হৃদয়ৰ একোণত তুমি ০৩ - বিপাশা বৰা

©Admin
0
মই ওলাই আহি ৰাস্তাৰে ঠিক পোনে পোনে বাওঁদিশে চালো,পাপৰি ইতিমধ্যে ৰাস্তাত।ঘড়ীটো চালো,দেৰি হ'ল নেকি?(নাই নাই জোখৰ সময়েই হৈছে)

:হেই পাপৰি,আহিলা
:ওম..এইয়া আহিলো,পিছে ক'লৈ যাবা?(বাইকৰ পাছ চিটটো মোহাৰি)
:যাওঁ ব'লা কোনো এক নিজান ঠাইলৈ।
:ওম..ঠিক আছে।

:ৱাহ্ ইমান ধুনীয়া ঠ‍াই!!!মই যে ইয়ালৈ আগতে কেতিয়াও অহা নাই।
:মইয়ো কেতিয়া আহিছিলো জানা?প্ৰায় ২০ বছৰৰ আগতে,মোৰ মা-দেউতাৰ লগত।
:অহ্‌...আৰু কোৱা তোমাৰ কথাবোৰ আজি কিয় আবেগিক যেন লাগিছে?এনি প্ৰব্লেম?
:নাই নাই একো নাই,আজি তোমাক অলপ কথা ক'ম বুলিয়েই মই ইমান জোৰ কৰি তোমাক ইয়ালৈ লৈ আহিছো।
:মই ঠিক বুজা নাই....আপুনি কি ক'ব বিছাৰিছে।
২৭বছৰৰ আগৰ কাহিনীঃ-
----------------------------------
    সেইদিনা ১৯৯২ চনৰ এপ্ৰিল মাহৰ ২৯ তাৰিখ আছিল।মই এটা মধ্যবিত্ত পৰিয়ালত জন্ম গ্ৰহণ কৰিছিলো।মোৰ মা-দেউতাৰ মই একমাত্ৰ সন্তান আছিলো,মোক ঘৰত খুব মৰম কৰিছিল আৰু নাম ৰাখিছিল নিবিড় দত্ত।মোৰ দেউতা এজন অপ্ৰাদেশিকৃত স্কুলত কৰ্মৰত শিক্ষক আছিল আৰু ম‍া গৃহিণী।আমাৰ দিনবোৰ ঠিক ভালেই চলিছিল।
       মোৰ যেতিয়া তিনি বছৰ হৈছিল তেতিয়া চাকৰি সুত্রে এঘৰ মানুহ আমাৰ সন্মুখৰ ঘৰটোত থাকিবৰ বাবে আহিছিল।তেওঁলোকৰ পৰিয়ালটোও ঠিক আমাৰ দৰে  তিনিজনীয়া সদস্যৰে এটা সুখী পৰিয়াল।তেওঁলোকৰ এজনী কনমানি ছোৱালী আছিল,বয়সত মোৰ সমানেই হ'ব।আমি দুয়ো তেতিয়াৰ পৰাই একেলগে খেলো।মোৰ অকলশৰীয়া শৈশৱটোত যেন মই কোনোবা এজনক বিচাৰি পাইছিলো।তাইক ঘৰত সকলোৱে "ৰিচি" বুলি মাতিছিল,আৰু মইয়ো ৰিচি বুলিয়েই মাতিছিলো।

     আমি দুয়ো পাঁচবছৰত স্কুল যোৱা আৰম্ভ কৰিছিলো।আৰু দুয়ো একেখন স্কুলত পঢ়াৰ বিষয়ক লৈ মইয়ো মা-দেউতাক কৈছিলো-
:মা-দেউতা মইও ৰিচিয়ে পঢ়া স্কুলতহে পঢ়িম।
:ওম..ঠিক আছে মইনা,তুমি য'তেই মন কৰা তোমাৰ দেউতাই তাতেই পঢ়াব,তুমি মাথো ভালদৰে পঢ়ি ভাল মানুহ হ'ব লাগিব দেই।
:মা..মই পাৰিম,মই পাৰিম,...
(মায়ে মোক কপালত চুমা এটা খাই,জোৰেৰে বুকুৰ মাজত সাৱতি লয়,মইয়ো দুহাতেৰে মাৰ ডিঙিত ধৰি লওঁ।)


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)