সঁচাকৈ জীৱনটো যে-অনামিকা বৰগোহাঁই

অসমীয়া সাহিত্যৰ চানেকি
0
অৱসৰপ্ৰাপ্ত বৰুৱাৰ আজি-কালি কোনো কামতেই মন নবহা হ'ল প্ৰতিটো কামেই যেন হতাশা নমাই আনে। পত্নী মালতীয়ে হয়তো এদিন ঠিকেই কৈছিল "চাব আমাৰ সন্তানে এদিন আমাক পাহৰি যাব ৷” সেইবোৰ কথা হৃদয়ত পদাঘাত কৰা একো একোটা ডায়েৰী পৃষ্ঠা। 
          " ঐ বুঢ়া তোৰ পেঞ্চনৰ পইছা দুশ দিবি আৰু শুন ভাত খাবলৈ মন আছে যদি পাচলিৰ বজাৰ কৰি আনিবি.....। "
              "বোৱাৰী মোৰ ওচৰত টকা নাই নহয়। সপ্তাহৰ বজাৰ কৰোতেই সকলো শেষ হ'ল, এতিয়ানো লাগ বুলিলেই টকা দুশ ক'ৰ পৰা দিওঁ। পাচলিৰ বজাৰ কৰিবলৈও মোৰ হাতত টকা নাই।"
             "তই বুঢ়া আমাৰ ওপৰত খাবলৈ জীয়াই আছ'  মৰি নাথাক' কিয় হা, বুঢ়ীজনী মৰিল হাৰামী বুঢ়ী বুঢ়াটোক লগত নিব নোৱাৰিলে, তই বুঢ়া ওলাই যাবি ক'ত যাৱ.... "
             এৰা ঠিকই জীয়াই থাকি বৰুৱাইনো কি কৰিব কাৰ মুখ চাই জীয়াই থাকিব..... নাই অ' চকুপানীয়েও সংগ নিদিয়ে.....। 

এতিয়া চকুৰ আগত ফাঁচীকাঠ........।। 
      

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)