প্ৰবঞ্চনাৰ এক
দীঘলীয়া পৰিক্ৰমাত
তোমাক টানি নি থকা হৈছে
সুপৰিকল্পিতভাৱে৷
তোমাক নিঃশেষ কৰা হ’ব
তোমাৰ অজানিতে,
সময় যেতিয়া নাথাকিব
তোমাৰ পক্ষত
তেতিয়াই তোমাক
গতিয়াই দিয়া হ’ব আন্ধাৰ পথত৷
তুমি চক্ৰান্তবোৰ
বুজি নোপোৱাই স্বাভাৱিক,
পাৰা যদি সলনি কৰা পথ
পাৰা যদি উদাৰ নহ’বা
পাৰা যদি উভতি নাচাবা
পাৰা যদি ভীষণ আৱেগিক নহ’বা
পাৰা যদি
নিজৰ বাবেই নিজক গঢ়া...
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ