পাৰিবানে তুমি এতিয়া প্ৰেমৰ চুক্তিত স্বাক্ষৰ কৰি
ভালপোৱাৰ নৈ খনি নিৰবধি গতিত বোৱাই নিব,
যদি নোৱাৰা সঁচাটোকে উদঙাই দিয়া
ক্ষন্তেকীয়া সুখৰ বাবে
মিছাকৈ নকবা ভাল পাওঁ বুলি|
অস্ত বেলিটি ঘৰমুৱা হওঁতে সঁচাকৈ দি যায়
আন্ধাৰৰ বতৰা,
উদিত সূৰুযে আশাৰ বতৰা আনে
হিৰন্ময়ী প্ৰভাতত অপেক্ষা কৰোঁ তোমাৰ বাবে
সজল চকুযুঁৰিত আশাৰ ৰেঙনি
কিজানিবা কৈয়েই দিয়া ভাল পাওঁ বুলি|
শিলৰ বুকু খান্দি যদি নিজৰা বোৱাই নিব পাৰি
কিয় আজুৰি আনিব নোৱাৰোঁ তোমাৰ হৃদয়ৰ পৰা
মৰম,ভালপোৱা এধানি !
কেতিয়াবা প্ৰশ্ন জাগে মনত শিলতকৈয়ো টান নেকি
তোমাৰ সেই সেই অকণমানি হৃদয়খনি?
অপেক্ষা! আৰু কিমান দিন
অপেক্ষাৰ মাজতেই বিচাৰি পাওঁ প্ৰেমৰ গোন্ধ
সেই বাবে কওঁ অপ্ৰাপ্তিৰো আছে স্বকীয় মাদকতা
জনমে জনমে খোদিত হৈ যায় বুকুত "প্ৰেম"
মাথোঁ প্ৰেম |
আজিওঁ যদি ফুলা নাই তোমাৰ হিয়াত প্ৰেমৰ হাস্নাহানা,
তোমাৰ হিয়াত কোনেও চাগে ল'ব পৰা নাই জেগা
পাৰিলে খালী ঠাই ডোখৰত ঠাই অকণ দিয়া,
ভাবি চোৱা বিবেকক সোধা,সঁচাটোকে ক'বা
কেৱল ক্ষন্তেকৰ বাবে মন ভোলাবলৈ
মিছাকৈ নকবা_ভালপোৱাৰ কথা ||
✍️নাজিৰ আহমেদ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ