নিনাদ-ড°ৰুণুমী দত্ত ডেকা

©Admin
0
বিবাহিত জীৱনত নিজৰ স্বামীজন যদি সুপুৰুষ , সুসংস্কৃত আৰু উদাৰ হৃদয়ৰ হয় তেনেহলে জীৱনৰ প্ৰতিটো মুহূৰ্ত বিচিত্ৰ বৰ্ণৰ মণি মুকুতাৰ অলংকাৰৰ দৰে সমৃদ্ধ হয় । জীৱনত পাবলৈ হেঁপাহ কৰা সকলোখিনি পোৱা যেন অনুভৱ হয় । মানুহৰ জীৱনত উচ্চাকাংক্ষা থাকিব লাগে কিন্তু আত্মকেন্দ্ৰিক হৈ নহয় । হৃদয়কেন্দ্ৰিক হৈ । প্ৰাপ্তিৰ ঘৰ কাৰো শূন্য নহয় । কোনোবাই ৰাজ ঐশ্বৰ্য্য পায় । সীমাহীন প্ৰাপ্তিৰে ধন্য হয় । আন কোনোবাই সীমিত প্ৰাপ্তিৰে জীৱন আগুৱাই নিয়ে । নিজ ঘৰখনৰ দায়িত্বৰ আগত আমাৰ নিজস্ব হেঁপাহ আৰু আনন্দ গৌণ । নিজতকৈ সন্তান বেছি মূল্যৱান । আত্মীয়জনক হেৰুৱালে বেদনাৰে পীড়িত দেহ মনত একো কামেই নিসিজে । দুই এখন কাম বাধ্যত পৰি হে কৰা যায় । তাৰ পিছতো পৰিচিত সেমেকা মনৰ গোন্ধটোৱে আকৌ আমনি কৰে ।

      ঘৰখনৰ সকলোৰে মৰম - স্নেহৰ ছায়াত জিৰণি লোৱা সন্তানে আজি পিতৃ - মাতৃক জাবৰ দলিওৱা দি দলিয়াব পৰা হ'ল । মৰমবোৰ অচিনা সাঁথৰ হ'ল ।

     জীৱনটো বৈ থকা নদীৰ দৰে বুলি সকলোৱে কয় - পিছে তাত জাঁজী থাকে বুলি নকয় , বিহমেটেকা আছে বুলিও নকয় ; নৈৰ দুপাৰত বনদৰৱ থাকে বুলি নাভাবে কিয় ?

     সন্তানক সু-সংস্কাৰ দিব পৰাজন পৰম ভাগ্যৱান । যদি আৰম্ভণি কু - সংস্কাৰৰ দ্বাৰা কৰা হয় তেন্তে তাৰ ফল লিচু গছত কলম দিলে যি ফল পায় তেনে ফল প্ৰাপ্ত হয় । কলম দিয়া লিচু প্ৰথমবাৰত বেছিকৈ লাগে । পিছলৈ শূন্য হয়গৈ । সৎ সন্তান গৃহৰ সম্পদ । ধানেৰে  ভঁড়াল ভৰিলে শান্তি হয় কৃষকৰ , কিন্তু পতান বেছি হ'লে অশান্তিয়ে অশান্তি । পতান অৰ্থাৎ অসৎ সন্তান ।

     মূৰৰ ওপৰত আকাশখন ভাগি পৰিলেও পৃথিৱীত ভৰিখনেৰে হেঁচি ধৰিব । যদি পৃথিৱীখনে তললৈ নিব বিচাৰে তেন্তে ভগৱানক নেৰিব । চাব পুৱাৰ সুৰুযটো পূৱাকাশত দেখা পাব ।

       গাখীৰৰ সোৱাদ গৃহস্থই পায় গোৱালে ক'ত পাব ? লেখনিৰ সোৱাদ লেখকে হে পায় । গংগা জলৰ পৰা বৰষুণৰ পানীক পৃথক কৰিব নোৱাৰি । ঠিক তেনেদৰে এবাৰ লিখিবলৈ আৰম্ভ কৰিলে তাক জীৱনৰ পৰা পৃথক কৰিব নোৱাৰি । লেখকৰ বিচিত্ৰ ভাবাবেগ বা অনুভূতিৰ তীব্ৰতা অনুযায়ী বাক্যত শব্দৰ প্ৰবেশ ঘটে আৰু অৰ্থ প্ৰকাশ কৰে । শব্দৰ অৰ্থ পৰিৱৰ্তনৰ ইতিহাস , সৰস আৰু চিত্তাকৰ্ষক হয় । সকলোৱে লিখিব নোৱাৰে । মন মগজুত সেই ইচ্ছা থাকিলেও নোৱাৰে । যিদৰে দিয়াশলাইৰ কাঠি গাত ঘঁহিলে জুই নজ্বলে ।

     নিগনিয়ে কাপোৰ কুটাৰ দৰে কেৰ্কেটুৱাই বাৰী শেষ কৰাৰ দৰে সৎ বন্ধুৰ সংস্পৰ্শত আহিলে নষ্ট চৰিত্ৰ ধ্বংস কৰে । এডাল মম বাতিৰ জুইৰে হেজাৰ ডাল জ্বলাব পাৰি । এজন সৎ বন্ধুৰ দ্বাৰা হেজাৰ জনক সৎ বনাব পাৰি । তদ্ৰূপ দুষ্ট সংগৰ দ্বাৰা পঙ্কজৰ পৰা পঙ্কলৈ গতি কৰিব পাৰি । 

      বৰ্তমান সমাজত কিছুমান লোকৰ স্বভাৱত জান্তব গুণ থকা বাবে জগতখন অস্থিৰ হৈ গৈ আছে ।


✍️ড° ৰুণুমী দত্ত ডেকা , ৰঙিয়া ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)