কবিতাবোৰ আজিকালি অসম্পূৰ্ণ
তই নোহোৱাৰ অভাৱ চাগৈ
আজি যে মই বৰকৈ অনুভৱ কৰিছোঁ।
কেনেকৈ কওঁ তোক
তোৰ লগত যে মই সম্পূৰ্ণ আছিলোঁ
এতিয়া যে আধৰুৱা।
নিশাবোৰ প্ৰিয় আছিলে
কিন্তু আজিকালি চোন
উজাগৰী হৈয়ে ৰয়।
সম্পূৰ্ণ আৰু অসম্পূৰ্ণৰ
পাৰ্থক্যটো যেন এতিয়া বুজিছোঁ
তই থাকোঁতে আধৰুৱা হৈও মই সম্পূৰ্ণ আছিলোঁ
এতিয়া সম্পূৰ্ণ হৈও আধৰুৱা।
তোৰেই প্ৰভাৱ নহয় জানো এয়া
যি তই নোহোৱা হোৱাৰ পিছতো
তোৰ ৰঙত ৰাঙলী হ'বলৈ
মই বাধ্য হওঁ।