এই পৃথিৱী- হুমায়ুন কবীৰ

Aditi Tanti
0
সেউজীয়া এই পৃথিৱী
লুভীয়া এই পৃথিৱী
নাই কাৰোৰ বাবে কাৰো সময়
নাই কাৰো বাবে কাৰো মানৱতা
সকলোৱে মাথোঁ চিনি পায়
টকা-পইচা আৰু জনপ্ৰিয়তা
কোনোফালে যদি ধৰ্ষণ
কোনোফালে আকৌ ৰাজনীতি
কোনোফালে আকৌ জাতি-মাটিক লৈ কাজিয়া
কোনোফালে আকৌ মিছা অপবাদ
চাৰিওফালে কেৱল অন্যায় কামত লিপ্ত এই পৃথিৱী
পূৰ্বপুৰুষে গঢ়ি থৈ যোৱা
পৃথিৱীখন যেন আৰু নাই
চাৰিওফালে কেৱল হাহাকাৰ
নুবুজে কোনেও মানৱতা
মানৱতা যেন এতিয়া ধোঁৱা চাঙত ।

     

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)