সংগী-হিমাক্ষী ভূঞাঁ


গোটেইবোৰ আত্মীয়কে ফাঁকি দি ভিতৰি ভিতৰি ভাগি পৰিছে মায়া ৷ যিকণ সময়তে তাই নিজক নিবিড়ভাৱে লগ পাইছে সেইকণ সময়তে তাই নিজক সোধে--'ধেমালিতে ধেমালিতে জীৱন তুমি মোলৈ কিয় ধুমুহা আনিলা?' বৰ স্পৰ্শকাতৰ হৈ এয়া হস্পিতালৰ জেনেৰেল ৱাৰ্ডৰ বে’ডত তাই পৰি আছে৷ তাইক চিকিৎসা কৰি থকা ডা° চৌধুৰীৰ সৈতে অহা সহযোগী ডাক্তৰসকলে যেতিয়া তাইৰ ৰোগাক্ৰান্ত সমস্ত দেহত সহানুভূতিত আপ্লুত মৰম থাপি থৈ যায়গৈ ,তেতিয়া তাইৰ ভিতৰখনে চিৎকাৰ কৰি উঠে-- 'কি দৰকাৰ,কি দৰকাৰ পৰিছে মোক এসোপা মৰমৰ;মৰমৰ অভাৱ হোৱা নাই মোৰ! বহুত পাইছোঁ/সহিব নোৱাৰোঁ ৷'---কথাখিনি ভাবি মায়াই হুকহুককৈ কান্দি থাকিল৷
        : মায়া...মায়া...তুমি কান্দিছা? মাত্ৰ দুদিনমান আগত হস্পিতালতে চিনাকি হোৱা সদ্য চিনাকিপ্ৰাপ্ত ল’ৰাজনৰ মাতটো তাই বুজি পালে৷বৰ পুতৌ লগাকৈ তাই ল’ৰাজনলৈ চাই ৰ’ল৷ চকুৰে  মাথোঁ সৰসৰকৈ চকুলো বৈ আহিল৷ মধ্যমীয়া ওখ, মৰম লগা গাৰ বৰণ ,চকুহাল?এক হোজা ভাৱত চাই ৰ’ল তাই তাৰ চকুহাললৈ৷ এনে এহাল চকুৰ মাজতে মায়াই হেৰুৱাইছে এটি সপোন৷ তিল তিলকৈ গঢ়া এটি সপোন ভঙাৰ যন্ত্ৰণা মৃণাল নামৰ এই ল’ৰাজনক লগ পাইহে যেন বেছিকৈ বুজিব পাৰিছে তাই৷ তাৰ চকুত চকু ৰাখিয়ে তাই পুনৰ সশব্দ কান্দোনত ভাগি পৰিল৷

        : মায়া,তুমি এনেকৈ থাকিলে মই গুচি যাম৷ --মায়াই এইবাৰো একো ক’ব নোৱাৰিলে৷ মাথোঁ দুৰ্বল সোঁহাতখনেৰে তাক ধৰি ৰাখিবৰ বৃথা চেষ্টা কৰিলে৷ কিমান মৰম লগাকৈ মৃণালে তাইক অভিমান কৰে;কথাষাৰ ভাবি মায়া আহত মানুহৰ দৰে কঁপি উঠিল৷ এনেবোৰ ক'ত মৰম ভৰা অভিমান থাপি তাইৰ অন্তৰ বোলা ঠাইটুকুৰা তচ্‌নচ্‌ কৰি গুচি গ’লগৈ সি...তাই জানো সেইবোৰ পাহৰিব পাৰিছে?

         হয়, সীমাহীন মৰমে মানুহক কন্দুৱায়৷ হস্পিতালৰ বে’ডত পাৰ কৰা এইকেইটা দিনে তাইক সেই কথা মৰ্মে মৰ্মে উপলব্ধি কৰোৱাইছে৷ কিহে পাইছিলে সেইদিনা তাইক মৰম বিচাৰিবলৈ ? কিয় কেৱল তাইৰ হোৱাটো বিছাৰিছিল তাক...??--“নয়ন, ৱান্না টাচ্ছ ইউ ...” ছিঃ , কি নিৰ্লজ্জভাৱে তাই কৈ পেলাইছিল...আৰু নয়নে...যদি সি কেৱল ভাল বন্ধু বুলিহে তাইৰ কাষত আছিল, তেনেহ’লে কিয় তাইক সেইবোৰ আচহুৱা অথচ মধুৰ অনুভূতি দিছিল ...! কিয়..?? কিয় তাই বিচৰা মাত্ৰকে তাইক বেছিকৈ মৰম কৰিছিল সেইদিনা...? কেৱল তাইৰ মন ৰাখিবলৈকে...

         নাই , নাই এইবোৰ তাই বুজিব নোৱাৰে.. হঠাৎ অহা এটা দিনে তাইক যি দি থৈ গ’ল আৰু তাইৰ জীৱন-যৌৱনৰ পৰা যিখিনি লৈ গ’ল তাৰ হিচাপ তাই কাহানিও সম্পূৰ্ণকৈ কৰিব নোৱাৰে ৷ প্ৰতিদিনেই অসমাপ্ত হৈ ৰয় সেই হিচাপ!
: “চোৱা মায়া, তুমি আমাৰ সম্পৰ্কটোক ভুলকৈ চাইছা...উম, মই তোমাক ভাল পাওঁ, তোমাৰ কেয়াৰ লওঁ...কিন্তু সেয়া কেৱল এজন ভাল বন্ধু হিচাপেহে মায়া...আৰু প্লিজ,, ৰাতিৰ কথাবোৰ পাহৰি যোৱা, সেয়াই তোমাৰ কাৰণে ভাল হ’ব... মায়া... ট্ৰাষ্ট মি..!
:নয়ন...নয়ন...শুনি যোৱাচোন মোক এবাৰ..নয়ন...!

      মৃণালক দেখা মুহূৰ্তত তাই সদায় অপ্ৰস্তুত হয়৷ অথচ। প্ৰতিটো নিশা হস্পিতালত অসংখ্য ৰোগীৰ ৰোগাক্ৰান্ত চিঞৰৰ ফাঁকে ফাঁকে তাই মৃণালক দেখা পোৱা মুহূৰ্তটোতেই নিজক প্ৰস্তুত কৰি তোলে বৰ যত্নসহকাৰে৷ আজিও মৃণালক দেখা মুহূৰ্তটোত তাইৰ অৱস্থাটো একেই হ’ল৷ তাই যেন মৃণালৰ চকুয়ে চকুয়ে পোনাই চাব নোৱাৰে ৷

     : তোমাৰ বয় ফ্ৰেইণ্ড আছে নিশ্চয়? কি নাম?
-- তাই নিজকে তাচ্ছিল্য কৰি হাঁহিছিল৷ নহয় নহয়---বৰ পুতৌ লগাকৈ তাই মৃণালৰ কথাত কান্দি পেলাইছিল৷...যিটো প্ৰশ্নৰ উত্তৰ বিচাৰি বিচাৰিয়েই অতদিনে এই বে’ডত এনেদৰে পৰি আছে..,তাৰ উত্তৰ আৰু এক মুহূৰ্ততে তাই কেনেকৈ দিয়ে ...নিজৰ প্ৰতি দয়া উপজিল মায়াৰ ..

       হয়, তাইৰো বয় ফ্ৰেইণ্ড আছিল৷ মায়াই নয়নক ভাল পাইছিল, নিজতকৈও বেছি৷ নিৰ্ভেজালভাৱে বিশ্বাস কৰিছিল তাক ৷ নয়নেও মায়াক ভাল পাইছিল...?? নাই  নাই...হ’বই নোৱাৰে ৷ নয়ন তাইৰ আটাইতকৈ ভাল বন্ধুহে...!! --উম, সেয়ে সঁচা..

      ওঁহো, তাই এইবোৰ মৃণালক ক’ব নোৱাৰে ৷ কি অধিকাৰত সেইবোৰ শুনিব সি, বুজি পাব সি..? কি হয়নো  মৃণাল তাইৰ! ...কি বিশ্বাসত ক’ব, যে তাই তাইৰ আটাইতকৈ ভাল বন্ধুজনৰ ওচৰত কুমাৰীত্ব হেৰুৱাই পেলাইছে ইতিমধ্যেই....(ভাল বন্ধু নে আন কিবা?? কোনে ভুল ধাৰণা লৈ আছে সেয়া তাই নোৱাৰে বুজিব) 

        : মায়া প্লিজ, তুমি বন্ধ কৰা কান্দোন৷ চাওঁ ...এইফালে , মোলৈ চোৱা.. একো ক’ব নালাগে মোক... দুগালেৰে বৈ অহা চকুপানীখিনি আলফুলে মচি দি মৃণালে একেবাৰে সহজভাৱে তাইক কৈ পেলাইছে..
: মায়া,মই সকলো গম পাইছো...ডা° চৌধুৰীৰ পৰা... মায়া..,শুনা ; তুমি মোৰ চকুত নয়নক বিচাৰিব চেষ্টা নকৰিবা মায়া...বিশ্বাস কৰা মোক.. ওঁহো ; নালাগে বিশ্বাস কৰিব... তুমি মোক যি বুলিয়েই ভাবা, ভাবিব পাৰা... 
কিন্তু মই তোমাক ভাল পাই পেলাইছো .. মায়া..
: মৃণাল...! তাৰমানে, তুমি...

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send