কিতাপ পঢ়াৰ মজা-দিগন্ত বৈশ্য

অসমীয়া সাহিত্যৰ চানেকি
0
   "মৰমৰ দেউতা" ড: ভবেন্দ্ৰ নাথ শইকীয়াৰ কিশোৰ-কিশোৰীৰ বাবে লিখা এখনি অনবদ্য উপন্যাস। সন্তানক লৈ মাকৰ লগতে দেউতাকৰ মনত কেনে চিন্তাই ডুলি থাকে, সিহঁতক লৈ দেউতাকসকলে মনত কিমান সপোন পুহি ৰাখে আৰু সেই সপোনৰ বিপৰীত প্ৰতিক্ৰিয়া হ'লে কেনে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, তাৰ এখনি চিত্ৰ স্পষ্ট ৰূপত এই উপন্যাসত তুলি ধৰা হৈছে।
                                 কাহিনীমতে, বিপুল-মুকুল-ৰিনি-ৰাণীক লৈ মাক-দেউতাকৰ ছয়জনীয়া সংসাৰখন। দেউতাকে তিনিশ কি: মি: দূৰৰ এখন পাহাৰীয়া ঠাইত চাকৰি কৰে; তেওঁ দূৰত থাকে বাবে মাকেই ল'ৰা-ছোৱালীকেইটাক চোৱা -চিতা কৰে। চাৰিটা ল'ৰা-ছোৱালীৰ ভিতৰত বিপুল ঘৰৰ ডাঙৰ; কিন্তু ডাঙৰ হিচাপে সি যেনে হ'ব লাগিছিল তেনে নহ'ল। মুকুল-ৰিণি-ৰাণীক লৈ একো চিন্তা কৰিব লগা নাই। সিহঁত ভদ্ৰ,অমায়িক ।কিন্তু বিপুল সিঁহতৰ সম্পূৰ্ণ বিপৰীত। সেয়ে, বিপুলক লৈ মাক-ভায়েক-ভনীয়েকৰ লগতে দূৰত থকা বাপেকৰো চিন্তাৰ ওৰ নাই। তেওঁ থাকেহে দূৰত; কিন্তু মনটো থাকে ঘৰত।
                                    পঢ়া -শুনাৰ প্ৰতি মন নাইকিয়া বিপুলে দিনটো অনাই -বনাই ঘূৰি ফুৰে, না খাবৰ সময়, না শুবৰ সময়, না পঢ়াৰ সময়। তথাপি কিন্তু ডাঙৰ ল'ৰা হিচাপে সকলোৰে নয়নৰ মণি বিপুল। ভালৰো ভাল বস্তুটো সি পায়
কিন্তু তথাপি সি মদগৰ্বী, অবুজন, দুষ্ট আৰু অবাধ্য।
             বিপুলক লৈ সদা-চিন্তিত বাপেকে এদিন কথা-প্ৰসংগত বন্ধু সদানন্দ দত্তক বিপুলৰ স্বভাৱ- চৰিত্ৰ আৰু আচৰণৰ কথা কোৱাৰ লগতে তাক কেনেকৈ ভাল পথলৈ আনিব পাৰি, সেই সম্পৰ্কে কিছু পৰামৰ্শ বিচাৰিলে। দত্তই তেওঁক পলাশনী আইৰ কথা ক'লে। আয়ে হেনো যি কয়, সেয়াই মিলে, বহুতৰে হেনো  বহু কাম সিদ্ধি হৈছে।
                   দত্তৰ এই কথাখিনি বিপুলৰ  দেউতাকৰ গাত লাগিল আৰু তেওঁ শীঘ্ৰে গৈ আইক লগ কৰিলে। আইয়েও তেওঁক পূজা এখন কৰিবলৈ দিলে। আইৰ কথা মানি পূজা কৰাৰ উদ্দেশ্যে বিপুলৰ দেউতাকে তিনিদিনৰ ছুটি লৈ ঘৰলৈ আহিল।
                      ঘৰলৈ আহি নিয়মমতে তেওঁ   পূজা এখন  সুন্দৰকৈ পাতিলে, পূজাৰ পিছতে থাকিল বিপুলৰ চুলি কটা কামটো। তাৰ বাবে পূজাৰ দিনা পুৱাই ভৰত নাপিতক তেওঁ মাতি আহিছিল। পূজা শেষ হোৱাৰ অন্তত ভৰতো আহি পাইছিল। কিন্তু বিপুল চুলি কাটিবলৈ অমান্তি হৈছিল যদিও বাপেকৰ বুজনিত  সি সন্মত হৈছিল। কিন্তু চুলি কটা শেষ হোৱাৰ পিছত বিপুলে যেতিয়া আৰ্চিখনত নিজক চালে,খংত তাৰ মূৰ গৰম হৈ আহিল। তাৰ চুটি চুটি চুলি দেখি সি ভৰতক মাৰিবলৈ খেদি আহিল যদিও বাপেকে তাক বাধা দিলে। উপায়হীন হৈ বিপুলে ভৰতৰ চুলি কটা কেচিখন তালৈ মাৰি দিলে। সেইখন চকীৰ খুৰাত লাগি উফৰি গৈ ভৰতৰ বাওঁভৰিৰ পিতটোত লাগি যথেষ্ট পৰিমাণে তেজ ওলাল।এই তেজ দেখি বিপুলৰ মাক অচেতন হৈ পৰিল। ভৰতক হাস্পতাললৈ নিব লগা হোৱাৰ বিপৰীতে মাকৰ অচেতনতাৰ বাবে ঘৰলৈও ডাক্তৰ মাতিব লগা হ'ল। মুঠতে, ঘৰখনত এক অনাহুত পৰিবেশৰ সৃষ্টি হ'ল।
             পূজা-পাতল কৰি অৱশেষত এনে এটা ঘটনা হোৱাৰ বাবে আটাইয়ে দুখ পালে। কেৱল সেয়াই নহয়, গধূলি বিপুলৰ লগত দেউতাকৰ  অলপ হেতা-ওপৰা ও লাগিল আৰু সিদিনা সি ঘৰলৈ নাহিল। মুঠতে ভাল পৰিবেশ এটা নেদেখাকৈয়ে পিছদিনা  বিপুলৰ দেউতাক চাকৰিলৈ গুছি গ'ল।
               তাৰ পিছদিনাই মাক-দেউতাকৰ অবাধ্য বিপুলক  ৰাতিৰ আন্ধাৰৰ সুযোগ লৈ কোনোবাই মাৰিলে। ইয়াকে লৈ ঘৰখনতেই নহয়, গোটেই অঞ্চলত এক অশান্তিময় পৰিবেশৰ সৃষ্টি হল। ৰাতি  ঘটনাটো হোৱাৰ কিছু সময় আগতে সেই ঠাইৰ পাণ-দোকানী গণেশৰ  বিপুলৰ বন্ধুৰ লগত হোৱা  কাজিয়াৰ পম খেদি গণেশেই এই ঘটনাৰ মূল দোষী বুলি ভবা হ'ল।
       গণেশে এই কথা জানিব পাৰি বিপুলৰ খবৰ লবলৈ  হাস্পতালত উপস্থিত হৈয়ো সি এই কথা নিশ্চিত হ'ল যে সকলোৱে তাকেই এই ঘটনাৰ দোষী বুলি ভাবি লৈছে। তাৰ বহুত দুখ লাগিল। সি তাৰ দোকানৰ সন্মুখৰ ঘৰৰ উকীল পঢ়ি থকা কনকক তাৰ মনৰ কথা জনালে। কনকে ক'লে-"যিহেতু তুমি দোষ কৰা নাই, সেয়ে চিন্তাৰ কোনো কাৰণ নাই।"
                     যথাসময়ত এই ঘটনাৰ তদন্ত কৰিলে নতুন চি আই ডি অফিচাৰ নিকুঞ্জই। নিকুঞ্জ কনকতকৈ দুই শ্ৰেণী ওপৰৰ। নিকুঞ্জই এই ঘটনাৰ দোষী উলিয়াবৰ বাবে কেইবাজনো মানুহৰ লগত কথা পাতি বিপুলৰ বন্ধু ময়দুল নামৰ ল'ৰা এজন দোষী বুলি কলে। কিন্তু এই কথা শুনি আনে একো মন্তব্য নিদিলেও ঘোৰ আপত্তি কৰিলে বিপুলৰ দেউতাকে, তেওঁ  মানি ল'ব নুখুজিলে এই কথা। কেৱল সেয়াই নহয়, তেওঁ দুজন ব্যক্তিৰ আগত এটা গোপন তথ্য জাহিৰ কৰিলে। যিয়ে নিকুঞ্জক এই ঘটনাৰ দোষী উলিয়াবলৈ সহায় কৰিব বুলি তেওঁ নিশ্চিত হল। তেওঁ সন্মান সহকাৰে যেতিয়া বিপুলৰ দেউতাকক জেৰা কৰিলে, তেতিয়াই  ওলাই পৰিল এই ঘটনাৰ মূল অপৰাধী। 
              আচলতে,নিজৰ সন্তানক পৃথিৱীৰ প্ৰতিগৰাকী মাক-দেউতাকে অসীম মৰম-ভালপোৱাৰে উপচাই ৰাখে, কিন্তু সেই সন্তানে যদি মাক-দেউতাকৰ কথাৰ বিপৰীতে গৈ নেতিবাচক কামত হাত দিয়ে, মাক-দেউতাকে তাক সৎ পথলৈ ঘূৰাই আনিবলৈ লোৱা সিদ্ধান্তক ভুল বুলি কব নোৱাৰি।
                      "মৰমৰ দেউতা" এনে এখনি উপন্যাস যিখনি উপন্যাস প্ৰতিখন ঘৰৰ প্ৰতিগৰাকী মাক-দেউতাক, ল'ৰা-ছোৱালী আটাইৰে বাবে উপযোগী তথা  পঢ়িবলগীয়া গ্ৰন্থ । সন্তানৰ প্ৰতি কোনো  মাক-দেউতাকৰ মৰম কেতিয়াও কম নহয়, কিন্তু অধিক মৰমে সন্তানক বিপথে নিয়ে।  সন্তানেও তেনেদৰে মাক-দেউতাকৰ মৰমৰ মোল বুজি নিজৰ  দায়িত্ব নিজে পালন কৰা উচিত।
             "মৰমৰ দেউতা"ৰ ওপৰত লিখা আমাৰ গ্ৰন্থ পৰ্যালোচনা "অসমীয়া সাহিত্যৰ চানেকি"ৰ পাঠকবৃন্দলৈ পঠিয়ালোঁ  ।পঢ়ি কেনে পালে, জনাব বুলি আশাৰে  বাট চাই ৰ'লোঁ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)