সাধাৰণ জ্ঞান-স্বাধীনতা দিৱস বিশেষ

পংখী মৰাণ
0
১. ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ সময়ত ভাৰতৰ গৱৰ্ণৰ জেনেৰেল কোন আছিল?
 ➖চাৰ্লচ জন কেনিং।
২. ব্ৰিটিছ চৰকাৰে জালিয়ানৱালা বাগ কাণ্ডৰ অনুসন্ধানৰ বাবে নিযুক্তি দিয়া আয়োগখনৰ নাম কি আছিল?
 ➖হাণ্টাৰ আয়োগ।
৩. দাণ্ডিযাত্ৰাৰ সময়ত কোনজন প্ৰখ্যাত সংগীতজ্ঞই ৰঘুপতি ৰাঘৱ ৰাজা ৰাম গাইছিল?
 ➖ বিষ্ণু দিগম্বৰ পালোস্কাৰ।
৪. কোনজন ভাৰত ৰত্ন প্ৰাপকৰ প্ৰদৰ্শন ১৯৪৭ চনৰপৰা ২০০৬ চনত তেওঁৰ মৃত্যু পৰ্যন্ত  স্বাধীনতা দিৱসত বিশেষভাৱে উপস্থাপন কৰা হৈছিল?
 ➖চেহনাই বাদক বিছমিল্লাহ খান।
৫. ১৯৩৮ চনত  সুভাষ চন্দ্ৰ বসুৱে কাক পৰাজিত কৰি ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি ৰূপে নিৰ্বাচিত হৈছিল?
 ➖বি. পাট্টাভি সীতাৰামায়া।
৬. কোনে প্ৰথমে চিপাহী বিদ্ৰোহক ভাৰতৰ প্ৰথম স্বাধীনতা যুদ্ধ আখ্যা দিছিল?
 ➖বিনায়ক দামোদৰ সৰকাৰ।
৭. কোনটো বছৰত ভাৰতীয় জাতীয় কংগ্ৰেছে ২৬ জানুৱাৰীত প্ৰথমবাৰলৈ স্বাধীনতা দিৱস উদযাপন কৰিছিল?
 ➖১৯৩০ চন।
৮. কোনখন অধিৱেশনত ভাৰতীয় জাতীয় কংগ্ৰেছে ৰাষ্ট্ৰীয় অৰ্থনৈতিক আৰু ৰাজনীতিক কাৰ্যসূচী তথা মৌলিক অধিকাৰৰ বিষয়ে প্ৰস্তাৱ গ্ৰহণ কৰিছিল?
 ➖কৰাচী অধিৱেশন(১৯৩১)
৯. ১৯১৯ চনত দিল্লীত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় খিলাফৎ সন্মিলনৰ সভাপতি কোন আছিল?
 ➖ মহাত্মা গান্ধী।
১০. কোনে সম্পূৰ্ণ স্বৰাজক কংগ্ৰেছৰ লক্ষ্য হিচাপে নিৰ্ধাৰণ কৰিবলৈ ১৯২০ চনৰ আহমেদাবাদৰ অধিৱেশনত প্ৰস্তাৱ দিছিল?
 ➖ হাচৰাট মহানী।

সংগ্ৰাহক = কুঁহিস্মিতা বৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)