শত সহস্ৰ শব্দৰ নিবন্ধে
অসীম ত্যাগৰ সাধনাত
আজি মই অধিবক্তা।
বিজ্ঞজনৰ যুক্তি আৰু তৰ্ক
খণ্ডন কৰি সফলতা আনিবলৈ
দিনৰ পিছত দিন সাধনাত বৰ্তি
অধিবক্তা হৈ কৰিছোঁ কাৰ্য।
নিৰ্যাতিতাৰ স্বাৰ্থ ৰক্ষাৰ্থে
দিন-ৰাতি একাকাৰ কৰি
নিপীড়িতৰ মুখত হাঁহি ফুটাবলৈ
নিন্দ্ৰাক্লিষ্ট কাতৰ যজ্ঞত মগ্ন।
অসহায় বাদী আৰু বিবাদীৰ
সমিধান বিচাৰি বিচাৰি।
তাৰেই সন্ধানত আজীৱন
সৰ্বদায় ব্যস্ত আৰু ব্যস্ত।
দুষ্টজনৰ দুষ্ট কাৰ্যক
প্ৰতি খোজে খোজে
অধিবক্তাই কৰে ব্যৰ্থ
ৰক্ষা কৰে নিপীড়িতৰ স্বাৰ্থ।
কু-কৰ্ম, কুসংস্কাৰ আঁতৰাই
সুশৃঙ্খল সুস্থ সমাজ গঢ়িবলৈ
দিন - ৰাতি একাকাৰ কৰি
আজি জাগ্ৰত প্ৰহৰী।
শত সংকটৰ পৰিত্ৰাণ বিচাৰি
ৰাখিবলৈ স্বদেশৰ মান
সংশয়, শংকাত বিধ্বস্ত সন্ধান
তাতেও অধিবক্তা বিৰাজমান।
শোকে সন্তাপে বৃত্তিগত সেৱাত
ব্ৰতী ন্যায় আৰু সত্য ভেদি
জয় পৰাজয়ৰ ভেটি সুদৃঢ় কৰি
সদায় উকিল অধিবক্তা সচেষ্টা ।
দিন-ৰাতি একাকাৰ কৰি
দ্বায়িত্ববোধ স্বীকাৰ কৰি
কৰ্মৰ প্ৰতি নাই আলস্যতা,
নাই কোনো অভিমান।
বহু প্ৰতিভাৰ খনিকৰ
বিশ্বব্যাপী আলোকৰ চাকি
জ্ঞানৰ সাগৰ অতুল্য প্ৰজ্ঞা
উকিল অধিবক্তা।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ