ঙ ৰ মহিমা-কৰবী দাস

Rinku Rajowar
0
স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণৰ আখৰ কেইটাৰ ভিতৰত এই ঙ আখৰটো কিন্তু বৰ সাংঘাতিক ৷ বাকী বোৰ আখৰৰ মাজত বহি বৰ লটিঘটি খন কৰে ৷ এনেয়ে ফূৰ্তিবাজ মানুহ এজনকো খঙে কমখন লটিঘটি কৰেনে৷ ঙ ৰ প্ৰৱেশেই ইয়াৰ মূল কাৰণ ৷ ঙ টো আহি কোনোবাক খিঙখিঙিয়া কৰি দিলে , খিঙখিঙিয়া মানুহক কোনোবাই বাৰু ভাল পায়নে ? ইয়াৰো মূলতে এই ঙ টোৱেই নহয় নে ?
কাজিয়া , বিপদ, বেমাৰ, সমস্যা,এই
বস্তুবোৰেই  ভাল নহয় বৰ আহুকালত পেলায়, তাতে যদি ঙ টো আহি এই সকলোকেইটা ডাঙৰ কৰি দিয়ে হ’ল আৰু ৷ ডাঙৰ কাজিয়া , ডাঙৰ বিপদ…… ৷ আকৌ ঙ আহিল.... ভাঙৰ চিলিম… ??  টেঙৰালি .....??  এনেয়ে হ’লে আপোনাক সুধিম ভৰিত দুখ পালে নেকি ? কিন্তু ঙ আহি পালে খঙত ক’ম ঠেং ভাঙি দিম ৷ খঙত সদায় ভৰি নহয় ঠেং হয় ৷
ঙ আহি জেঙা লগায় ৷ ঙ টো আছে বাবেই জোঙা বস্তুৰ পৰা আঁতৰত থকাটো ভাল ৷
এই ঙ টো আহিয়ে ক’ৰবাত নলগা জেঙত লগাই দিয়েহি ৷ তাৰ পাছত হে চিন্তা হয় ছেঃ মিছাতে নলগা জেঙত লাগিলো ৷ ঙ টো আহি আকৌ বেঙা বা বেঙী কৰি দিয়ে কাৰোবাক ৷ অভঙালি কৰি হাৰাশাস্তি হোৱাৰ কথা নক’লোৱেবা ৷ চব এই আমাৰ ঙ বোপাৰ কাৰচাজি ৷  ঙ টো থকাৰ কাৰণেই সকলোৱে বেঙেনা খাব নোৱাৰে ৷ কোনোবাই কাৰোবাক বেঙেনা দিয়ে ৷ ঙ টো মাজত সোমালেই কাৰোবাৰ কথাত টেঙাই যায় ৷  কটা ঘাত চেঙাতেল যাৰ গাত পৰিছে সিহে বুজিব ঙ ৰ মহিমা ! ঙ থকাৰ বাবেইতো পদূলি শুঙাৰ বিপদ ৷ নাওঁ বুৰি তলি পালেও এই ঙ টোৰ বাবেইটো টিঙৰ পৰা নানামে ৷
টেঙটেঙীয়া মাত ভাল নালাগে এই যে ঙ ৰ বাবেই ৷ ঙ টোৰ বাবেই নাওঁ যদি টুলুং ভুটুং কৰে টুপুং কৈ নাওঁৰ পৰা পৰি যোৱাৰ চান্স আহি যায় ৷

কৈ থাকিলে ওৰকে নপৰে ঙ ৰ মহিমা ৷ আপোনাৰো চকুত পৰিব কিবা নহয় কিবা এই ঙ মহাশয়ৰ মহিমা সেইটো খাটাং৷ ঙ ক যদি চুঙাত ভৰাই ভাল সোপা দিব পাৰে তেনেহʼলে ঙ ৰ পৰা আৰু একো দিগদাৰি নহয় ৷ সেয়ে ইমানতে মইও চুঙা চাই সোপাহে দিলো আৰু ....!!

✍️ কৰবী দাস
আনন্দ বজাৰ, বাক্সা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)