প্ৰতিটো ঋতুৱে বাগৰ সলোৱাৰ দৰেই
সময়ৰ অনুভৱবোৰ..
তাত সীমাহিত নৈহৈছিল।
প্ৰতিটো অনুভৱ শব্দৰ নাছিল..
সেয়ে লিখা নৈহৈছিল,
জানিছিলো নিশব্দতাক বুজিব কোনোবাই
সেয়ে অনুভৱবোৰ বুকুতে ৰাখিছিলো।
সময় বাগৰিছিল
সঠিক সময়ো আহিছিল,
কোনোবা আহি মোৰ কাষৰত বহিছিল
নিৰৱতা ভাঙিছিল!
মই মূৰ তুলি চাইছিলো..
তেওঁ মোৰ দুচকু পঢ়িছিল।
হঠাৎ মোৰ চকুকেইটা জাপ খাইছিল
লগে লগে তেওঁৱো শব্দ হেৰুৱাইছিল,
মই নজনাকৈয়েই মোক
তেওঁ সাৱতি ধৰিছিল,কৈছিল..
"শব্দহীনতাৰ দৰে নিঃশেষ হৈ নাযাবা,
শশব্দ হৈ থাকিবা,
মোৰ হৈ থাকিবা।"
আৰু মইওঁ তেওঁৰ হৈ সহাঁৰি জনাইছিলো..
কাৰণ তেওঁ মোৰেই আছিল।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ