তোমাতে সামৰো অবাধ্য ,আকুলিত,
পিয়াসী মন ।
ঠুনুকা হিয়াৰ বাকৰিত
তোমাৰ কবিতাৰ সুৰ ধ্বনিত হয় ....প্ৰতিপলে।
কিমান দিন হ'ল সেই সুৰ নুশুনা!
কিমান ...দিন ....নে মাহ !
এইয়া যেন এটি যুগ।
জনসমূদ্ৰৰ মাজতো,
উপেক্ষিত হিয়াৰ উচুপনি বাজি ৰয়.... নিশব্দে ।
বিবেক আৰু হৃদয়ৰ মাজত তুমুল ৰণ শব্দকলৈ..
প্ৰেম , বিশ্বাস , হাঁহি ,চকুলো , আশ্বাস, অভিনয়.. ..ইত্যাদি।
জীৱনটোয়েই নাটক,
তুমি ,আমি সকলো চৰিত্ৰহে মাথোঁ ,
কেতিয়াবা এটি চৰিত্ৰ কাৰোবাৰ বাঞ্চিত;
কেতিয়াবা অবাঞ্চিত।
এইয়াই,
প্ৰয়োজন অপ্ৰয়োজন ..।
তথাপিও, আশ্বাসৰ আশ্ৰিতা হৈ,
'বাটচাম'....যৱনিকাৰ প্ৰহৰলৈ ।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ