প্ৰীতিৰ বান্ধোন-অঞ্জুমণি হাজৰিকা

অচিন বেলিটো অস্তাচলত লুকাল ;
হৃদয় সৰোবৰত প্ৰীতিজোনে
জোনাক সিঁচি
গঢ়িছে আত্মিক সাঁকো ,

বাখৰুৱা শব্দৰ মোহনীয়তাই
জুৰ পেলাইছে 
অতৃপ্ত বুকু ,

সেউজীয়া দলিচাখনেৰে
অহা যোৱা কৰি থাকে
মায়াবী শব্দৰ তৃষাৰ নৈৰ 
উন্মিলিত ঢৌ  ;
 সন্মোহনী জীৱন বাটত 
মিঠা ৰ'দ সিঁচি ।

 ✍️অঞ্জুমণি হাজৰিকা
     

Post a Comment

Previous Post Next Post