সুস্থ সমাজৰ শিক্ষা গঠনৰ দিশত নতুন প্ৰজন্মৰ চিন্তাৰ প্ৰাসংগিকতা-চিন্ময় ডেকা

©Admin
0
শিক্ষা অবিহনে সুস্থ সবল সমাজ সম্ভৱ নহয় । সমাজৰ প্ৰতিগৰাকী পুৰুষ-মহিলাই সুস্থ মানসিকতাৰে নিজৰ ঘৰখনক শিক্ষাৰ মানদণ্ডৰ দিশত ধাৱমান হোৱাটো প্ৰয়াস কৰিব লাগে তেতিয়াহে এখন সুস্থ সমাজ আৰু সমাজত সুস্থ নাগৰিকৰ জন্ম লাভ হোৱাটো বাঞ্ছনীয় । এজন মানুহে সমাজত সুস্থ আৰু সবলভাৱে জীয়াই থাকিবৰ বাবে কিহৰ প্ৰয়োজন ? এখন ভাল সমাজ , এটা ভাল পৰিৱেশ আদিৰ লগতে নিত্য প্ৰয়োজনীয় সম্পদ সমূহ , তাৰোপৰি বিভিন্ন শাৰীৰিক কাম-কাজ , ব্যায়াম , যোগাসন আদিৰ লগতে পাৰ্য্যমানে খাদ্যৰ ওপৰত গুৰুত্ব দিব লাগিব । এজন মানুহক সুস্থ বুলি ক'বলৈ গ'লে কেৱল স্বাস্থ্য ভালে থাকিলেই তেখেতক সুস্থ বুলি ক'ব নোৱাৰি । তেখেতে শাৰীৰিক খাদ্য খোৱাৰ লগতে মানসিক খাদ্য খোৱাৰো প্ৰয়োজন । বিভিন্ন ধৰণৰ কিতাপ , প্ৰবন্ধ , আলোচনী আদি পঢ়ি আমি মানসিক খাদ্য গ্ৰহণ কৰিব পাৰোঁ । তাৰ বাবে আমি নিজে সুস্থ মনৰ অধিকাৰী হ’ব লাগিব আৰু তেতিয়াহে পৰিৱেশ সুস্থ হ’ব আৰু সমাজ সুস্থ হ’ব আৰু তেতিয়া আমাৰ দেশ খনো সুস্থ হ’ব।
                   সমাজ পৰিৱৰ্তনৰ অবিচ্ছেদ্য অংগ ৰূপে শিক্ষাই সামাজিক নিয়ন্ত্ৰণৰ আহিলা হিচাপেও গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে । সামাজিক নিয়ন্ত্ৰণৰ আহিলা হিচাপে শিক্ষাৰ আলোচনা কৰিবলৈ যোৱাৰ আগতে আমি সামাজিক নিয়ন্ত্ৰণ কি সেই বিষয়েও জনাটো প্ৰয়োজন । প্ৰকৃততে সামাজিক নিয়ন্ত্ৰণ হ’ল-"সংগতিপূৰ্ণ সামাজিক পদ্ধতি"। ইয়াক অটুট ৰাখিবলৈ মানৱ সমাজে দলীয়া আচৰণ আৰু কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰিবলৈ যি পদ্ধতি অৱলম্বন কৰা বুজায় । মানুহৰ বহুমুখী আন্তঃক্ৰিয়াৰ পৰা সৃষ্টি হোৱা সামাজিক সম্বন্ধৰ জৰিয়তে সামাজিক পদ্ধতি গঢ় লৈ উঠে । মানৱ সমাজৰ আন্তঃক্ৰিয়াবোৰ কিছুমান নীতি-নিয়মৰ সহায়ত সম্পন্ন হয়। সমাজ নানা ধৰণৰ সংগঠনেৰে ভৰপূৰ । সেই সংগঠনসমূহে নানা ধৰণৰ সামাজিক ভূমিকা গ্ৰহণ কৰি আহিছে সংস্থা , দল , গোট , সম্প্ৰদায় সকলোবোৰ সামাজিক আন্তঃক্ৰিয়া আৰু সামাজিক সম্বন্ধৰ মূৰ্ত প্ৰকাশ । মানুহৰ আন্তঃক্ৰিয়া সম্পন্নৰ বাবে প্ৰয়োজনীয় নীতি-নিয়মবোৰ পালন কৰি থকা অভ্যাস আৰু মনোভাৱৰ বাবেই এই সকলোবোৰ সমাজত বৰ্তি থাকে । উদাহৰণস্বৰূপে আমি শিক্ষানুষ্ঠানৰ কথা উল্লেখ কৰিব পাৰো । এখন শিক্ষানুষ্ঠানৰ শিক্ষক , শিক্ষাৰ্থী , কৰ্মচাৰী , প্ৰশাসক আৰু সংগঠকসকলে নিজৰ নিজৰ দায়িত্ব আৰু কৰ্তব্য প্ৰয়োজনীয় নীতি-নিয়মৰ মাজেদি যদি পালন নকৰে তেতিয়াহলে শিক্ষানুষ্ঠানখন বৰ্তি নাথাকিব । সেইদৰে পৰিয়ালৰ উদাহৰণসমূহৰ পৰা আমি বুজিবলৈ সক্ষম হ’লো যে সমাজ এখন বৰ্তি থাকিবলৈ হ’লে ইয়াৰ ব্যক্তি তথা সামাজিক সংগঠনবোৰে বিভিন্ন প্ৰকাৰৰ আন্তঃক্ৰিয়াসম্পন্ন নীতি-নিয়মবোৰ সমাজে বান্ধি দিয়াৰে পৰা পালন কৰাটো উচিত হ’ব । সমাজৰ সকলো ব্যক্তিয়ে তেওঁলোকৰ নিজৰ নিজৰ অভিজ্ঞতাৰ জৰিয়তে দায়িত্ব আৰু কৰ্তব্যসমূহ পালন কৰি গ’লেহে সমাজত সামাজিক সু-শৃংখলা অটুট থাকিব লগতে সমাজখন কু-সংস্কাৰৰ পৰা মুক্ত হ’ব ।
              বৰ্তমান সময়ত সমাজত ইয়াৰ পৰিৱৰ্তন হোৱাটো বাৰুকৈয়ে পৰিলক্ষিত হৈছে । আজি গুৰুগৃহৰ শিক্ষা ব্যৱস্থা আমাৰ সমাজত নাই । শিক্ষকসকলক চৰকাৰৰ দ্বাৰা নিয়োগ কৰা হয় আৰু শিক্ষক হিচাপে উপযুক্ত দৰমহা দিয়া হয় । প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা এটা নিৰ্দিষ্ট সময়ত শেষ কৰি হাইস্কুলীয়া শিক্ষাত ভৰ্ত্তি হ’বলগীয়া হয় । আকৌ এটা সময়ত হাইস্কুলীয়া শিক্ষা শেষ হোৱাত কলেজীয়া আৰু বিশ্ববিদ্যালয়ৰ শিক্ষাৰ স্তৰত সোমাই পৰে । এতিয়া শিক্ষক আৰু ছাত্ৰৰ মাজত নিবিড়তা নাই । সম্বন্ধ ক্ষণস্থায়ী হৈ আগৰ গুৰু-শিষ্যৰ সম্বন্ধৰ আমূল পৰিৱৰ্তন সাধন হৈছে।
সেইদৰে সমাজ ব্যৱস্থাৰ পৰিৱৰ্তনো সদায় হৈ থকা দেখা যায় । অতীতত সমাজ নাছিল । মানুহে জ্ঞান লাভ কৰাৰ পিছত সমাজ পাতি বাস কৰিবলৈ ধৰিলে। ৰাজতন্ত্ৰৰ সলনি গণতন্ত্ৰ প্ৰৱৰ্তন কৰা হৈছে । য’ত জনসাধাৰণে নিজস্ব প্ৰতিনিধি নিৰ্বাচন কৰি নিজৰ আইন , বিচাৰ আৰু প্ৰশাসনীয় কাৰ্য সম্পন্ন কৰে।
                   সমাজৰ সংৰক্ষণ আৰু বিকাশৰ বাবে ডাঙৰবোৰে উঠি অহা শিশুসকলক ভৱিষ্যতৰ জীৱনৰ বাবে প্ৰয়োজনীয় সকলো ধৰণৰ দক্ষতা অৰ্জন কৰাৰ শিক্ষা দিছিল । পুৰণিকালৰ সমাজ ব্যৱস্থা অতি সহজ আৰু সৰল আছিল আৰু সেইধৰণে শিক্ষাদান পদ্ধতিও সহজ আছিল । সমাজৰ ৰীতি-নীতি , ভাষা , জীৱন নিৰ্বাহৰ বৃত্তি আদি ডাঙৰৰ পৰা সৰুৱে শিক্ষাৰ মাধ্যমেৰে আহৰণ কৰিছিল । সমাজৰ বিকাশ , সভ্যতাৰ অগ্ৰগতি , মানুহৰ নতুন নতুন প্ৰয়োজনে যুগৰ পৰিৱৰ্তন অনাৰ লগে লগে শিক্ষা পদ্ধতিৰো সলনি কৰিলে । শিক্ষাক ব্যক্তিৰ ওপৰত পৰিৱেশৰ প্ৰভাৱ আৰু ব্যক্তিৰ আচৰণ , চিন্তাধাৰা আৰু দৃষ্টিকোণৰ পৰিৱৰ্তন সাধন কৰিব পৰা এবিধ সঁজুলি বুলি শিক্ষাবিদসকলে ক’ব খোজে । প্ৰসংগত হাৰ্বাৰ্টে কৈছিল যে "শিক্ষাই মানুহৰ নৈতিক চৰিত্ৰ বিকাশ কৰাত সহায় কৰে"। প্ৰাকৃতিক , অৰ্থনৈতিক , সামাজিক আৰু সাংস্কৃতিক ভিন্নতা মানুহৰ মাজত চিৰবিদ্যমান ।

✍️চিন্ময় ডেকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)