বেগম-জান (খণ্ড-৯)-উৎপল মৰাং

©Admin
0
অৰ্পনাৰ মনত এটা কথাই বহুত কষ্ট দি থাকিল । তাই আজাদে তাইক এৰি গ'ল বুলি ভাবি আছে । কিন্তু আজাদে যে তাইকে ভালপায় তাই বুজিয়েই পোৱা নাই । অৰ্পনাই হয়তো আজাদৰ নাম্বাৰটো কেতিয়াও ব্লকৰ পৰা নুলিয়াব । কিন্তু আজাদ যে তাইৰ ভালপোৱাত পগলাৰ দৰে হৈ আছে । সি তাইলৈ সদায় মেচেজ দিয়ে , কিন্তু অৰ্পনাৰ পৰা কোনো ৰিপ্লাই নাহে । সি গম নাপায় যে তাই তাৰ নাম্বাৰটো ব্লক কৰিলে ।অৰ্পনাৰ মনটো ইমানেই বেয়া লাগিল যে দুদিন মানৰ পাছত তাই ৰাণীৰ নাম্বাৰটোও ব্লক কৰি দিলে । কেইদিন মানৰ পাছত উপায় নাপাই আজাদ অৰ্পনাৰ ঘৰলৈ গ'ল ।

: ৰাণী ।(বাহিৰৰ পৰা আজাদে ৰাণীক মাতিলে।)

ৰাণীয়েও ভিতৰৰ পৰা আহি দৰ্জা খুলিলে ।

: আজাদ দা ! আহা , ভিতৰলৈ আহা । মা , আজাদ দা আহিছে ।

: আজাদ দা তোমাৰ গা বেয়া নেকি ?
: নাই নহয় কিয় ?
: নহয় মানে তুমি মনটো মাৰি আছা যে ?
: উমম । কথা এটাৰ বাবে তোমাৰ ওচৰলৈ আহিছোঁ । 
: কি কথা আজাদ দা ?
: কিনো ক'ম অ' তোমাক ।সেইদিনা যে অৰ্পনা কলেজলৈ আহিছিল । মোক কিবা ক'ব বিচাৰিছিল জানা ।কিন্তু খঙত মইহে নুশুনিলোঁ ।ঘৰলৈ গৈ অলপ পাছত তাইৰ মেচেজ আহিল । কিন্তু মই মেচেজটোৰ পাছত ৰিপ্লাই দিম বুলি থৈ দিলোঁ কিন্তু আজি কেইবাদিনো পাৰ হৈ গ'ল তাই ৰিপ্লাই দিয়া নাই ।ফোন কৰিবলৈও তাই মানা কৰি থৈছে । কি কৰোঁ এতিয়া মই ?
: আজাদ দা তাই কিজানি  তোমাৰ মেচেজ চোৱাই নাই ?
: নাই তাই মেচেজ চাইছে ।কিয় তাই এনেকুৱা কৰিছে ক'ব নোৱাৰোঁ ।
: মোৰ পৰা ফোন এটা কৰি চাওঁ নেকি ?
: উমম ৰাণী ,কৰাচোন ।
 
ৰাণীয়ে মোবাইলটো আনিবলৈ ভিতৰলৈ গ'ল আৰু মোবাইলটো লৈ তাই আকৌ আহিলে ।

: ৰ'বা কৰোঁ ।
: উমম কৰা ।

ৰাণীয়ে অৰ্পনালৈ ফোনটো লগালে । কিন্তু বিজি বিজি বুলি ক'লে । আকৌ কৰিলে সেই একেই । আকৌ বহুত বাৰ কৰিলে কিন্তু বিজি ।তেতিয়া দুটাই বুজি পালে যে তাই ৰাণীৰ নাম্বাৰটো ব্লক কৰিলে ।

: আজাদ দা , মোৰ নাম্বাৰটো তাই ব্লক কৰি থৈছে ।
: গম পাইছো ৰাণী । কিন্তু তাই আকৌ তোমাৰ নাম্বাৰটো কিয় ব্লক কৰিছে ?
: নাজানো আজাদ দা ।তোমাৰ পৰা এবাৰ কৰাচোন ।
: অ ৰ'বা ।

আজাদে অৰ্পনালৈ ফোন কৰিলে । কিন্তু সেই একেই হ'ল ব্লক । দুয়ো একোকে বুজি পোৱা নাই কি হৈছে ।

: ৰাণী , তাই কিয় এনেকোৱা কৰি আছে ? তাইক দিয়া মেচেজবোৰ কিজানি দেউতাকে পঢ়িছে । তাই বাধ্যত পৰি এনেকুৱা কৰা নাইটো ? তাই মোক ভালপায় ন ৰাণী ?
: উমম দাদা , তাই ছোৱালীজনী ভাল । তোমাক ভালপায় তাই । তুমি কোৱাৰ দৰে তাই হয়তো দেউতাকৰ বাবেই তোমাৰ পৰা আঁতৰি গৈছে ।
: ৰাণী মই যাওঁ । তুমি মাথোঁ তাইৰ কিবা খবৰ পালে মোক জনাবা । Bye ।
: উমম জনাম । Bye ।

আজাদ ৰাণীৰ ঘৰৰ পৰা গুচি গ'ল । ইপিনে অৰ্পনাই আজাদে তাইৰ কথাবোৰ গম পোৱাৰ বাবে এনেকুৱা কৰিছে বুলি ভাবি থাকিল । কিন্তু অৰ্পনা-আজাদৰ কথা পৰিয়ালৰ মানুহে নুবুজে এনে নহয় । অৰ্পনাৰ নেউতাক এজন ভাল মানুহ । নিজৰ ছোৱালী জনীৰ সুখৰ বাবে পাৰে মানে কাম কৰে ।দেউতাক অৰ্পনাৰ ওচৰলৈ গ'ল । তাইৰ লগত কথা পাতিলে।

: মাজনী , তোৰ সুখতেই আমাৰ সুখ । তই বিচৰাৰ দৰে মই তোক একো দিব পৰা নাই । তোক সদায় গালি দিওঁ কাৰণ মই তোৰ ভালটো বিচাৰোঁ । মোক দেখিছ এদিন ইয়াত কাম কৰো এদিন তাত । যিকেইটা টকা পাওঁ ঘৰৰ খোৱা বস্তুৱেই আনো । তই বিচৰাবোৰ নো ক'ৰ পৰা দিম । তোৰ ভালপোৱাত মোৰ একো আপত্তি নাই , কিন্তু তোৰ বয়স হোৱা নাই । তই যদি এতিয়া সেইবোৰত মন দিয় তোৰ পঢ়া-শুনা বেয়া হ'ব । ধাৰ ঋণ কৰি তোক পঢ়াইছো মই । মানুহবোৰৰ টকাবোৰ মই ঘূৰাই দিব পৰা নাই , সদায় মোৰ পৰা বিচাৰি থাকে । ক'ৰ পৰা দিম ! মোৰ কথা নভবাকৈ কেৱল তোক পঢ়োৱাইছো । তই বিচৰা জনৰ লগতে মই তোক বিয়া কৰাই দিম । কিন্তু মাজনী এতিয়া তই পঢ় ।

      কথাবোৰ কৈ দেউতাক তাইৰ ওচৰৰ পৰা আঁতৰি গ'ল । দেউতাকে শেষত কোৱা কথাষাৰ শুনি অৰ্পনাৰ মনটো বহুত ভাল লাগিলে । কিন্তু তাই ভাবি আছে আজাদ আঁতৰি গ'ল বুলি । তাই এইবোৰ কথা এতিয়া আজাদক কেনেকৈ ক'ব ?

    এনেকৈ কেইবা বছৰো পাৰ হ'ল । অৰ্পনা এতিয়া এখন স্কুলৰ শিক্ষয়িত্ৰী । আজাদো এতিয়া এজন ভাল ডাক্তৰ আৰু এজন ভাল লেখক ।অৰ্পনাই তাৰ প্ৰায়বোৰ কিতাপতেই সদায় তাৰ আৰু তাইৰ কথাবোৰ বিচাৰি ফুৰে , কিন্তু এনেকোৱা কিতাপ আজাদে লিখাই নাই । এদিন হঠাৎ দুয়ো লগ হ'ল । দুয়ো বহুত সময় কথা পাতিলে।

: অৰ্পনা , তোমাৰ সেই মেচেজটো পোৱাৰ পৰা মই বহুত বাৰ তোমাৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছিলো , কিন্তু তুমি মোৰ নাম্বাৰ ব্লক কৰি দিছিলা । ৰাণীৰ নাম্বাৰো ব্লক কৰি দিলা ।
: তোমাক মই মেছেজটো দিয়াৰ পাছত বহুত সময় অপেক্ষা কৰিছিলো , কিন্তু তোমাৰ একোকে ৰিপ্লাই নাহিল । মই ভাবিছো তুমি মোৰ কথাবোৰ গম পাই মোৰ পৰা আঁতৰি গ'লা ।
: নাই , আল্লাহই মোৰ আব্বোক আমাৰ পৰা লৈ যোৱাৰ পাছত মোৰ একোতে মন নভৰা হৈ গ'ল । তাতে তুমিও !
: মোক ক্ষমা কৰি দিয়া ।
: একো নাই ।
: তুমি বিয়া পাতিলা নে ?
: বিয়া ! নাই মোৰ একোতে মন নবহা হৈ গ'ল । তুমি পাতিলা ?
: উমম পাতিলো ।
: অ...স্বামীয়ে কি কৰে তোমাৰ ?
: পাগল ,
: কি ?
: উমম পাগল । বিয়া পাতিলে মোৰ শিৰত সেন্দুৰ নাথাকিব নেকি ? ( অৰ্পনাৰ চকুপানী উলাই আহিল )
: আজিও মোক ভালপোৱা নে ?
: মই সদায় তোমাকেই বিচাৰোঁ । দেউতাইও মোক তোমাৰ লগতেই বিয়া দিম কৈছিল ।
: অ বুঢ়াটোৰ কি খবৰ ?
: ঐ মোৰ দেউতা বুঢ়া নহয় হা ।
: কলেই হ'ব নেকি তুমি ।
: ঐ...তেন্তে ।
: কি তেন্তে ?
: কি ?
: কি ?
: কি ?
: পাগল ।
: পাগলী ।

      দুয়ো হাতত ধৰা-ধৰিকৈ তাৰ পৰা গুচি গ'ল ।

: ঐ ল'ৰা । ব'লা আমাৰ ঘৰলৈ যাওঁ ।
: কি আজি ?
: উমম আজি আৰু যাবই লাগিব ।
: ok...ব'লা ।

    অলপ পাছত দুয়ো অৰ্পনাৰ ঘৰ পালেগৈ । অৰ্পনাৰ ঘৰটো দেখি আজাদ আচৰিত হৈ গ'ল । এটা সৰু ঘৰ । ঘৰৰ আগেদি এখন সৰু ফুলনি । ঘৰৰ বাৰাণ্ডাত উলমি থকা ফুলৰ টাব বোৰে ঘৰটোক আৰু ধুনীয়া কৰি ৰাখিছে । সি বহুত আকৰ্ষিত হ'ল । দুয়ো ভিতৰ পালেগৈ ।মাক উলাই আহিল ।

: মাজনী আহিলি 
: অ মা আহিলোঁ । মা এওঁ আজাদ ।
: আজাদ এওঁৱে নেকি ? ইমান মৰম লগা জোঁৱাইটো ।
: মা !
: হ'ব হ'ব লাজ কৰিব নালাগে ।
: বাৰু মা , তোমালেকে কথা পাতা মই কাপোৰ সলাই আহোঁ ।

    অৰ্পনা গুচি গ'ল ।

: খুড়ী , খুড়া নাই নেকি ?
: আছে , আহিব ৰ'বা ।

    আজাদ আৰু অৰ্পনাৰ মাকে কথা পাতি থাকোঁতে দেউতাক সোমাই আহিল ।

: খুড়া।
: তুমি ?
: এওঁৱে আজাদ । (মাকে ক'লে)
: অ বোপাই তুমিয়েই ।মাজনীয়ে তোমাৰ কথা ইমানেই কৈ থাকে , তুমি হেনো আঁতৰি গৈছিলা ! আজি আকৌ কেনেকৈ ?
: খুড়া বহুত কথা । আপোনাৰ জোঁৱাই হোৱাৰ পাছত ক'ম দিয়ক ।
: হ'ব হ'ব বোপাই ।

    সকলোৱে হাঁহিলে । অলপ পাছত মাকে সকলোকে ভাত খাবলৈ মাতিলে । আজাদে মানা কৰিছিল কিন্তু পিছত খাবলৈ গ'ল ।।

*গল্পটোৰ অন্তিমটো খণ্ড সোনকালে আগবঢ়াই দিবলৈ চেষ্টা কৰিম।আশা কৰিছো সকলোৱে মোৰ  এই গল্পটো আদৰি লৈছে।*


✍️উৎপল মৰাং ,
দেৰগাওঁ , গোলাঘাট ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)