তাহানিৰ কথাবোৰৰ আঁত ধৰি -জিতেন চেতিয়া

অ পমিলা 
পমিলা 
গাটো হেচুকি দিওঁতে খকমকাই উঠি
কথাত উষ্ম সানি
মৰম পমিলাই ক’লে
এইটোৰ পৰা শুৱাৰ সুখ কনো 
আজি হেৰুৱাম ---

মোৰ হাঁহি উঠিল
ভালপোৱা আৱেশত ৷

ভাল আম হৈ 
বকৰাণিত গজিলি
পণ্ডিতৰ বংশত খটাসুৰ হৈ জন্মিলি
সিমান এটা মোৰ বংশ পৰিয়ালৰ ওজন নাছিল
হওকতেওঁ 
খেৰসুঁতী আই দৰে
কথাৰ লাচনিপাচনিত
কাণ চোৱাবলৈ
মোৰ আই আছিল ৷

ধৰ্ষণ অপহৰণ হত্যা হিংসা
শব্দবোৰৰ বহল অৰ্থ
বহুত পলমকৈ 
এতিয়াহে বুজি পাইছোঁ
কিমান নিষ্ঠুৰ হ’লে
এই শব্দবোৰৰ অধিকাৰী হব পাৰে !

আইক তোক ধন্যবাদ জনাইছোঁ
তই মানুহৰ কথা কওঁতে ৰাতিপুৱা চোতালখন যে পৰিস্কাৰ হৈ উঠিছিল ৷

দূৰদৰ্শন কি 
চিনি পাবলৈ বহুত দিন অপেক্ষা কৰা 
মানুহ আমি
নগ্ন বিজ্ঞাপন দেখি
ভোল যাওঁতে 
আমাৰ বয়সে ভাটি দিলে 
তাৰ বাবে সময়ৰ ওচৰত কৃতজ্ঞ ৷

বিচনাত কাষতে ইকাতি হৈ পৰি থকা 
পমিলাক বুকুৰ কাষলতিত শুৱাই
কথাবোৰ কওঁতে জাঙুৰ খাই উঠিল ---

টোপনি ধৰিছে দেই 
আমনি নকৰিবা ৷  

খঙ উঠিলেও উঠক দে 
তোৰ খঙবোৰ বৰ সোৱাদ লগা
চাবলৈকে ভাল
কথাত মিঠাকৈ লেহন সানি
বুকুত সজোৰে সাৱটি 
প্ৰেমবোৰ সাৰপাই উঠক বুলিয়েই কলোঁ ---

অ পমিলা
তোৰ বাৰু মনত পৰেনে
আঁহত জোপাৰ তলত
আমি লগ কৰা 
গোপন মুহূৰ্তৰ ৰোমাঞ্চিত কথা
তই যে চিঠিখন হাতৰ টিপতে গুজি
ঘৰলৈ দৌৰাদৌৰি গৈছিলিগৈ 
আজি বৰকৈ মনত পৰিছে
কিয় নাজানো
ভুল নুবুজিবি
মই এতিয়াও ইণ্টাৰনেটৰ প্ৰেমত পৰা নাই
বিকৃত ৰুচিবোধ সংগ্ৰহ কৰি 
আই পিতাই জহন্নামে নিবলৈ 

অ পমিলা 
তোৰ টোপনি ধৰিছে নেকি
মোৰ কিন্তু ধৰা নাই
তোৰ উঠন বুকুৰ কোমলতাই
পুৰি আছে
ভালপোৱা অনল হৈ 
জীৱনৰ ওৰেটো পথত 
যি পথত আগবাঢ়ি 
আই পিতাই আকাশৰ তৰা হৈ
মোৰ চৌপাশ পোহৰাই

পমিলা
অ পমিলা
মই শুব পৰা নাই
স্তিমিত পোহৰত দেখিবলৈ পাওঁ
অলেখ জিংঘাসু চকুৰ অলেখ নিষ্ঠুৰতা 
সগৰ্ভা পৃথিৱীৰ বক্ষত ৷


✍️জিতেন চেতিয়া 

Post a Comment

Previous Post Next Post