ভোগালী মানুহজনে গোটেই জীৱন নিজেও ভোগ কৰিলে সন্তান দুটিকো অভাৱৰ লগত কোনো পৰিস্থিতিতে চিনাকি হ'বলৈ নিদিলে।সদায় পৰীক্ষাত অনুগ্রহৰ ওপৰত পাছ কৰা দুটি সন্তানক মোটা টকাৰ ঘোচ দি প্ৰায়ভেট কোম্পানিৰ অফিচাৰ বনালে। জীৱনৰ বিয়লিত ৰোগাক্ৰান্ত দেউতাকৰ খবৰ ল'বলৈ সন্তানদ্বয়ৰ সময়ৰ নাটনি। ওচৰ চুবুৰীয়াৰ ফোন যোগে দেউতাকৰ জীৱনৰ অন্তিম মুহূৰ্ত সন্নিকট বুলি জানিও টকা কেইটামান মানি অৰ্ডাৰ কৰি অন্তিম সংস্কাৰ কৰিবলৈ দিহা দিলে আৰু ' সময় পালেই ভেঁটি -মাটি বিক্ৰীৰ টকা খিনি ল'বলৈ আহিম, এতিয়া ব্যস্ত' বুলি ফোন কৰোঁতা দুখীৰামক কৈয়েই মোবাইলৰ চুইছ অফ্ কৰিলে।
দীপিকা দাস সৰকাৰ
যোগাযোগ - ৯৪৩৫৭৫৫৪১৬
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ