুমি আগৰ দৰে সাধাৰণ
আকৌ কৰি দিয়া না,
মিনতি তোমাক তুমি কাল ক’ৰোনাক
পৃথিৱীৰ পৰা বিদায় দিয়া না ৷
✍️ছাইফুদ্দিন আহমেদ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ