সাধাৰণ জ্ঞান

Rinku Rajowar
0
১. নৃত্যৰ দুটা প্ৰধান ভাগ কি? 
উঃ লোক নৃত্য আৰু শাস্ত্ৰীয় নৃত্য।
২. অসমৰ শাস্ত্ৰীয় নৃত্যধাৰাটি কি?
উঃ সত্ৰীয়া নৃত্য।
৩. সত্ৰীয়া নৃত্যই সংগীত নাটক একাডেমীৰ দ্বাৰা কেতিয়া শাস্ত্ৰীয় নৃত্যৰ স্বীকৃতি লাভ কৰে? 
উঃ ২০০০ চনৰ ১৫ নৱেম্বৰ।
৪. অভিনয় কেইপ্ৰকাৰৰ আৰু কি কি? 
উঃ চাৰিপ্ৰকাৰৰ- আংগিক, বাচিক,আহাৰ্য আৰু সাত্ত্বিক।
৫. নৰ্ত্তন কলা কেইপ্ৰকাৰৰ আৰু কি কি? 
উঃ দুইপ্ৰকাৰৰ- তাণ্ডৱ আৰু লাস্য।
৬. সংগীত কেইপ্ৰকাৰৰ আৰু কি কি? 
উঃ দুই প্ৰকাৰৰ- শাস্ত্ৰীয় আৰু দেশী।
৭. অসমৰ দেৱদাসী নৃত্যক কি নামেৰে জনা যায়? 
উঃ নটী নাচ।
৮. সত্ৰীয়া নৃত্যৰ প্ৰৱৰ্তক কোন? 
উঃ শ্ৰীমন্ত শংকৰদেৱ।
৯. সত্ৰীয়া নৃত্যৰ উৎস কি? 
উঃ অংকীয়া নাট।
১০. পঞ্চম বেদ কাক বোলে? 
উঃ ভৰতমুনিৰ নাট্যশাস্ত্ৰ ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)