জুই জ্বলে কেতিয়াবা
দূৰৈৰ পৰা চাই
বৰ ভাল লাগে
ৰাতিৰ এন্ধাৰ ফালি
জিলিকি উঠা জুইকুৰাই নিৰ্জনতা পুৰি খায়
দূৰৈৰ শুৱনি ৰাতিৰ অগনি
জিল্মিল্ পোহৰৰ খেলা
পিছে সেয়া বোলে
কেৱল দৃষ্টি জুৰোৱা জুই হে
চাব নেপায়
দিন বেয়া হ'লেহে দেখা পায়
কালিকা লগা জুই
দেখিলে গা বেয়া হয়
পুৰণিকলীয়া ধনৰ সমাহাৰ সেয়া
কলহে কলহে পুতি থোৱা
খান্দিব নোৱাৰি
অমংগল হয়
সেইফালে নেযাবি, নেচাবি
গাত লেঠালগা বোৱাৰীয়েকক
আইতাকে কয়
কালিকা লগা ঠাই
সেয়া হেনো ধনগুলৈ ৷
✍️চম্পামণি দিহিঙীয়া মহন্ত
তেজপুৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ