একাঁজলী বিৰহ:(খণ্ড নং-৭)~বিটুমনি ভূঞা কোছ

©Admin
0
সকলোৱে নিজৰ নিজৰ জীৱনত সোমাই পৰিল।তগৰৰ চিন্তাত আউল লাগিল।তাই যেন সকলোৰে বাবে এটা বোজা হৈছে।কোনেও তাইৰ মনৰ ভাৱ বুজিব চেষ্টা নকৰে, যাৰ যেতিয়া প্ৰয়োজন হৈছে তাইক ব্যবহাৰ কৰিছে।নিজৰ আপোন মানুহৰ মাজত থাকিও তাইৰ নিৰাপত্তা নাই।

ৰণে তাইক জীৱনৰ পাঠ পঢ়ায়।এই স্বাৰ্থপৰ মানুহ বোৰৰ মাজত সোমাই থকা তাইৰ সৰলতাৰ খিনিৰ সুযোগ লোৱা এই আপোন মানুহবোৰৰ মনবোৰ যে  কিমান ঘৃণনীয় হ'ব পাৰে, তাইক বুজাবলৈ চেষ্টা কৰে।তাৰ নিস্বাৰ্থ প্ৰেমৰ সম্পৰ্ক টো এই ঘৃণনীয় মনৰ মানুহবোৰে ঘৃনীত কৰি পেলাইছে।

তগৰে মনতে ভাবিলে, শাহু আই কোৱাৰ দৰে তাই সঁচাকৈয়ে ৰণক এৰি যাব নোৱাৰে।তাই যৌৱনৰ প্ৰথম পুৰুষ।যাক তাই নিঃস্বাৰ্থ ভাৱে ভাল পায়।এগৰাকী বিধবা মহিলা হিচাপে নহয়, স্বামী গৃহত ভৰি দিয়েই ,তাইৰ সুখ দুখৰ সমভাগী হোৱা ৰণৰ বাবেই তাই হাঁহি হাঁহি জীৱনটো পাৰ কৰিব পাৰিছে।জীয়াই থাকিবলৈ কাৰোবাৰ প্ৰতি মোহ থাকিব লাগিব।আৰু তাইৰ মোহ হ'ল ৰণ।ৰণৰ লগত জড়িত তাইৰ জীৱন।ৰণৰ প্ৰেমিকা তাই।যি প্ৰেমৰ কোনো ভবিষ্যত নাই।তথাপিও ভবিষ্যতৰ লগত জড়িত।কৃষ্ণৰ প্ৰেমৰ প্ৰেমিকা মীৰাৰ লগত তুলনা  হয় ,তাইৰ প্ৰেম। 

 মাক দেউতাকৰ লগত তাই কিয় যাব।যি গৰাকী মাতৃয়ে স্বামী মৃত্যু হোৱা ১৭ বছৰীয়া জীয়েকৰ ভবিষ্যত চিন্তা কৰিব নোৱাৰে,আন চাৰিজনীৰ জীয়েকৰ ভবিষ্যতৰ কথা চিন্তা কৰি।যি গৰাকী মাতৃয়েপাঁচ ছয়টা সন্তান জন্ম দি ডাঙৰ সন্তানৰ হেঁপাহ পাঁহৰিব পাৰে।হয় ,তাই আজি বহু কথাই মনত পৰিছে।সৰু ভাই-ভনী কেইটাৰ ৰখীয়া তাই।মাকৰ কামত সহায় কৰি দিয়া লগৰী তাই।মাকৰ বুকুত মাত্ৰ দুবছৰ সোমাই পোৱা, সেই কণমানি জনীয়ে মাকে এবাৰ সাবটি একোলা লৈ চুমা এটা দিব বুলি বাৰে বাৰে কাষ চাপি অবহেলিত হোৱা কথা তাই আজিও মনত ভাঁহি আহে।

তাই বয়স তেতিয়া ১৪ বছৰ।নোৱা তুলনী বিয়াত তাইক পিন্ধোৱা বুটা-বচা মুগাৰ কাপোৰ সাজ আকৌ এবাৰ পিন্ধি চাবলৈ হেঁপাহ কৰাত,তাইক  মাকে কৈছিল, আৰু কেইদিনমান ৰ'হ।সদায় ধুনীয়া ধুনীয়া মেখেলা চাদৰ পিন্ধিবলৈ পাবি,মোৰ দৰে খোপা বান্ধি সেন্দুৰৰ ফোঁট ল'ব পাৰিবি। তাৰ বাবে তই বিয়া হ'ব লাগিব।তাই মেখেলা- চাদৰ পিন্ধাৰ হেঁপাহত বিয়া হ'ম, বিয়া হ'ম বুলি চিঞৰি উঠিছিল।তাইৰ কথা শুনি তাইৰ পাছৰ ভনীয়েক কেইজনীয়ে কৈছিল, আমি বিয়া নাপাতো ডাঙৰ স্কুলত পঢ়িবলৈ যাম।স্কুলৰ মুখ নেদেখা তগৰে সেই বোৰ ভাবিব নোৱাৰে।তাই মেখেলা চাদৰ পিন্ধাৰ হেঁপাহত বিয়া হোৱা দিনটোলৈ অপেক্ষা কৰি থাকিল।

সেই দিনা মাকে তাইক ,তাইৰ হেঁপাহৰ কাপোৰ সাজ পিন্ধাই ,খোপাটো বান্ধি ওৰণিখন দি ক'লে,-আজি তোৰ হ'বলগা স্বামী আহিব।

স্বামী মানে কি বৌটি,তাই মাকলৈ চাই কৈছিল।

স্বামী মানে দেৱতা।স্বামী ঘৰত ধুনীয়া ধুনীয়া  মেখেলা চাদৰ আছে।

তাই মনৰ আনন্দত স্বামী অহালৈ বাট চাই আছিল।নিদিষ্ট সময়ত স্বামী আৰু মাক আহিল।লগতে আৰু দুটা মানুহে বহুত  খোৱা বস্তু আৰু তাইলৈ এজোৰ কাপোৰ আনিছিল।মাকে শিকাই দিয়া মতে তাই শাহুয়েক আৰু ভাবি স্বামীক ভৰি চুই সেৱা কৰিছিল।দীঘলকৈ ওৰণিখন লৈ খোজকাঢ়ি যাওঁতে তাই উজুতি খাই পৰিব লওঁতে শাহুয়েকে তাইক থাপমাৰি ধৰি ওৰণিখনৰ তলেৰে তাইক জুমি চাই কৈছিল, বাপু আমাৰ বোৱাৰী পূৰ্ণিমাৰ জোন।

ৰাতি ভাতৰ পাতত বহি বাপেকে মাকলৈ চাই কৈছিল, জোৱাইৰ বয়স হৈছে।ডাঙৰ আইক বিয়া নিদিওঁ।মাকে জাঙুৰ খাই উঠিছিল, পুৰুষৰ বয়স চাব নেপায়,কৰ্ম আৰু ধন টকা পইচা লাগে।দুটাকৈ ম'হৰ খুটি আছে।মাটি বাৰী, আমাৰ ছোৱালীয়ে ৰাণী হৈ খাব।পাঁচ জনী ছোৱালী বিয়া দিব লাগিব।প্ৰথম যাত্ৰাত কেনা নলগাব।ওৰণি খন দীঘলকৈ লোৱা বাবে মই মোৰ হ'ব লগা স্বামীক দেখা পোৱা নাছিলোঁ।

এনকৈয়েই এদিন ৰাতি গাওঁৰ ৰাইজক এসাজ খুৱাই তাইক স্বামী ঘৰলৈ পঠিয়াই দিলে।আৰু তাইৰ দায়িত্বৰ পৰ মুক্ত হ'ল।

কথাবোৰ মনত পেলাই কান্দি কান্দি বহু ৰাতিলৈ তাই টোপনি নাহিল।কুকুৰাই ডাক দিয়া সময়ত চকু হাল জাপ খাই আহিছিল।

ৰাতিপুৱা বহু দেৰিকৈ শুই থকা তগৰে শাহুয়েকৰ মাতত সাৰ পালে।দৰৰ্জাখন ঢকিয়াই ঢকিয়াই শাহুয়েকে তাইক উঠিবলৈ চিঞৰি আছে।

আই আপুনি মোক ঘৰলৈ নপঠাও বুলি ক'লেহে মই উঠিম।তগৰে বিছনাত শুই থকা পৰাই চিঞৰি ক'লে।  

 আগলৈ,,,,,।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)