গোছ ৰোৱা বা গোছা দিয়া উৎসৱ-সবিতা দাস

অসমীয়া সাহিত্যৰ চানেকি
0
 অসমত প্রচলিত ঋতুকালীন উৎসৱসমূহৰ ভিতৰত গোছ ৰোৱা উৎসৱ অন্যতম, যাক দক্ষিণ কামৰূপত গোছা দিয়া বুলি কোৱা হয় । কৃষিৰ লগত জড়িত বাবে এই উৎসৱক  কৃষি উৎসৱ আৰু উৰ্বৰতাৰ উৎসৱ বুলিও কোৱা হয় । ভূঁই ৰোৱাৰ আৰম্ভণি দিনটোত গোছ ৰোৱা উৎসৱ উদযাপন কৰা হয় ।

                      এই দিনটোত বিশেষকৈ ঘৰৰ পুৰুষ এজনে  ডিঙিত গামোচা এখন  লৈ, আলিৰ মূৰত এখন আগলতি কলপাতত ধূপ- চাকি জ্বলাই  কলাকচুৰ(দুধকচু) পুলি আৰু বাঁহৰ ছাট(বাঁহৰ আগলি ) পুতি দিয়ে । তাৰপিছত " গুৰুত লগাম,গোসাঁইত লগাম,বাৰ ভকতক খুৱাম" বা "খোজনীয়া -মগনীয়া, অতিথি, চৰাই চিৰিকটিয়ে খাব পৰাকৈ ভঁড়াল উপচি পৰক" বুলি আই লখিমীক সেৱা জনাই সাতটা বা পাঁচটা গোছা ৰুই দিয়ে । এই কামখিনি হোৱাৰ পিছতেই ৰোৱনীয়ে ভূঁই ৰোৱা আৰম্ভ কৰে ।

                     গোছ ৰোৱা উৎসৱ উপলক্ষে সেইদিনা ভঁড়াল ঘৰত এখনি শৰাই (নৈবদ্য) আগবঢ়োৱা হয় আৰু হালোৱা -ৰোৱনীক খাবলৈ দিয়া হয় । এই দিনটোত দুপৰীয়া ভাতৰ লগত কলাকচু (দুধকচু) খোৱাটো নিয়ম । গোছ ৰোৱাৰ দিনা নিৰামিষ আহাৰ খোৱা হয় । 

                    গোছ ৰোৱা উৎসৱ বৰ্ষাকালীন উৎসৱ  আৰু এই উৎসৱ বাও বা শালি ধান ৰোৱাৰ সময়ত পালন কৰা হয় । বেলেগ ধান যেনে-আহু আৰু বড়োধান ৰোৱাৰ সময়ত এই উৎসৱ পতা নহয় । 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)