আজি আইৰ অন্তৰজগত ব্যাথিত
খলা-বমা মন দৰ্পণত প্ৰতিবিম্বিত
জনৰণ্যৰ স্তব্দৰেখাৰ গতি-প্ৰকৃতি
উশাহত বিভীষিকাৰ গোন্ধ।
প্ৰণিপাত আৰ্য্যভট্ট,
তোমাৰ সৃষ্টিয়ে অনন্ত বিশ্বজগতক একাকাৰ কৰি পেলালে
সোঁৱৰাই দিলে অন্তৰৰ সনাতন সত্যক ।
মহানগৰীৰ ৰাজপথত প্ৰতিপত্তিৰ প্ৰদৰ্শনকাৰীৰ
শিকলিৱদ্ধ জীৱনচৰ্য্যাক উপহাস কৰিছে
মৃত্যুক তুচ্ছ জ্ঞান কৰা এমুঠিৰ সংগ্ৰামত ৰতসকলে
বন্ধ জীৱন তোৰণ
বহুদূৰ জনসমাগম
ধ্বংসৰ বুকুতেই অংকুৰিত হ'ব সৃষ্টিৰ নতুন গজালি
ছেনিটাইজাৰ, মাস্কৰ অভিনৱ সংস্কৃতি গঢ় ল'ব
মুকলি হ'ব সমস্ত দুৱাৰ
আকৌ পথাৰত সোণগুটি সিঁচিব
দাৱনীৰ চাৱনিয়ে কাৰোবাৰ হৃদয় জুৰাব
ৰংঘৰৰ বাকৰিত সমবেত হ'ব ৰাইজৰ ভিৰ
নামঘৰৰ প্ৰাঙ্গণত অজস্ৰ কণ্ঠৰ পৰা নিগৰিত হ'ব
মধুময় ভক্তি সঙ্গীত
বাটৰ কাষত আলফুলে সৰি পৰা পাতবোৰে অনুভৱ কৰিব
কাৰোবাৰ পদস্পৰ্শ
পাহাৰ-ভৈয়ামৰ আদা ,কচু,পিঠা,জালুক........
স্বপ্ননীল আকাশৰ সুৰুযটো অধিক উজ্জ্বল হ'ব।
✍️কাজল সাহা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ