পদুম-মৌচম হাজৰিকা

তললৈ চালো
পানীৰ ঢৌত
নাচিলো 

পানীৰ বিচনাত 
বাগৰি 
আকাশ দেখিলো 

এদিন সূৰ্যই 
ক'লে- "মই তোমাক চাম" 

মই মিচিকিয়া হাঁহিৰে 
তেওঁলৈ চালো 

পানীৰ শীতলতা 
নে ৰ'দৰ আমেজ 

মাদকতা কʼত 
আজিও নুবুজিলো 

মাথোঁ পানীৰ ঢৌত
নাচি থাকিলো 

ৰʼদৰ আমেজত 
ওমলি থাকিলো।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send