শ্বহীদ-সবিতা দাস

:মা ,দেউতা আমাৰ ওচৰলৈ কেতিয়া আহিব ? দেউতালৈ মোৰ খুব মনত পৰিছে মা ।প্লিজ মা,দেউতাক ফোন কৰি কোৱানা ঘৰলৈ আহিবলৈ ।প্লিজ কোৱানা , মা ।
:আইতা ,মায়ে কিয় একো নকয় । আইতা, নহ'লে তুমিয়ে ফোন কৰাচোন । দেউতাক কʼবা তেওঁৰ লগত মোৰ খেলিব মন গৈছে ‌। মই খেলিম বুলি ক'লে দেউতা আহিব ।
:বাবা ,তুমি আমনি নকৰিবাচোন । দেউতা আহিব ,আমাৰ ওচৰলৈ অতি সোনকালে আহিব । এতিয়া তুমি মাইনাৰ লগত খেলা গৈ যোৱা ।
:নেখেলোঁ মই, মোক দেউতাক লাগিবয়ে ...।
           
              বিকিৰ জেদ দেখি মাকে ধৈৰ্য্য ধৰি থাকিব নোৱাৰিলে ।বিকিক সাৱতি হুকহুকাই কান্দিব ধৰিলে । আইতাকেও চাদৰৰ আঁচলেৰে  চকুলো মচি মচি মাইনাক লৈ কোঠাটোৰ পৰা ওলাই গ'ল ।সিটো কোঠাত বেৰত আঁৰি থোৱা ফটোখনলৈ  ককাকে একেথিৰে চাই ৰ'ল ‌।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send