তুমি হয়তাে পাহৰিয়েই পেলাইছা...
এদিন ময়াে যে তােমাৰ প্রেমিক আছিলােঁ...
ময়াে যে তােমাৰ
ভাবনাৰ ভঁৰালত সােমাই
তােমাৰ টোপনি কাঢ়িছিলােঁ...
হয়তাে তুমি পাহৰিয়েই
পেলাইছা...
মােৰ নাম , মােৰ ঠিকনা , মােৰ আকৃতি , অৱয়ৱ !
কিন্তু তুমি পাহৰি পেলালেই
তােমাকো যে পাহৰিব লাগিব
আছে জানাে তেনেকুৱা
ধৰা-বন্ধা ?
যিদিনা তােমাক
আয়তীৰ উৰুলিৰে
উবুৰিয়াই পেলালে...
যিদিনাই তোমাক
হােমৰ ধোঁৱাই চকুলাে টোকালে , জোলোকা-জোলােকে
আর্শীবাদৰ বৰষুণেৰে তােমাক নােৱালে-ধুৱালে ,
সেইদিনাৰ পৰাই মই চকুলােৰ বৰষুণত জুৰুলী-জুপুৰী ,
স্মৃতিৰ বৰষুণত জুৰুলী-জুপুৰী ,
শামুকৰ দৰে নিজ খােলাটোৰ ভিতৰতে সােমাই থাকিলাে
কুৰুকি কুৰুকি ।
তুমি কাষত থাকোঁতে অাবতৰতাে ফুলিছিল কপৌ ,
অাবতৰতাে আহিছিল বহাগ ,
এতিয়া বতৰৰ বহাগাে মােৰ বাবে বিষাদ ।
তুমি শিৰৰ সেঁওতাত
মােৰ কেঁচা কলিজাৰ ৰং
ঘঁহি লােৱাৰ দিনৰে পৰা
মই হেৰুৱাই পেলালাে মােৰ
ঠিকনা ,
হেৰাই থাকিল তােমাৰাে ঠিকনা । কাৰণ ,
সেইদিনাৰ পৰাই তুমি
কাৰােবাৰ নামেৰে পৰিচিত হ’লা ,
কাৰােবাৰ শােৱাপাটীৰ...
মনৰ হাঁচতি পেৰাৰ সাঁচতীয়া ধন হ’লা ,
আৰু...
হ’বা কাৰােবাৰ মা...
ইয়াৰ মাজতে হেৰাই থাকিল
তােমাৰ নিজস্ব সত্তা ।
মােৰ ভাগৰুৱা মনে তােমাতে জিৰণি লৈছিল বাবে
তুমিয়েই আছিলা মােৰ ঘৰ , মােৰ ঠিকনা ।
ময়ােতাে হেৰুৱালাে
তুমি অবিহনে মােৰ ঠিকনা ।
সেয়েহে তুমি গুচি যােৱাৰ
পিছৰে পৰা
মই ভাল পাবলৈ ধৰিছাে
এবুকু ভঙা যন্ত্রণা ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ