ঔষধি গুণেৰে পৰিপূর্ণ একুৰি দহ বিধ শাক-পাচলি-চিন্ময় ডেকা

Unknown
0
অসমীয়া লোকসংস্কৃতিৰ বছৰ বছৰ ধৰি চলি অহা জনবিশ্বাসৰ বৰ্তমান সময়ত বৈজ্ঞানিক ভেটি সুদৃঢ়। ভিন্ন জাতি-জনগোষ্ঠীৰ লোককলা, আচাৰ-ব্যৱহাৰ, পৰম্পৰাগত খাদ্য প্ৰণালীত নিজা কৃষ্টি-সংস্কৃতিৰে মিলি বৃহৎ অসমীয়া সংস্কৃতি। অৰ্থাৎ জাতি, বৰ্ণ, ধৰ্ম, নিৰ্বিশেষে এক মিলনৰ স্থলী। স্বাস্থ্য সুৰক্ষাৰ বাবে অতীজৰে পৰাই অথচ্ বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনৰে পৰাই অসমৰ লোক সংস্কৃতিত বিভিন্ন প্ৰকাৰৰ শাক-পাচলি, গছ-বন, অসুখৰ বাবে প্ৰামাণিক বন দৰৱ আদি ব্যৱহাৰ হৈ আহিছে। এইসমূহ পৰম্পৰাগত ভাৱে খাদ্য পৰিপুষ্টি আৰু ঔষধি গুণেৰে ভৰপূৰ। বিশেষকৈ প্ৰচলিত লোকবিশ্বাস অনুসৰি তথা বৈজ্ঞানিক দৃষ্টিভংগীয়ে সোঁৱৰাই দিছে,  কিছুমান শাক-পাচলি, ফল-মূল খাই নানা ধৰণৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰি, আয়ুস বৃদ্ধি লগতে ভিন্ন বেমাৰৰ পৰা মুক্ত থাকি সুস্বাস্থ্যৰ অধিকাৰী হ'বলৈ পাৰি। এনে ঔষধি গুণাগুণ যুক্ত শাক পাচলি আমাৰ শৰীৰৰ বাবে অতিকৈ প্ৰয়োজনীয়।

(১) ভেদাইলতা:- শৰীৰত যথেষ্ট পৰিমাণে শক্তি প্ৰদান কৰে। গাৰ বিষ, লিভাৰ সক্ৰিয়, বাত বিষ, মহিলা প্ৰসূতিৰ বাবে অতিকৈ উপকাৰি। 
(২) নৰসিংহ:- কুকৰীকণা আৰু চকুৰ ৰোগ নিৰাময় কৰে। পেটৰ ৰোগ প্ৰতিৰোধ ক্ষমতা লাঘব কৰে।
(৩) মানিমুনি:- শৰীৰৰ গ্ৰহণী ৰোগ, পেট চলা ৰোগ, উচ্চ ৰক্তচাপ হ্ৰাস, স্নায়ু সৱল কৰি তোলে।
(৪) পদিনা:- দেহৰ লিভাৰৰ বাবে হিতকৰ, হিম'গ্লবিন বঢ়াই, অম্ল নাশক দূষিত পদাৰ্থ শৰীৰৰ পৰা বাহিৰ কৰে।
(৫) পাতেগজা বা দুপৰটেঙা:- গল ব্লাডাৰ, প্ৰস্ৰাৱ স্থলী আৰু মুত্ৰনলীৰ পাথৰ বাহিৰ কৰে, জণ্ডিচ ৰোগ নিৰাময় কৰে।
(৬) শেৱালি ফুল:- মেলেৰিয়া ৰোগ নিৰাময় নাশক, কৃমি আৰু শৰীৰৰ কৃত্ৰিম বাত- বিষ নাশক।
(৭) লাজুকী বন:- শৰীৰৰ ৰক্তস্ৰাৱ ৰোধ কৰে, গা- গছ তথা শিপাই উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে, আৰু বীজাণু সমূহ সংক্ৰমণৰ পৰা নিৰোগী কৰে।
(৮) মৰিচা শাক:- শৰীৰৰ হাড়, দাতঁ মজবুত কৰাত সহায় কৰে।
(৯) মহানিম পাত:- মেলেৰিয়া প্ৰতিৰোধক, তেজ পৰিষ্কাৰ,  বীজাণু আৰু কীট নাশক, বহুমূত্ৰ ৰোগ নিয়ন্ত্ৰণত সহায় কৰে।
(১০) চজিনা:- চকুৰ বিভিন্ন ৰোগ প্ৰতিষেধক হিচাপে শক্তি যোগায়। বাত বিষৰ বাবে উপকাৰি।
(১১) অমিতা:- হজম শক্তি বঢ়াই। পকা অমিতাই দৃষ্টিশক্তি বঢ়াই আৰু শৰীৰৰ ছাল সমূহ নিমজ কৰি ৰাখে।
(১২) কাচকল:- গ্ৰহণী, ডায়েৰীয়া, ৰোগ নিৰাময় কৰে। তেজত হিম'গ্লবিনৰ পৰিমান বৃদ্ধি কৰে, হাড় আৰু দেহৰ গঠন শক্তিশালী কৰে।
(১৩) খুটুৰা শাক:- ই শৰীৰৰ বাবে ৰুচিকৰ আৰু পুষ্টিকৰ। হজম শক্তি বঢ়াই,  তেজত হিম'গ্লবিনৰ পৰিমাণ বৃদ্ধি কৰে।
(১৪) কলমৌ শাক:- মাতৃৰ স্তনৰ দুগ্ধ বৃদ্ধি কৰে, দাঁত আৰু হাড় মজবুত কৰাত সহায় কৰে।
(১৫) কোমোৰা:- স্মৰণ শক্তি বঢ়াই,  স্নায়ু সৱল কৰে। মৃগী ৰোগৰ প্ৰতিষেধক ।
(১৬) দোৰোণ শাক:- হজম শক্তি বৃদ্ধি কৰে। ঘাঁ শুকুৱাই,  খৰ, বেচু নিৰাময় কৰে। ই পুষ্টিকৰ লগতে কৃমি নাশক ।
(১৮) তিয়ঁহ:- শৰীৰ শীতল কৰি ৰাখে। পেটত জোক সোমালে তিয়ঁহ খালে বাহিৰ ওলাই, লগতে চকুৰ উজ্জ্বলতা বঢ়োৱাৰ সহায় কৰে।
(১৯) পানী টেঙেচি:- বায়ু,পিত্ত আৰু কফ নিৰাময় কৰে। শৰীৰৰ বাবে ভোগ লগাই আৰু নিদ্ৰা কাৰক ৰূপে প্ৰতিকাৰ কৰে।
(২০) তেতেলি:- উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে,  ছাল নিমজ কৰে, গ্ৰহণী ৰোগীৰ বাবে সুপথ্য।
(২১) বেঙেনা:- ৰক্তাল্পতা দূৰ কৰে, চকুৰ ৰোগৰ প্ৰতিষেধক।
(২২) পিঁয়াজৰ পাত:- প্ৰজনন শক্তি বঢ়াই। নিদ্ৰা কাৰক।
(২৩) চেলেচি শাক:- খাদ্য হজম কৰাত সহায় কৰে। স্নায়ু সৱল ,স্মৰণ শক্তি বঢ়াই।
(২৪) সৰ্পগন্ধা:- উচ্চ ৰক্তচাপ নিয়ন্ত্ৰক। মানসিক ৰোগীৰ বাবে উপকাৰি, ইয়াৰ পাতৰ ৰস সেৱন কৰিলে নিদ্ৰাহীনতা দূৰ কৰে। সৰ্প বিষনাশক।
(২৫) নহৰুপাত:- উচ্চ ৰক্তচাপ নিয়ন্ত্ৰক।
(২৬) আমলখি:- জণ্ডিচৰ মহৌষধি স্বৰূপ। পেটৰ সকলো ধৰণৰ ৰোগ নিৰাময় কৰে।
(২৭) পচলা:- ৰক্তবৰ্ধক। খাদ্যনলী পৰিষ্কাৰ কৰি ৰাখে, যক্ষ্মা ৰোগৰ প্ৰতিষেধক।
(২৮) কাঠফুলা:- ৰক্তবৰ্ধক, উচ্চ ৰক্তচাপ, বহুমূত্ৰ ৰোগীৰ বাবে হিতকৰ। স্মৰণ শক্তি বৰ্ধক, স্নায়ু সবল কাৰক।
(২৯) সৰিয়হ শাক:- কুকৰীকণা ৰোগ প্ৰতিৰোধক। শুক্ৰবৰ্ধক।
(৩০) মহাভৃংগৰাজ:- অকালতে চুলি পকা ৰোধ কৰে। চুলি ক'লা ,দাগ নিৰাময় কৰে। পেটৰ ৰোগৰ বাবে অতিকে উপকাৰি। লিভাৰত শক্তি বঢ়াই,  পাতৰ ৰসে পেটৰ কৃমি নাশ কৰে, লগতে মহিলাৰ যোনিৰ ৰক্তস্ৰাৱ ৰোধ প্ৰতিষেধক হিচাপে কাম কৰে।

সুস্বাস্থ্যৰ অতুত ৰাখিবলৈ হ'লে সৰ্বোতপ্ৰকাৰৰ শাক- পাচলি আমাৰ শৰীৰৰ বাবে অতিকে উপকাৰি। ই- ভিন্ন ৰোগ নিৰাময় কৰাৰ লগতে শৰীৰৰটো সৰ্বাংগীন সুন্দৰ সুঠাম কৰি ৰখাত সহায়তা প্ৰদান কৰে।


✍️চিন্ময় ডেকা,টংলা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)