কাৰণ আপুনি মোৰ প্ৰাক্তন প্ৰেমিকা,
মিছেছ বৰুৱা...
কিয়? কিয় মোৰ চকুত আপুনি প্ৰেমাস্পন্দনৰ সপোন আঁকি দিছিল?
কিয় মোৰ বুকুত আপুনি ফাগুনৰ এজাৰ সানি দিছিল?
অহ...,অস্বস্তি লাগে...
শেষ কৰি দিবলৈ মন যায় নিজকে,জানেনে?
মিছেছ বৰুৱা...
জানে, মিছেছ বৰুৱা?
জোনাক হ'ব খোজোঁ জোনাক,
আউসীৰ ক'লা খিনিৰ দৰে পাহৰি যাব খোজোঁ,
আপুনি নামৰ এটি সত্ত্বাক।
এপলমা অনুভৱক বিদায় দিব খোজোঁ,
আপোনাৰ শুভ্ৰুতাক মচি দিব খোজোঁ,
কিন্তু বাৰে বাৰে ব্যৰ্থ হঁও...
কাৰণ আপুনিয়েই ...
মোৰ প্ৰথম আৰু শেষ ভালপোৱা।
আনৰ দৰে প্ৰেমৰ কবিতা
লিখিব নাজানোঁ,জানেনে?
দুখবোৰ পাতলাবলৈ
নৈৰ কাষলৈ গৈ
শিল দুটামান লৈ...
পানীত দলিয়াই থাকিবলৈ,
মই যে একেবাৰে অপ্ৰস্তুত।
আপুনি দেখুওৱা সেই সপোনবোৰ,
দেখিছিলোঁ,জানেনে?
মিছেছ বৰুৱা...
আপোনাৰ কোমল হাতৰ ,
পৰশকণ লৈয়েই কটাইছিলোঁ
কত যে বিনিদ্ৰ নিশা।
কিন্তু ,কেইযোৰমান ব্ৰেনড্ৰেট কাপোৰৰ,
কেইখনমান দামী বাইকৰ...
প্ৰেমত পৰিয়েই ,ধূলিসাৎ কৰি দিলে
এটা নিবিড় সম্পৰ্কক।
প্ৰাক্তন প্ৰেমিক হিচাপে
দিবলৈ মোৰ একো নাই...
কেৱল এটা শব্দ কওঁ তোমাক
চেল্যুট...
অহ, ছ'ৰি...
তুমি নহয় আপুনি।
✍️পুলকেশ বৰুৱা
বহুত ভাল লাগিল পঢ়ি।। আগলৈ আশা কৰিলোঁ।।
ReplyDelete