এটি বিষাদৰ ঢৌ-বিটুমনি কোঁছ

©Admin
0
ধীৰ , শান্ত , বিশাল এখন নদীৰ
পকনীয়াত ,
স্বপ্নাতুৰ , ক্লান্ত , অলস বিষাদৰ
এটি ঢৌ ।
সোণোৱালী স্বপ্নৰে ভৰা  যৌৱনাৰ
উন্মনা নদী ।
মুহূৰ্ততে মুহূৰ্ততে স্মৃতি বোৰ কঢ়িয়াই 
অনা এটি ঢৌ ।
বুকুৰ মাজত অজস্ৰ পলসুৱা বেদনা
এৰি দিয়ে সৃষ্টিৰ বাবে ।
বুকু ফালি চিঞৰি যায় ৰোপণ কৰা
ন ন কঠীয়া ।
ৰঙীন হওঁক যৌৱনাৰ নদী দুয়ো পাৰৰ
বিশালতা ।
বিশাল আকাশৰ তলত সৃষ্টি হওঁক
এখন সেউজীয়া ধাননি ।
মুক্ত আকাশত উৰি ফুৰা চৰাই জাক
তললৈ নামি আহিব ।
খিচমিচ অকণি চৰাই জাকে গৰ্ব কৰিব
এইখন আমাৰ পৃথিৱী ।

 
✍🏻বিটুমনি কোঁছ
ধেমাজি  ( মাছখোৱা)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)