মৃত্যুৰ দিনা-উৎপল মৰাং

পংখী মৰাণ
0
এদিন হঠাতে গুচি যাম মই আই ,
এখিলা পাতৰ চুপি বনাই দিবানে
মোৰ মুখত আপঙ অলপ ছটিয়াই ?
গা ধুৱাই মোৰ পুৰণি এলাগি কাপোৰবোৰ দিবানে খুলি ?
দিবানে মূৰত পাগুৰি মাৰি
নতুন কাপোৰ পিন্ধাই
মোৰ মৃত্যুৰ দিনা আই
তোমাৰ কোলাৰ সলনি , 
চাংঘৰত পশ্চিমলৈ মোৰ শিতান ৰাখিবা আই
মোৰ মৰমী জনীয়েও সুৰ লগাই কান্দোন জুৰিব নে আই ?
মোক ৰংকুকত ভৰাই দিবা
দ কৈ গাঁত খান্দিবা
মাটিৰে পোত যোৱা সমাধিৰ ওপৰত
মই মূৰ থোৱা তোমাৰ বগা এখনি চাদৰ তৰি দিবা ।
হয়তো সময়ৰ সোঁতত মোৰ অস্তিত্ব হেৰাই যাব ,
তথাপিও আই মোৰ বাবে তুমি সদায়
এবাটি আপঙ সাঁচি দিবা
মোলৈ মনত পৰাৰ দিনা । আহিম মই
আপঙ বাটি খায় যামহি আই ।
শুনা আই -
এইবাৰ লিগাংলৈ গালোক চোলা বলে
মোকো এটা দিবা ,
মই লিগাং চাবলৈ যাম আই
মই লিগাং চাবলৈ যাম ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)