আজি এই কবিতা নিলিখিলেও হ'লহেঁতেন !
এখন পতাকা পোৱাহেঁতেন
আইৰ চকু পানী মচিব পাৰিলোহেঁতেন !
এখন পতাকা পোৱাহেঁতেন
আইৰ চোতালত থিয় হ'ব পাৰিলোহেঁতেন !
এখন পতাকা পোৱাহেঁতেন
আইৰ মুখত হাঁহি বিৰিঙাব পাৰিলোহেঁতেন !
এখন পতাকা পোৱাহেঁতেন
আকাশৰ তলত চিঞৰিব পাৰিলোহেঁতেন !
এখন পতাকা পোৱাহেঁতেন
শ্বহীদৰ ত্যাগৰ মূল্য দিব পাৰিলোহেঁতেন !
এখন পতাকা পোৱাহেঁতেন
স্বাধীনতা কি তাক বুজিব পাৰিলোহেঁতেন !
এখন পতাকা পোৱাহেঁতেন
গণতন্ত্ৰ কি তাক বুজিব পাৰিলোহেঁতেন !
এখন পতাকা পোৱাহেঁতেন
আইৰ কোলাত শান্তিৰে শুব পাৰিলোহেঁতেন !