তেজস্বী মন -সীমা ৰবিদাস

Aditi Tanti
0
মন থাকে কেতিয়াবা কিতাপৰ আখৰত , 
গৈ পাইগৈ সকলোৰে ভৰা খেলপথাৰত । 
       "মন" তুমি এনে কিয় ? 
               গৈ থাকা 
কেতিয়াবা এঠাইলৈ ,
            কেতিয়াবা আনঠাইলৈ । 
তুমি এখন চলন্ত ৰেল গাড়ীৰ যেনে কিয় ? 

মন যায় কেতিয়াবা ঘূৰি ফুৰিবলৈ , 
  কেতিয়াবা নিস্তব্ধ থাকিবলৈ ।  
    "মন" তুমি ইমান চঞ্চল কিয় ? 
   ভাবি থাকা , 
      পলকতে এটা কথা , 
               পলকতে আনটো কথা । 
     তুমি বাৰু ইমান বিশৃংখল কিয় ?

মনে ৰচে কেতিয়াবা সোণোৱালী সপোন ,  
      কেতিয়াবা থাকে উদং হৈ । 
  "মন" তুমি ইমান বিশাল কিয় ?
           সাঁচি থাকা , 
ভাল-বেয়া সকলো ৰবি
           মৰম-বিহগ সকলোৰে ছবি ।
তুমি এটা ৰসলগা সাধুৰ দৰে ৰসাল কিয় ? 

   "মন"তেজস্বী তুমি , তুমি মায়াময় , 
চেতনা ,ভাবনা ,বেদনা , কামনা ৰাখা কৰি সঞ্চয় । 

   একাগ্র তুমি , তুমিয়েই বিশৃংখল
       উদং তুমি , তুমিয়েই চঞ্চল

অনেক অনুভূতিৰ তুমিয়েই ভংগী , 
  চিৰদিনৰ মোৰ তুমিয়েই সংগী ।
 
"মন" তেজস্বী তুমি , তুমি মায়াময় , 
তোমাৰ অনুভৱ নাযায় কাহানিও ক্ষয় 
     তেজস্বী তুমি , তুমি মায়াময় ।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)