উপলব্ধি-লভিতা চহৰীয়া

'আজিও এইবোৰ পিন্ধিয়ে ওলাইছ' বোৱাৰী '---

এবাৰ শাহুৱেকৰ ফালে চাই যাঁও মা বুলি মাতষাৰ লগাই খুটি হিলৰ খট্ খট্ শব্দ কৰি এহাতে বেগটো ওলমাই প্লাবিতা চাৰিচকীয়া বাহন খনত উঠি গ'ল ।
    একেথিৰে ৰ' ৰাগি চাই ৰ'ল নিৰুপ্ৰভাই বোৱাৰীয়েক যোৱাৰ পিনে।চিৰিবোৰত খোজত হোৱা খট্ খট্ শব্দত বুকুৰ ওপৰেৰেই যোৱা যেন লাগিছিল নিৰুপ্ৰভাৰ।
 অসহ্যকৰ .......
চুটি ড্ৰেছ পিন্ধি বোৱাৰী এগৰাকী ঘৰৰ পৰা ওলাই যোৱাটো ভাল নেদেখি।নিৰুপ্ৰভাই ভোৰভোৰাই মুখৰ ভিতৰতেই।
ব্যস্ত ৰাজপথ,প্লাবিতাই ইতিমধ্যে তাইৰ অফিচ পালেহিয়ে।আচলতে এয়া নিত্য-নৈমিত্তিক ঘটনা।প্লাবিতাই সদায় চুটি কাপোৰ পিন্ধিয়েই ঘৰৰ পৰা ওলাই যায়,নিৰুপ্ৰভাই কেৱল কৈ হে থাকে।নাই কথাৰ কোনো আজিলৈ কামে দিয়া নাই।পুতেক অবিনাশে মাকক কয়, মা আজি কালি এয়াই চলিছে।মুখৰ আগলৈ দীঘল কৈ উৰণি টানি লোৱা তিৰোতা বোৱাৰী নাই।
এৰা কথাটো হয়।এতিয়া নো সাতপুৰণি দিনবোৰ আছেনে?
ৰমলা,ৰতনীহঁতে গাঁৱত ৰঙীন বুটা বচা মেখেলা চাদৰ পিন্ধা ছোৱালী বোৱাৰী নাই পাবলৈয়ে টান।অত্যাধুনিকতাই মেৰিয়াই ধৰিছে।
কলিং বেলৰ টং টং টং শব্দত নিৰুপ্ৰভা বাহিৰলৈ ওলাই আহে।
অ' আপুনি আহকহি বহক।
তিনিমহলীয়া ঘৰটোত পুত্ৰ-বোৱাৰী ওলাই যোৱাৰ পিছত নিৰুপ্ৰভা অকলেই সোমাই থাকে।ইচ্ছা গ'লে টিভিটো অন কৰি চিনেমা ,চিৰিয়েল নিউজ কিবা চায়।পিছে চিনেমাবোৰত যিটোহে পোচাকত ওলাই ছোৱালী বুঢ়ীৰ চকু দুটা ভমককৈ জ্বলি উঠে।নিউজবোৰ চালে দেশৰ কথা শুনিলেই সংঘটিত ধৰ্ষণ বলাৎকাৰ ছবিবোৰ দেখিলেই বুঢ়ীৰ বুকুই হান মাৰি ধৰে।

চুটি হাতৰ ,আঁঠুৰ অলপ ওপৰত উঠা কঁকালৰ অংশ চেপ খুটি হিল পিন্ধি ব্যস্ত ৰাজপথত এগৰাকী যুৱতী।ৰিক্সাৱালাৰো চকু যুৱতী গৰাকীৰ ওপৰত।চকুৰ পলক নজপোৱাকৈ তাইৰ আঁঠুৰ ওপৰৰ ৰঙা মঙহালৰ পৰা উঠন বুকুলৈ চকু ৰঙা বাইকৰ ওপৰত বিশেষ ভংগিমাত বহি থকা যুৱক জনৰ।আগৰ ফালে চুটিকৈ কাটি লোৱা চুলিখিনি সোঁহাতৰ আঙুলিৰে তাই বিশেষ এটা ভাঁজত কাণৰ কাষলৈ নিবলৈ চেষ্টা কৰিছে।পিছে চিল্কি তাইৰ চুলিখিনি কাণৰ কাষত নৰয় বাৰে বাৰে পিছলি আহে।অৱশেষত হাত খন নমায়।বিশেষ ভংগিমাত খোজ দি তাই তামোল দোকানীৰ মুখেৰে পাৰ হয় ঠিক সেই সময়ত দোকানীজনৰ মেলা মুখখনি মেলাক মেলাই থাকিল।চাৰিচকীয়া বাহন খনৰ সমুখত আহি তাই ৰয়....
হাই...আই চ' ছৰী ফৰ লেট।
ইটছ অকে বেবী।
তাই তাক সাৱটি ধৰে ব'লা এতিয়া।
চহৰৰ মাজ মজিয়াত এইয়া তেনেই সৰু কথা কিন্তু এইবোৰ নিৰুপ্ৰভাই মুঠেই ভাল নাপায়।
দুকাপ চাহ আনি একাপ শশীবালাক দি একাপ নিৰুপ্ৰভাই হাতত লয়।
আপুনি আহিছে ভালেই হৈছে ,এনেকৈ দিনৰ দিনটো ঘৰতেই সোমাই আমনি লাগে বুইছা।এই যে বোৱাৰী জনীক কথা কৈ আজিলৈ ঠিক কৰিব নোৱাৰিলোঁ জানে।
কিনো ক'বা এইয়া সময়ৰ কথা।আধুনিক যুগ।যুগৰ পৰিৱৰ্তন সকলো।
নিৰুপ্ৰভাৰ মন ভাৰাক্ৰান্ত হৈ পৰে।নিৰুপ্ৰভাই বিচাৰে শৰীৰটো ঢাকি ৰাখক।হৰিণৰ মাংসই বৈৰী।যৌৱনা ছোৱালীৰ দেহলৈ, উঠন বুকুলৈ আঁঠুৰ ওপৰৰ ৰঙচুৱা মঙহাললৈ কাৰ চকু নাযাব।হয় যাব পাৰে কোনো ঠিক নাই।কথাবোৰে নিৰুপ্ৰভাৰ হৃদয়খন কুটি কুটি খায়।
বোৱাৰী হৈ আমিও আহিছোঁ নহয় জানো আমিও ছোৱালী আছিলোঁ।আমিও কাপোৰ পিন্ধিছিলো কিন্তু এনেকুৱা নাছিল।এইয়া কি যুগৰ পৰিৱৰ্তন মই নাজানো ।চুটি কাপোৰ পিন্ধাটো পাপ নহয়।ভুল নহয় কোনো,কিন্তু শৰীৰটো কাপোৰেৰে আৱৰি ৰখাটো আমাৰ দায়িত্ব।এইবোৰ মুঠেও ভাল নাপাও মোৰ ভাৱনা ভুল হ'ব পাৰে সেয়া মই নাজানোঁ।মানুহবোৰ লাহে সাজ পোছাকত আদিম যুগলৈ গতি কৰা যেন হে লাগে।
আপুনি কি ভাৱে?
এৰা তাকেই কিন্তু কাক কি কম।
আপুনি আহি থাকিবচোন মাজে মাজে দুআষাৰ কথা ক'বলৈ লগ লাগে।আপুনিওটো অকলশৰীয়া।
পুত্ৰ-বোৱাৰী বাহিৰতে থাকে বিশালকায় ঘৰটোত অকলেই কি কৰিবা।
শশীবালা গ'ল গৈ।নিৰুপ্ৰভা চোফা খনতে বহি ৰ'ল।

শশীবালা সদায় আহি থকাহেঁতেন.....

বাহিৰত গাড়ীৰ শব্দ।খুটি হিলৰ খট্ খট্ শব্দ নিৰুপ্ৰভাৰ কাণত পৰিল।
প্লাবিতাই পিন্ধা চোলাটোৱে নিৰুপ্ৰভাৰ বুকুত আকৌ এবাৰ বিন্ধিলে।হুলেৰে হানি-খুঁচি মাৰিলেও চাগে ইমান কষ্ট নাপায় যিমান চুটি কাপোৰ পিন্ধিলে নিৰুপ্ৰভাই পায়।
নাই তথাপিও সলনি হোৱাৰ নাম লোৱাই নাই এতিয়ালৈ।
সন্ধিয়া নামি আহিলেই নিৰুপ্ৰভাই চাকি এগছি জ্বলাই দিয়ে।পিছে আজিকালি এই কাম প্লাবিতাই কৰে,অবিনাশেও কয়।হওঁতে প্ৰভাৰ বুকুখনি শাঁত পৰে অলপ।
বুজিছা বোৱাৰী চাকি-বন্তি দিলে মনটো প্ৰফুল্ল প্ৰফুল্ল লাগে।তুমি যে চাকিগচ দিছা সন্তোষ পালোঁ বৰ।
মনত ভক্তিভাৱ থাকিলেই হয় মাঁ।
  প্লাবিতাই বিশেষ কথা নকয়।আচলতে তাই প্ৰয়োজনবোধ নকৰে ইমান কথা কোৱাৰ।চুটি ড্ৰেচ পিন্ধে সঁচা,ডাঙৰকৈ ফোটটো নলগায় ,চুলিকোচা খোপাকৰি বান্ধি নথয়।কিন্তু তাই ভাল।বেয়াবোৰক প্ৰশ্ৰয় নিদিয়ে সৰুৰ পৰাই কেৰাটে শিকা ,কোনোবাই জোকাই ল'লে আগতে ঘোচা লগাই দিছিল ।এতিয়া পিছে তেনে নকৰে।তথাপিও লাগি ল'লে সোধাই নেৰে কাকো।

ওচৰৰেই অট্টালিকাটোৰ পৰা এটা চিঞৰ ভাঁহি আহিল।কোনোবা অসহায় নাৰীৰ চিঞৰ।হয় এইয়া কোনোবা নাৰীৰ হিয়াভগা কান্দোন।স্বামীহাৰা হৈ এগৰাকী নাৰীয়ে দেহৰ সমস্ত শক্তিৰে স্থিৰে থাকিব লৈয়ো ওলাই অহা কান্দোনৰ দৰে।কান্দোনটো অহাৰ দিশে কাণ পাতি জানিবলৈ চেষ্টা কৰিছে নিৰুপ্ৰভাই।উচপিচ লগাইছে মনে।ৰূমটোত পায়চাৰী কৰি ঘূৰি ফুৰিছে।ঠিক তেনে সময়তেই প্লাবিতাই ভাত খাবলৈ মাতে।
ভাতৰ গৰাহত হাত দিও ভাতকেইটা খাব পৰা নাই।
মা ভাত খোৱা নাই যে?
নাই বাবা ভোকেই নাইচোন ।জানোঁ...
ভিতৰি শোকে খুন্দা মাৰি ধৰে নিৰুপ্ৰভাৰ।কান্দোনৰ প্ৰতি হে মনটো।কান্দোনটো এতিয়াও কমাই নাই।এইকথাবোৰৰ প্ৰতি পুত্ৰ বোৱাৰীৰ কাণষাৰ নাই অৱশ্যে।
ভাতৰ পাতৰ পৰা উঠি বেচিনত মুখ হাত ধুই নিৰুপ্ৰভা কোঠাটোলৈ আহে।আনদিনা হোৱা হলে কাঁহি -বাতি খিনি বোৱাৰীয়েকক হ'ব দিয়া ময়ে ধুও বুলি কৈ ধুই থলে হয়।পিছে আজি মন নাই।দেহত যেন শক্তি নোহোৱা হৈ আহিছে। টিভি টো অন কৰি নিউজ চেনেল এটাত দিয়ে ,ছোৱালী জনী দেখি নিৰুপ্ৰভাৰ অন্তৰখনে হাহাকাৰ কৰি উঠে।সেই ছোৱালী জনীয়েই ধৰ্ষণৰ বলি ব্যস্ত ৰাজপথত কঁকালৰ অংশ চেপা খাই থকা চুটি ড্ৰেছ পৰিহিতা তাই।কিন্তু কেনেকৈ?নিৰুপ্ৰভাৰ মগজুত কেইবাটাও প্ৰশ্নই খেলা কৰে।এই ক্ৰন্দন ......

কান্দোনটো ইতিমধ্যে কমি আহিছে।নিৰুপ্ৰভাই চকু দুটা যোৰ কৰি জপাবলৈ চেষ্টা কৰে।

শশীবালাই বিশাল অট্টালিকাটোত সোমাই সোমাই বিৰক্তি অনুভৱ কৰিছে।পুত্ৰ থাকিও অকলশৰীয়া।
ঃচিন্তা নকৰিবা মাঁ টকাৰ কাৰণে।মই পঠিয়াই থাকিম সময়ে সময়ে।পুতুকণে বজাৰ সমাৰ কৰি দিবই।
কেচুৱাৰ পৰা কোলাত লৈ ডাঙৰ কৰি পুত্ৰছায়াত শেষকাল জিৰণি ল'বলৈ পোৱাৰ আশাকণ হেৰুৱাই পেলোৱাৰ উপক্ৰম লাহে লাহে শশীবালাৰ।শশীবালাৰ কান্দোন কোনেও নুশুনে পকী বেৰত খুন্দা খাই ৰয় কেৱল।এক প্ৰচণ্ড বিষৰ অনুভৱ কৰিব লয়।নিৰুপ্ৰভাতকৈয়ো বহুগুণে বেছি।
প্লাবিতাৰ চকুত টোপনি নাই।ইকাটি-সিকাটি কৰি আছে বিচনাখনতেই নাই চকুত টোপনি নাই।
চুটি কাপোৰ সলাই আৱৰি ৰখা কাপোৰ পিন্ধিব লাগিব।সেয়াই উচিত। চুটি কাপোৰ পিন্ধাটো পাপ নহয়,তথাপিও শৰীৰটো ঢাকি ৰখাই ভাল হয়।কুকুৰবোৰে উদং বুকুলৈ জপিয়ায়। তাইৰ সহকৰ্মীয়েও চুটি কাপোৰ পিন্ধে।শাহু মায়ে ঠিকেই কয়।আজি প্ৰনৱে কোৱা কথাকেইষাৰে তাইৰ কাণ দুখন গৰম কৰি পেলায়।
এই চাচোন শ্যামলীৰ উৰু......
উফ্ অসহ্য চকুৰ চাৱনি ,কথাৰ ধৰণ।
অসহ্য প্লাবিতাই চিঞৰি উঠে।
প্লাবি কি হৈছে
ঃনাই একো হোৱা নাই
ঃটোপনি অহা নাই নেকি?
ঃনাই 
ঃকিয়?
ঃমেখেলা-চাদৰ কেইযোৰ মান আনিব লাগিব।
ঃতুমি যে উপলব্ধি কৰিলা।

✍️লভিতা চহৰীয়া।
   

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send