জীৱনত প্ৰথম লেখা প্ৰকাশৰ দিনটো-মেঘালী বৰুৱা

Unknown
0
২০১৩ চনৰ মঙ্গলবাৰ এটাত নিয়মীয়া বাৰ্তা কাকতত মোৰ প্ৰথম লেখা "মোৰ সুখ দুখ মোৰ দৈনন্দিন" প্ৰকাশ পাইছিল। তেতিয়া মই ছিপাঝাৰ মহাবিদ্যালয়ত অধ্যয়নৰত আছিলো। কলেজলৈ বুলি যাবলৈ লৰা ঢপৰা কৰি থাকোতেই হঠাৎ কাকতখনত চকু পৰিল প্ৰকাশিত মোৰ ফটোসহ লেখাটিৰ ওপৰত।বহুত ভাল লাগিছিল কাৰণ প্ৰথম লিখিছিলো সেয়া আৰু প্ৰকাশো পালে।কাকতখন কলেজলৈ লৈ গৈছিলো আৰু লগৰবোৰক দেখুৱাইছিলো। সকলোৱে মোৰ অনুভৱ খিনি ধুনীয়া হোৱা বুলি কৈছিল। বহুতে আকৌ নাজানি সেইটো কবিতা বুলিও কৈছিল। আচলতে প্ৰকাশ হোৱাৰ পিছত নিজৰ লেখাটো চাই সঁচাকৈয়ে বহুত ভাল লাগে আৰু তেনেকৈয়ে এটাৰ পিছত এটাকৈ বিভিন্ন শিতানত লিখা হ'লো। তাৰ মাজতে কেতিয়াবা আকৌ প্ৰকাশো নাপায়।তেতিয়া স্মাৰ্টফোন নাছিল মোৰ, গতিকে লিখাবোৰ নিজ হাতে লিখি ডাকযোগে পঠিয়াইছিলো। সেয়াও আছিল এক সুকীয়া মাদকতা। পঢ়ি থকা বাবে ফোন নাম্বাৰ দিয়া নাছিলোঁ গতিকে  কাৰো লগত বিশেষ চিনাকি নাছিল যদিও বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লিখনি আৰু নামবোৰৰ সৈতেই চিনাকি হৈ গৈছিল। তাৰপিছতো এৰা ধৰাকৈ বৰ্তমানেও লিখি আছো।লাহে লাহে ফোন নাম্বাৰ কাকতত প্ৰকাশ কৰা হ'লো। লিখাবোৰ ভাল পালে বিভিন্নজনে ফোন কৰি লিখিবলৈ প্ৰেৰণা দিয়ে। কিবা ভুল হ'লেও জ্যেষ্ঠজনে শুধৰাই দিয়া কথাটো মোৰ  ভাল লাগে। ময়ো সেইকাৰনে কমকৈ লিখো কিন্তু লিখাবোৰ যথাসম্ভৱ চুটি আৰু ভাল কৰিব যত্ন কৰোঁ।
     যিয়েই নহওঁক লিখা মেলাৰ জৰিয়তেও এখন বৃহৎ সমাজৰ লগত চিনাকি হ'ব পাৰি। নজনাতো জানিব আৰু শিকিব পাৰি। নিজৰ মনৰ ইচ্ছাতকৈয়ো যেতিয়া কাৰোবাৰ পৰা উৎসাহ উদ্দীপনা পাওঁ তেতিয়াই লিখিবলৈ অধিক হেঁপাহ জাগে আৰু ক'ব নোৱাৰাকৈয়ে কলমটোৰ প্ৰতি এক নিচা হৈ পৰে।

✍️মেঘালী বৰুৱা
     হাজৰিকাপাৰা, দৰং.

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)