ঢকুৱাখনা-পুলকেশ বৰুৱা

Unknown
0
নিয়তিয়ে বোৱাই অনা,এচাম জনসূঁতৰ
সাৱলীল গাঠা ,ঢকুৱাখনা।
নঙঠা কঁকালৰ,ঘমা পিঠিৰ
সেউজী দলিচা ,ঢকুৱাখনা।
নবচা ধৰ্মৰ,তাঁতিশালত বোৱা
ফুলাম গামোচা,ঢকুৱাখনা।
সোণালী সোৱগা,মুগাৰে মহুৰা
অতীত ৰঞ্জিত গুণমালা,ঢকুৱাখনা।
কৃষ্টিৰ বতৰা, সংস্কৃতিক আদৰা
ব'হাগীক ৰখোৱা,ঢেঁকীৰ থোৰা,ঢকুৱাখনা।
সেউজীক সাৱতা, আজীৱন নিছিগা,
পাতৰ সূতাৰ ৰিহা,ঢকুৱাখনা।
ধানৰে ডাঙৰী,পথাৰৰ লখিমি
ধৰি ৰখা যুৰীয়া ভঁৰাল,ঢকুৱাখনা।
হাৰ্হি নৰোৱা, বাসুদেৱ, গৰখীয়া
মোমিনৰ জামে মছজিদ,
ঈশ্বৰৰ গীৰ্জা ঘৰ, আৰু নো যত যি
বান্ধোনৰ জৰী,ঢকুৱাখনা।
চাৰিকড়ীয়াৰ দুয়োপাৰ,
কঢ়া নৈৰ গভীৰ খাল
লুইতেও বাহু মেলি দিয়া,
পূবৰে ৰান্ধনি বেলিক
ধৰিবলে হাত মেলা,
জননী মোৰ ,ঢকুৱাখনা।


                ✍️ পুলকেশ বৰুৱা, দশম শ্ৰেণী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)