"হেৰা প্ৰণামী,কাইলৈ ১৫ আগষ্ট ইহঁতৰতো বিদ্যালয়ৰ পাঠদান বন্ধ থাকিব।ৰাতিপুৱাই সাজু হ'বা। বহুদিন ক'লৈকো যোৱা নাই। ফুৰি-চাকি বাহিৰতে খাই-বৈ গধূলিকৈ ঘৰ সোমাম।" পুত্ৰ সুদৰ্শনে বোৱাৰীয়েকক কৈ থকা কথাখিনিয়ে কোনোবাখিনিত স্বাধীনতা আন্দোলনৰ সাক্ষী বুধীন চমুৱাক কোবাই থৈ গ'ল।স্বাধীনতা দিৱস এতিয়া এটা অঘোষিত বন্ধৰ দিন।
স্বাধীনতায়ে বা এতিয়া ক'ত সুলভ?
শোষণ,দুৰ্নীতি,ভ্ৰষ্টাচাৰ,ভ্ৰাতৃঘাতী খোৱা-কামোৰাত চকুৰ আগতে সকলো জহি-খহি যাবলৈ ধৰিছে।
এইবোৰকে মনৰ মাজতে পাগুলি উদাসমনে চমুৱা বহি থাকিল।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ