সৰু চহৰখনত হাহাঁকাৰ লাগিল। উপকন্ঠ অঞ্চলত থকা দুগ্ধ উৎপাদনকাৰী ফাৰ্মবিলাকৰ পৰা হোৰাহোৰে গাখীৰ বৈ আহিছে। চাই থাকোঁতেই ৰাস্তা-ঘাট, পদূলি একাঠু গাখীৰেৰে ডুব গ'ল । ক্ৰমান্বয়ে একঁকাল গাখীৰেৰে চহৰখন বুৰ গ'ল। সকলো টিভি চেনেলৰ ব্ৰেকিং নিউজত ব্যস্ত। কেইজনমান ৰিপৰ্টাৰে অনৰ্গল ভাষ্য আগবঢ়োৱাত ব্যস্ত। লংপেন্ট কোচাইলৈ গাখীৰত নামি কেমেৰামেন সহ বাতৰি পৰিৱেশন কৰিয়েই আছে। ৰাইজসকল অভূতপূৰ্ব ঘটনা, গাখীৰৰ বানপানী, ওখ ঠাইত আশ্ৰয় লওক, মাত্ৰ অসম গৌৰৱ চেনেলৰ এক্লুচিভ ব্ৰেকিং নিউজ এনেকৈ একেটা কথাকেই অনৰ্গল কৈয়েই আছে, কিন্তু প্ৰকৃততে কি হৈছে ক'ব পৰা নাই। মানুহবিলাক ভীতগ্ৰস্ত হৈ কিংকৰ্তব্য বিমোৰ হৈ পৰিছে। কোনো কোনোৱে এচ ডি আৰ এফলৈ ফোন কৰিছে। উপায়ুক্তই ৰবৰৰ নাওঁ এখনত বিষয়া কেইজনমানক লগত লৈ আক্ৰান্ত অঞ্চলত ভ্ৰমণ কৰিছে। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ৰাজধানীৰ পৰা হেলিকপ্টাৰেৰে আহি আকাশমাৰ্গৰ পৰা নিৰীক্ষণ কৰিবলৈ আৰম্ভ কৰিছে । কেইজনমান ডেকা ল'ৰাই সাহায্যৰ দাবীত আন্দোলন আৰম্ভ কৰিছে। চাৰিওফালে আৰ্তজনৰ হাহাকাৰ চিঞৰ বাখৰ। লাহে লাহে মোৰ চাপৰ ভেটিত গাখীৰ সোমাই অহাত বিছনাত উঠিলোগৈ। সৰু ল'ৰাটো বিছনাৰ পৰা নামি যাব বিচৰাত থাপ মাৰি হাতত ধৰিবলৈ যাওঁতে বিছনাৰ পৰা তলত পৰিলোঁ। কিলাকুটিত অলপ দুখ পোৱাত ঘপহকৈ সাৰ পাই গ'লোঁ। ছেহ, এইবোৰ কি অদ্ভূত সপোন দেখিলোঁ। শ্ৰীমতীক চাহ একাপ বনাব ক'লোঁ। শ্ৰীমতীয়ে টেঁটু ফালি মাত দিলে ৰঙা চাহ খাব লাগিব, গাখীৰ নাই ।
✍️ড° মৃদুল চন্দ্ৰ শৰ্মা
যোৰহাট
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ