কাতি বিহু আৰু তুলসী-ভাৰতী গগৈ বৰুৱা

  " তুলসীৰ তলে তলে মৃগ পহু  চৰে ,
 তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে " বুলি সৰুতে  তুলসী  তলত ধূপ -চাকি জ্বলাই মাহ-প্ৰসাদৰ শৰাই দি ভাই ভনী,ওচৰৰ ল'ৰা-ছোৱালী  সকলোৱে গোট খাই   একেলগে চিঞৰি চিঞৰি  গাইছিলোঁ। এঘৰত শেষ হ'লে  আন এঘৰত  গাবলৈ যাবলৈ  সকলোৰে উথপথপ   লাগিছিল। তুলসীৰ পুলি এটা   ৰুই তাৰ ভেঁটিটো সুন্দৰকৈ  সজাই তুলিবলৈ কাৰ যে  কিমান প্ৰচেষ্টা! যিয়ে    যেনেকৈ পাৰে লাগ -ভাগি  সজোৱাত ব্যস্ত হৈ পৰিছিল।

                   তুলসী  ঔষধি  গুণযুক্ত  এবিধ গছ। বিভিন্ন  পুৰাণত সুগন্ধি তুলসীক  সীতাস্বৰূপা,লক্ষ্মীস্বৰূপা  ,  বিষ্ণুপ্ৰিয়া, কল্যাণী নামেৰে  আখ্যা দিছে। জ্বৰ,কাহ, পানীলগা, বসন্ত  আদি    ৰোগত  তুলসীৰ পাত , ৰস,বীজ ঔষধৰূপে     ব্যৱহাৰ কৰা হয়। ইয়াৰ   পাতৰ ৰস বিশেষকৈ কৃমি,  পেলু আৰু বায়ুনাশক হিচাপে   প্ৰয়োগ কৰা হয়। 
তুলসীৰ  ভাগ--

ৰাম তুলসী,কৃষ্ণ বা কলীয়া  তুলসী,শ্বেত তুলসী আৰু বন   তুলসী।বাংলাদেশ আৰু   ভাৰতৰ  বিভিন্ন স্থানত   তুলসী গছ পোৱা যায়।   তুলসীক সকলোৱে পবিত্ৰ   গছৰূপে গণ্য  কৰে। দৰদী  কণ্ঠশিল্পী চাৰু গোহাঁয়ে   গোৱা এই গীতটিলৈ এই   সময়ত মনত পৰিছে ---" মোৰ তুলসীৰ তলত জ্বলাবা  এগছি  চাকি / মোৰেই বুকুৰ   মাজত উজাগৰে ৰ'বা ৰাতি /তোমাৰ  সপোন  ইমান আপোন ......।"

                  অসমীয়া মানুহৰ  তিনিটা বিহুৰ অন্যতম কাতি   বিহু। কাতি বিহুক  কঙালী,  আন দুটা বিহুৰ মাঘ বিহুক ভোগালী আৰু ব'হাগ বিহুক ৰঙালী বিহু বোলা হয়। ব'হাগ বিহু কৃষি কাৰ্য কৰাৰ আগতে, মাঘ  বিহু কৃষি কাৰ্য সমাপ্তি হোৱাৰ পাছত আৰু  কাতি  বিহু দুয়োটা বিহুৰ মাজত অনুষ্ঠিত হয়। অৰ্থাৎ পথাৰ সেউজীয়া হৈ সঁজাল ধৰি গেঁৰ মেলা সময়ত। কৃষকৰ সেউজীয়া পথাৰ পোকে খাই যাতে নষ্ট কৰিব নোৱাৰে  তাৰ বাবে কৃষকৰ চিন্তা। বিহুৰ দিনা পথাৰলৈ গৈ নিৰীক্ষণ কৰে। সেইদিনা লক্ষ্মী দেৱীক  আগমনৰ বাবে যেন   আৰাধনা কৰা হয় যাতে  কৃষকৰ শস্যৰ পথাৰ নদন-বদন হৈ সময়ত ভঁৰাল  উপচি পৰে । 

                    আহিন মাহৰ   শেষৰ দিনা অৰ্থাৎ আহিন  আৰু কাতি মাহৰ সংক্ৰান্তিৰ    দিনা কাতি বিহু পালন কৰা হয়। কাতি বিহুৰ দিনা সন্ধিয়া তুলসীৰ তলত চাকি  জ্বলোৱাৰ লগতে  ভঁৰাল ,  পদূলি,বাৰী, পথাৰ আদিত    চাকি জ্বলোৱা হয় ।ওখ বাঁহ   পুতি আকাশ বন্তি  জ্বলায়। পোহৰ দেখি পোক -পৰুৱাই  শস্য নষ্ট কৰিব যাতে নোৱাৰে    তাৰ বাবে এই প্ৰচেষ্টা  । কাতিৰ কুঁৱলী, কঁহুৱা,  তুলসী,শেৱালিৰ সুগন্ধ,  চাকি,আকাশ বন্তি, শৰতৰ   নিৰ্মল আকাশ, ফৰিংফুটা  জোনাক ,শুকুলা ডাৱৰ আদি     কাতি বিহুৰ সময়ৰ চিনাকি  পৰিৱেশ। ভাৰতৰ এজন   অন্যতম শ্ৰেষ্ঠ সাংসদ , সাহিত্যিক, শিক্ষাবিদ হেম   বৰুৱাৰ .....মমতাৰ  চিঠি  ....কবিতাটোৰ   একাংশলৈ এইখিনিতে মনত পৰিছে ... " সিদিনা আছিল কাতিৰ কুঁৱলী সনা এটা কোমল পুৱা /পদূলিত তল সৰা শেৱালিবোৰ  উপচি   আছিল। "

                  কাতি বিহুৰ  সময়ত কৃষকৰ ভঁৰাল মাঘ   বিহুৰ দৰে উভৈনদী হৈ   নাথাকে। মাঘ বিহু সঁচাকৈয়ে  ভোগালী। কৃষকৰ শস্য  চপোৱাৰ অন্তত মাঘ বিহুৰ  উৰুকাৰ নিশা ৰং-আনন্দেৰে   লগে -ভাগে এসাঁজ খোৱা  হয়। ৰাতিপুৱা মেজি জ্বলায় । ভোগৰ উৎসৱ ভোগালীৰ   যেন অন্ত নহয়। বাৰী-ঘৰ     শস্য - মৎস্যৰে উভৈনদী হৈ  পৰে বাবে সকলো ফালৰ   পৰাই  সুবিধা হয়। ভোগৰ  উৎসৱ ভোগালী হোৱাৰ  দৰে   ৰঙৰ উৎসৱ ৰঙালী বিহু  ।    চাৰিওফালে  বসন্তৰ পৰশত   গছে -বনে কুঁহিপাত ,কপৌ , কেতেকী,নাহৰ ,তগৰৰ  আমোলমোল সুবাস  । ঢুলীয়াৰ ঢোলৰ চেওত,  পেঁপাৰ মাতত বিহুৱা-নাচনীৰ  বিহু মৰা আনন্দৰ মাজত  সকলো ৰঙিয়াল হৈ পৰে;    কিন্তু কাতিবিহুৰ সময়ত    সেই আনন্দ-উল্লাহ দেখা   পোৱা নাযায়।এফালে    প্ৰদূষিত পৰিৱেশ, বজাৰত  বয়বস্তুৰ অত্যাধিক দাম, ভঁৰালত শস্যৰ নাটনি।    অন্যহাতে বানে ধুই নিয়া   পথাৰত কাঁচি লগাবলৈ   উপায় নোহোৱা বাবে বহুত  কৃষকৰ ভোগালীৰ বতৰতেই    কঙালী হৈ পৰে।কাতি বিহুৰ  সময়ত পূৰ্বৰ মাদকতা   নাথাকে। কেৱল কোনো   কোনো সংবাদ মাধ্যমেহে   কাতি বিহুৰ কঙালী   নোহোৱা কৰি ৰঙালী,  ভোগালীৰ দৰে উৎসৱমুখৰ   কৰি তুলিব খোজে।যি কি   নহওঁক কাতি বিহুৰ এক   সুকীয়া বৈশিষ্ট্য  আছে  ।  কৃষিজীৱী সমাজৰ নিজস্ব   পৰম্পৰাৰে এই বিহু পালন কৰি অহা হৈছে ।

✍️ভাৰতী গগৈ বৰুৱা ,ধেমাজি

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send