নয়নতৰা কিমান সুখী তুমি এতিয়া-নজিৰ আহমেদ

অসমীয়া সাহিত্যৰ চানেকি
0
কিমান সুখী তুমি এতিয়া
বুকুত বাজে নে তোমাৰ প্ৰেমৰ বীণা?
ৰিক্ত হৃদয়ত কাৰ ছবি আকি লৈ
মেলানি মাগিলা মোৰ পৰা বহু দূৰলৈ|

নতুনত্বৰ পৰশে আলোকিত কৰে নে তোমাৰ হিয়া
অস্ত বেলিটি ঘৰমূৱা হওঁতে দিয়েনে মোৰ বাৰ্তা|
নয়নতৰা ময়ো সলনি হ'লো জানা|
এতিয়া আৰু নুফুলে মোৰ বুকুত 
তুমি নামৰ হাস্নাহানা,
প্ৰেমৰ আলোড়নৰে শিহৰিত হৈ নিলিখো 
আৰু বিষাদময় কবিতা|

আধুনিকতাৰ পৰশ পাই নতুনৰ সৈতে উমলিছা 
হয়তো ঘনে ঘনে বিলাসী বাহনত উঠি লং ড্ৰাইভলৈ গৈছা,
চিকিম,দাৰ্জিলিংৰ একা বেকা বাটৰ 
মনোমোহা পৰিৱেশত,
জীৱনৰ মাদকতা বিচাৰি পাইছা|
নতুন সপোনৰ পোখা মেলি তুমি বিলীন হৈছা|

মোৰতো একো নাছিল জানা,
মাথো এখনি হৃদয় তাকো উয়ে ধৰা,
উকা দুহাতত আছিল মাথোঁ প্ৰেমৰ এটি জোলোঙা
তাকো তুমি কাঢ়ি লৈ পলায়ন কৰিলা 
নয়নতৰা বিশ্বাসৰ শিকলি ছিঙি তুমি এতিয়া
প্ৰতাৰণাৰ পোচাক পিন্ধিলা |
তুমি হয়তো জানিছিলাই মোৰ খালী পকেটৰ কথা,
নাছিল মোৰ ওখ অট্টালিকা কিম্বা বিলাসী বাহন
সকলো জানিওঁ খুউব সুন্দৰ অভিনয় কৰিলা|

সুখী হোৱা নয়নতৰা,নুমাই যাওক বিষাদৰ জুই শিখা,
বহু দিনেই হ'ল তোমাৰ একো বাৰ্তা নোপোৱা|
জানিব মন যায় নয়নতৰা,
কিমান সুখী তুমি এতিয়া?

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)