শিৰে শিৰে বুকুত জাগ্ৰত হৈ আছে ,
অমানৱীয় নিৰংকুশ নিৰ্বোধ হত্যাকাণ্ড ।
তথাপি নাই অকণো ভয় , শংকা
অনৈক্যৰ মাজত ঐক্য
মোৰ দেশৰ বাবে ,
ময়েই অসম সন্তান ।
বিপ্লৱী বীৰ ;
দেশৰ বাবে ছহিদ , তাহানিৰ
ময়েই মণিৰাম দেৱান ।
ময়েই কনকলতা ,
ময়েই ত্যাগবীৰ পুৰুষ দেশভক্ত তৰুণৰাম ফুকন ।
জননী জন্মভূমি
স্বৰ্গাদপী গৰীয়সী ,
নিজস্ব কৰ্ম শুনিলেই মুগ্ধ হয় ,
কোটি-কোটি দেশৰ সাধাৰণ জনতা ।
বৰ্তমান সময়ত , আজিৰ প্ৰেক্ষাপটত
জননী সন্তান মই ত্যাগবীৰ ।
লাচিতৰ দেশৰ নাগৰিক মই ,
শত-সহস্ৰ শত্ৰু ছহিদৰ দেহ ৰক্তাক্ত কৰি
যুঁজি আঁজুৰি আনিম , আমাৰ দেশৰ স্বাধীনতা ।
দেশৰ কাৰণে ;
শূন্যতাত মোৰ আজি সংগ্ৰাম
কালৈকো নকৰোঁ ভয় ।
নিজ দেশৰ বাবে দেহ বলিদান দিবলৈ কুণ্ঠাবোধ নকৰোঁ
ময়েই হয়টো বিপ্লৱী বীৰ কুশল কোঁৱৰ ।
স্বাধীনতা দিৱসৰ আগমনত ;
জনাইছোঁ আপোনাসৱৰ ওচৰত শত কোটি প্ৰণাম ,
হে , স্বাধীনতা বীৰযোদ্ধা অসম সন্তান ।
✍️চিন্ময় ডেকা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ