প্ৰাচুৰ্যহীন উৰুখা পঁজাত
জীৱনৰ সাৰ্থকতা বিচাৰি পোৱা
খেতিয়ক পিতাইৰ মই সুখী ছোৱালী জনী।
পিতাইৰ মলিয়ন দৰদী আচলতে
মোৰ সুৱাগী সপোন বোৰ পোখাইছে...
মোৰ পিতায়ে নুবুজে
গোলকীকৰণৰ কথা।
তেওঁৰ বুকুত মাথোঁ
পথাৰৰ সেউজীয়া গেৰধৰা সপোনৰ সুগোন্ধ।
পিতাইয়ে কোনোদিন নিশিকাই মোক
দুমুখীয়া নীতিৰে ধনী হবলৈ
তেওঁৰ বাবে
সমাজৰ হিতেই মানুহৰ ধৰ্ম
এই পিতাইৰ সপোন বুতলিয়ে
হেপাঁহ পুহিছো
শতজন নিপীড়িতৰ সাৰথি হোৱাৰ,
দূৰদৰ্শী পিতাইৰ হাতধৰি
সপোন উপত্যকাৰ আলহী মই
পিতাইৰ আদৰ্শৰ বীজ
সুখী ছোৱালী জনী।