জীৱন - জয়া বড়ি

Aditi Tanti
0
জীৱন এক জীয়া কবিতা
বিশ্বাস বৰ মিঠা,
চঞ্চলতাই উদাস নকৰে
গঢ় দিয়ে জীৱন জয়ীৰ যুদ্ধা।

হেঁপাহে দিয়ে আশাৰ বতৰা
অসৎ চিন্তাই কৰে কোঙা,
পৰৰ বাক্যই তাচ্ছিল্য কৰে
আপোন চিন্তাৰ অধিকাৰী হোৱা।

অভাৱক স্বভাৱ নষ্টৰ আশ্ৰয় নিদি
আবিষ্কাৰ মূল সজোৱা,
নেহেৰুৱাই অতীত মধুৰতাক
নতুনত্বৰো আদৰ দিয়া।

বাস্তৱমুখী সংস্কাৰী হৈ
তত্ত্ব কথাৰ জ্ঞান লোৱা,
জীৱন বৰ অনুপম,নেখেলি খেলা
সুখ-দুখ হাঁহি-কান্দোন এয়াই জীৱনৰ মেলা।


   

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)