ফুলশয্যাৰ নিশা (খণ্ড - ১২)-তীৰ্থ পিন্টু বৰা

©Admin
0
....... নূপুৰক লগত লৈ ঋত্বিক বজাৰ কৰিবলৈ গ'ল । ঋত্বিকে মিঠা মিঠা আৰু চলাহি কথাৰে নূপুৰৰ মন জয় কৰিবলৈ আপ্ৰাণ চেষ্টা চলাইছে । নূপুৰ ক'ত বজাৰ কৰিবা 'বিশাল' নে 'বাজাৰ ইণ্ডিয়া' ?
: দুয়োখনতেই সোমাম , য'ত ভাল লাগে তাতেই ল'ম...
: কিন্তু শ্বপিং মলতটো বৌৰ কাৰণে কাপোৰযোৰ নাপাবা , প্ৰথম ছিল্ক হাউচলৈকে যাওঁ নেকি...
: তুমি জানা ! আগতে সিদ্ধান্ত লোৱা ক'ত যাবা । বিহুৰ বতৰ ভিৰ লাগিব , বাইকখন থ'বলৈ অসুবিধা হ'ব... 
: প্ৰথমে বৌৰ কাপোৰযোৰ লৈ লওঁ , তাৰ পাছত বাকীবোৰ... 
: ঠিক আছে ছিল্ক হাউচলৈকে যাওঁ তেনে , বাইকখন ৰখাই দিলে ঋত্বিকে । তুমি অকণমান ৰোৱা , মই "ATM" ৰ পৰা আহিছোঁ । পইচা কেইটা পকেটত ভৰাই "ATM"টোৰ ওচৰৰ পাণ দোকান খনৰ পৰা চিগাৰেট এটা লৈ জ্বলাই ল'লে । পাণ খাবা নেকি নূপুৰ ?
: নাই , মই সেইবোৰ একো নাখাওঁ । তুমি চিগাৰেট খাই কি সোৱাদ পোৱা ? চিগাৰেট বস্তুটো মোৰ একেবাৰে হজম নহয় । খাই থকা জনৰ প্রতি আপত্তি নাই , কিন্তু সেই ধোঁৱাবোৰে...!
: তাৰমানে তুমি মোক বেয়া পাইছা...
: যদি বুজিয়ে পাইছা চিগাৰেটটো পেলাই দিয়া... ঋত্বিকে চিগাৰেটটো মাটিত পেলাই ভৰিৰে মোহাৰি পেলালে...  
: আজিৰ পৰা আৰু কেতিয়াও চিগাৰেট নাখাওঁ... 
:  প্রমিছ কৰা...
: প্ৰপিন্ৰছোঁ , আজিৰ পৰা মই চিগাৰেট নাখাওঁ ।
: ঋত্বিক তোমাক মোৰ এই কাৰণেই ভাল লাগে । তুমি মোক সন্মান কৰা , বুজি পোৱা ইয়াতকৈ আৰু কি লাগিছে মোক ? তোমাক বন্ধু হিচাপে পাই মই বহুত সুখী ।
: নূপুৰ...! মই কিন্তু তোমাক বন্ধুৰ চকীখনৰ পৰা আঁতৰাই , মোৰ হিয়াৰ ফুলনিৰ মালি সজাব বিচাৰোঁ...!
: বাৰু , মোক অলপ সময় লাগিব । মৰমবোৰ মৰম হৈয়ে থাকিবলৈ দিব লাগে , মৰমক সম্পৰ্কেৰে বান্ধিবলৈ গ'লেই সম্বন্ধত আউল লাগে । ব'লা এতিয়া...
: তুমি যিমান সময় লোৱা ল'ব পাৰা , কিন্তু মনত ৰাখিবা নূপুৰ তোমাৰ অবিহনে মই আধৰুৱা । কথাষাৰ কৈয়ে ঋত্বিকে বাইকখন ষ্টাৰ্ট দিলে । উঠা নূপুৰ...
: ব'লা...


            কিছুদূৰ যোৱাৰ পাছত বাইকখন ৰখাই ছিল্ক হাউচলৈ সোমাই গ'ল । নানা ৰঙী কাপোৰবোৰ সুন্দৰকৈ সজাই থৈছে । দোকানখনত গ্ৰাহকৰ ভিৰ লাগিছে । নূপুৰ কি কাপোৰ ল'বা তুমি চাই লোৱা...
: দাদা , পলিপাটৰ কাপোৰ হ'ব নে ?
: হ'ব বাইদেউ ,আপুনি ভিতৰলৈ সোমাই আহক - দোকানী ল'ৰাজনে ক'লে । নূপুৰ আৰু ঋত্বিক ভিতৰৰ কোঠাটোলৈ সোমাই গ'ল । ৰঙা , হালধীয়া , গুলপীয়া কাপোৰবোৰ উলিয়াই দিলে...

: চাওক বাইদেউ কোনযোৰ লাগে । বিশ শতাংশ ৰেহাই দিয়া হ'ব ।
: গুলপীয়া সাজযোৰ বৰ বেয়া লগা নাই দেই নূপুৰ... কাপোৰযোৰ লিৰিকি-বিদাৰি চালে ঋত্বিকে । এইযোৰ কিন্তু তুমি পিন্ধিলে বৰ ধুনীয়া লাগিব । তোমাৰ পছন্দ হৈছে নাই বাৰু ?
: ভাল লাগিছে , দাদাৰ লগত আহিব লাগিব । এতিয়া বৌৰ কাৰণে চোৱা অলপ কম ফুলৰ...
: কাপোৰযোৰ যদি তোমাৰ ভাল লাগিছে তুমি লৈ লোৱা , টকা মই দিম ।
: নালাগে বাৰু মোক ইমান দামী উপহাৰ দিব...
: তাৰ মানে কাপোৰযোৰ নিকিনা ? হ'ব দিয়া , নিজৰ বুলি নাভাবাই...
: তুমি কথাবোৰ বৰ ওলোটাকৈ বুজা...
: মই ঠিকেই বুজোঁ , তুমিহে বুজিও নুবুজাৰ ভাও ধৰা... 
: হ'ব , ধৰি থকা কাপোৰযোৰ । বৌৰ কাৰণে এযোৰ চাই লওঁ...
: বৌৰ কাৰণে ৰাণী কালাৰৰ যোৰ লোৱা , 
: ঠিক আছে , তোমাৰ পছন্দেই মোৰ পছন্দ । ময়ো ৰাণী কালাৰৰ ল'ম বুলিয়েই ভাবি আছিলোঁ ।

         কাপোৰ দুযোৰ আনি কাউণ্টাৰত দি বিল পে কৰি বাইকখন পাৰ্কিংত থৈ দুয়ো আকৌ 'বিশাল' লৈ ৰাওনা হ'ল । শ্বপিং মলত বিহু উপলক্ষে লগাই থৈছিল - "বেঁকা-বেকিকৈ চাই মোলৈ কলিজা নাখাবা / চিধা চিধিকৈ কৈ দিয়া যদি ভালেপোৱা..." । বিভিন্ন ডিজাইনৰ কুৰ্তাবোৰ নূপুৰে ইটোৰ পাছত সিটো গাত দি চালে । যিটোৱে তাইৰ পছন্দ হয় সেইটো ডাঙৰ নাইবা সৰু হয় । নূপুৰৰ বৰ খঙ উঠিল... ঋত্বিকৰ হাতত ধৰি বাহিৰলৈ উলিয়াই আনিলে...

: কি হ'ল নূপুৰ ? এনেকৈ মোক চোঁচৰাই আনিলা যে...! 
: দহ বাৰটা মান কুৰ্তা চালোঁ কিন্তু মোৰ চাইজৰ এটাও পোৱা নাই...
: এনেকৈ চোঁচৰাই অনাৰ বাবে মানুহে আমাক ঘূৰি ঘূৰি চাইছে , এতিয়া কি কৰিবা পিছে ?
: 'বাজাৰ ইণ্ডিয়া' যাওঁ ব'লা । মেইন ৰাস্তাটো ঋত্বিকৰ হাতত ধৰি পাৰ হ'ল নূপুৰ । 'বাজাৰ ইণ্ডিয়া' ৰ দুৱাৰমুখ পোৱাৰ লগে লগেই ল'ৰাজনে গ্লাচৰ দুৱাৰখন খুলি দিলে । দুয়ো কাপোৰ চোৱাত ব্যস্ত । নূপুৰে খুচৰি খুচৰি মনৰ পছন্দৰ কুৰ্তা এটা পালে । এইবাৰ ঋত্বিকৰ বাবে টি-চাৰ্ট এটা চালে । ঋত্বিকে নিজেই জাপৰ মাজৰ পৰা নীলা টি-চাৰ্ট এটা উলিয়াই আনিলে । ঋত্বিক ব্ৰেণ্ডডেট চোৱা , এইটো কালাৰ যাবও পাৰে...
: মৰমত দিয়া বস্তু ব্ৰেণ্ডডেট নহ'লেও চলি যাব...
: মোৰ ভাল লগা নাই , লিভাইছৰ এটা চোৱা...
: তুমিও যে আৰু , দাদালৈ ল'লা নাই ?
: চাই আছোঁ... দাদাই ফৰ্মেল ভালপায় । সেয়ে ভাবিছোঁ টি-চাৰ্ট লওঁ নে চাৰ্ট লওঁ...
: ফৰ্মেল ভাল পাই যদি চাৰ্ট এটাকে লোৱা...

           বস্তু কেইপদ লৈ নূপুৰ লাইনত ঠিয় হ'ল । বহুত দীঘলীয়া লাইন । নূপুৰৰ আগত বিশজন মান মানুহ আছে । অলপ সময় লাগিব । ঋত্বিক শুনা...! তুমি লাইনত ঠিয় দি থাকা , মই পাৰ্লাৰৰ পৰা আহোঁ । এইটো লোৱা পাঁচ হাজাৰ আছে । মই আহি নাপালে তুমি পেইমেণ্ট কৰি দিবা...
: ঠিক আছে যোৱা , তুমি পাবাহিয়ে...!
: মই আহিছোঁ , তুমি বাইকখনৰ ওচৰতে ৰ'বা ।

          হাঁহি হাঁহি ওলাই গ'ল নূপুৰ ।  কথাবোৰ নীহাক কৈ দিয়াই ভাল হ'ব বুলি ভাবি ঋত্বিকে নীহালৈ ফোন লগালে...

: হেল্ল' ...! ঋত্বিক কোৱা , ক'ত আছা ?
: 'মই বাজাৰ' ইণ্ডিয়াত আছোঁ...
: কি বজাৰ কৰিছা ?
: মই বজাৰ কৰা নাই , নূপুৰ আহিছে লগত । তাই বিহুৰ বজাৰ কৰিছে...
: অ' ভালেই কৰিছা , তুমি যিমান পাৰি সিমান ইমপ্রেচ কৰিবলৈ চোৱা...! পিছে তোমাক কিবা দিলে নেকি ?
: টি-চাৰ্ট এটা দিছে...
: আৰু তুমি ?
: কাপোৰ এযোৰ দিলোঁ...
: সাৱধান...!  বৰ হুৱাদুৱা নকৰিবা...
: সেইবোৰ আৰু মোক শিকাব লাগে নেকি..! ইমানেই সুন্দৰ অভিনয় কৰিছোঁ যে সেয়া মিছা প্ৰেম বুলি কোনেও সন্দেহেই কৰিব নোৱাৰে...
: good , মনৰ কথাবোৰ নূপুৰক কৈছা নে নাই ?
: মুখ খুলি কোৱা নাই , কিন্তু আওপকীয়াকৈ আজি কৈ দিলোঁ , নূপুৰে অলপ সময় বিচাৰিছে ।
: তাৰমানে তোমাৰ প্ৰেমৰ জালত মাছ সোমাইছে আৰু...! চাবা যাতে মাছটো জাল ফালি ওলাই নাযায়...
: মোৰ জালত পৰা এটাও মাছে আজিলৈকে জাল ফালি ওলাই যাব পৰা নাই... ইয়াতকৈ ডাঙৰ মাছ মোৰ জালত ফচি গৈছে , 
: ঠিক আছে , এতিয়া ৰাখোঁ দিয়া...
: ok , মই তোমাক আপডেটবোৰ জনাই থাকিম ।ফোনটো কাটি দিলে নীহাই...
: হেল্ল'...! হেল্ল'...!  

          ঋত্বিক লাইনতে থিয় দি আছিল । নূপুৰ পাৰ্লাৰৰ পৰা ওলাই বাইকখনৰ ওচৰতে ঠিয় হৈ আছিল । দহ-পোন্ধৰ মিনিটমান পাৰ হৈ যোৱাৰ পাছত নূপুৰ আকৌ মলখনলৈ সোমাই আহিল...

: ঋত্বিক , তোমাৰ চাগৈ আমনি লাগিছে ন ? মই পাৰ্লাৰৰ পৰা ওলাই বাইকখনৰ ওচৰতে পোন্ধৰ মিনিট মান wait কৰিলোঁ । তোমাক নেদেখি সেয়ে ইয়ালৈকে গুচি আহিলোঁ....
: তুমি আকৌ ইয়ালৈ অহাতকৈ মোক ফোন এটা কৰি লোৱা হ'লেও হয়...
: মোৰ মবাইলটোত চার্জ নাছিল , অফ হৈ আছে...
: অ' ৰক্ষা...! আৰু দুজন আছে , পাঁচ মিনিট মান লাগিব...
: বহুত সময় হ'ল ঋত্বিক । কিবা এটা খাই যাম দেই , মোৰ বৰ ভোক লাগিছে....
: মোৰো অলপ অলপ ভোক লাগিছে , ৰ'বা পেইমেণ্টটো কৰি লওঁ ।

              বস্তুকেইটা হাতত লৈ দুয়ো ওলাই গ'ল , ইফালে সিফালে চাই দুয়ো ন'ভা আখললৈ সোমাই গ'ল । টেবুলখনত বহাৰ লগে লগেই ৱেটাৰজন আহি মেনুখন আগবঢ়াই দিলে । কি খাবা ?
:  মেনুখন চাই লওঁ দিয়াচোন..
: লোৱা , ওপৰৰ পৰা তললৈ চকু ফুৰালে নূপুৰে...
: ছিলি চিকেন আৰু বাটাৰ নানকে অৰ্ডাৰ কৰোঁ , নে তুমি বেলেগ কিবা খাবা ?
: মই চিকেন চাও খাম । ৱেটাৰ...ঋত্বিকে মাত লগালে ।
: ছাৰ কি খাব আপোনালোকে ? ৱেটাৰজনে বৰ নম্ৰ সুৰত ক'লে...
: ছিলি চিকেন আৰু বাটাৰ নান এটা , চিকেন চাও এটা...
 
               অৰ্ডাৰটো লৈ ৱেটাৰজন গ'লগৈ । ঋত্বিকে নূপুৰক এবাৰ ভালদৰে লক্ষ্য কৰিলে ,
...সঁচাকৈয়ে বৰ মৰম লগা ছোৱালীজনী , কিন্তু মই নিৰুপায় ! কেইটামান টকাৰ বাবেই কি কি যে কৰিব লগা হৈছে...নূপুৰৰটো কোনো দোষ নাই । ককায়েকৰ সামান্য এটা ভুলৰ বাবেই নূপুৰে নিজৰ জীৱনটো হেৰুৱাব লগীয়া হ'ব...
: ...তললৈ মূৰ কৰি কি ভাবি আছা ঋত্বিক ?
: একো ভবা নাই , মানুহৰ জীৱনটো সঁচাই বৰ বিচিত্ৰ । জীৱনৰ বাটত বহুজনকেই লগ পোৱা হয় । তাৰ মাজৰে কোনো এজনে হৃদয়খন অধিকাৰ কৰি লয় । 
: মানুহৰ জীৱনটোৱেই তেনেকুৱা । আমি সকলোৱে জীৱন নাটৰ একো একোজন ভাৱৰীয়া । ধৰি লোৱা জীৱনত লগ পোৱা যিবোৰ মানুহ তোমাৰ কাষৰ পৰা আঁতৰ হৈ গৈছে তেওঁলোকৰ অভিনয় সিমানতে শেষ হৈছে আৰু যি জন ব্যক্তিয়ে তোমাৰ হৃদয়খন অধিকাৰ কৰি লৈছে সেইজন ব্যক্তি জীৱন নাটৰ মুখ্য অভিনেতা বা অভিনেত্ৰী...
: তুমি ঠিক কথা কৈছা নূপুৰ ! দুয়ো কথা পাতি থাকোঁতেই ৱেটাৰজনে অৰ্ডাৰ কৰা বস্তুকেইটা সুন্দৰকৈ সজাই আনি টেবুলত থ'লে । ঋত্বিকে তাৰ থালখনৰ পৰা অলপ চাও নূপুৰৰ থালখনত বাকী দিলে । নূপুৰেও ঋত্বিকক নান এটুকুৰা আৰু চিকেন কেইডোখৰমান তাৰ থালখনত ঢালি দিলে । হঠাৎ নূপুৰৰ ঘড়ীটোত চকু পৰিল , ডেৰটা বাজিল । ঋত্বিকে বিল পৰিশোধ কৰাৰ পাছত দুৱাৰখন খুলি বাহিৰলৈ ওলাই আহিল । বাহিৰত চিপচিপিকৈ বৰষুণ পৰিছে । চকু চাট্ মাৰি ধৰাকৈ বিজুলী আহিছে । কিছুসময়ৰ পাছত হয়টো এজাক দোপাল-পিটা বৰষুণ আহিব । বতৰটো বৰ বেয়া দেখোন , ডাঙৰ বৰষুণ হ'ব পাৰে । অলপ সময় ইয়াত ৰৈ দিওঁ নেকি...!
: মোৰ বহুত দেৰি হৈ যাব ঋত্বিক । মই অটো' এখন লৈ গুচি যাওঁ নহ'লে , 
: তুমি এবাৰ ভালকৈ চোৱা । বতাহ মাৰি আছে , বতৰৰ কথা একো ধৰিব নোৱাৰি । অলপ ৰৈ দিলে কি অসুবিধা হ'ব তোমাৰ ?
: বিশেষ অসুবিধা নহয়... কাইলৈ দাদা আহিব , আজি পিঠাগুৰি খুন্দিব লাগিব । বৰা চাউলৰ পিঠাগুৰি অকলে খুন্দিব নোৱাৰে বৌয়ে । সেয়ে ভাবিছোঁ অটো' এখন লৈ মই গুচি যাওঁ...
: ৰ'বা , মই অটো' এখন মাতি দিছোঁ...

         বতৰ বেয়া হোৱাৰ বাবেই সকলো অটো', ৰিক্সা নিৰাপদ স্থানত ৰৈ আছে । হঠাৎ প্ৰকৃতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিলে । সমগ্ৰ পৃথিৱী আন্ধাৰে গ্ৰাস কৰিলে , প্ৰবল বেগেৰে ধুমুহা আৰু শিল বৰষুণ হ'বলৈ ধৰিলে , বতাহত গছৰ ডালত থকা চৰাই বাহবোৰ মাটিত বাগৰি পৰিল , গছৰ ডাল ভাগিল , প্ৰকাণ্ড প্ৰকাণ্ড গছ উভাল খাই ৰাস্তাত বাগৰি পৰিল , বিদ্যুৎ সংযোগ বিচ্ছিন্ন হ'ল , বহু ঘৰ বতাহত ভাগি পৰিল । প্রায় দুঘণ্টা মান সময়ৰ ভিতৰতে গোটেই চহৰখন ধুমুহাই গ্ৰাস কৰিলে । নূপুৰে ভয়তে ঋত্বিকক সাবটি তাৰ বুকুৰ মাজত সোমাই থাকিল । ক্ৰমান্বয়ে বৰষুণ আৰু বতাহ কমিবলৈ ধৰিলে । ঋত্বিক আৰু নূপুৰ দুয়ো বাইকখনৰ ওচৰলৈ গ'ল । বাইকখনৰ ওপৰত বৈদ্যুতিক খুটা এটা ভাগি পৰি আছে । গতিকে বাইকখন তাতে এৰি অটো' এখন বিচাৰি নূপুৰক ঘৰলৈ পঠিয়াই দিলে...


( ক্ৰমশঃ )


✍️তীৰ্থ পিন্টু

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)