হকী সম্ৰাট মেজৰ ধ্যানচান্দ-মোহাইমিনুৰ ৰহমান

পংখী মৰাণ
0
হকীৰ যাদুকৰ মেজৰ ধ্যানচান্দৰ কথা নুশুনা মানুহ হয়টো বহুত কম আছে।যিজনে নিজৰ হকীষ্টিকৰ চমকপ্ৰদ প্ৰদৰ্শনৰে ভাৰতবৰ্ষক বিশ্ব দৰবাৰত জিলিকাই তুলিবলৈ সক্ষম হৈছিল ।এই মহান খেলুৱৈগৰাকীৰ জন্ম হৈছিল ১৯০৫ চনৰ ২৯ আগষ্ট তাৰিখে আমাৰ দেশৰে এলাহবাদত।তেখেতৰ জন্মদিনটোৰ লগত সংগতি ৰাখিয়ে প্ৰতিবছৰে ২৯ আগষ্ট তাৰিখে গোটেই ভাৰতবৰ্ষত "ৰাষ্টীয় ক্ৰীড়া দিৱস" হিচাপে পালন কৰা হয়।এই মহান খেলুৱৈগৰাকীয়ে ১৯২৮ চনৰ আমষ্টাৰডম অলিম্পিক , ১৯৩২ চনৰ লজ এঞ্জেল অলিম্পিক আৰু ১৯৩৬ চনৰ বাৰ্লিন অলিম্পিকত  ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰি একেৰাহে তিনিবাৰ নিজ মাতৃভূমিলৈ স্বৰ্ণৰ পদক কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল।১৯২৮ চনৰ আমষ্টাৰডম অলিম্পিকৰ হকীৰ ফাইনেলত ভাৰতবৰ্ষই হলেণ্ডক ৩ - ০ গ'লত পৰাভূত কৰিছিল।ইয়াৰে দুটি গ'ল মেজৰ ধ্যানচান্দৰ হকীষ্টিকেৰে হৈছিল।ইয়াৰোপৰি আমষ্টাৰডম অলিম্পিকত এক অদ্ভুত ঘটনা ঘটিছিল।মেজৰ ধ্যানচান্দৰ যাদুকৰী প্ৰদৰ্শন আৰু জাপান দলৰ সন্দেহৰ বাবে তেওঁৰ হকীষ্টিকডালত চুম্বক লাগি থকা বুলি ভাবি ভাঙি পৰীক্ষা কৰা হৈছিল।কিন্তু পৰৱৰ্তী পৰ্যায়ত এই সকলো সন্দেহ ব্যৰ্থ হৈছিল।এই সম্পৰ্কত মেজৰ ধ্যানচান্দে কৈছিল"এই যাদুকৰী চমকপ্ৰদ প্ৰদৰ্শনৰ মূলতে হ'ল তেওঁৰ কঠোৰ পৰিশ্ৰম আৰু অনুশীলন।"১৯৩৬ চনৰ বাৰ্লিন অলিম্পিকৰ হকীৰ ফাইনেলত ভাৰতে জাৰ্মানীক ১৬ - ১ গ'লত পৰাভূত কৰিছিল।এই খেলখনত মেজৰ ধ্যানচান্দে অকলে ১৫ টা গ'ল দিছিল।মেজৰ ধ্যানচান্দৰ এই অদ্ভুত খেলশৈলী দেখি বিশ্বত্ৰাস হিটলাৰো অভিভূত হৈ পৰিছিল।তেওঁক হিটলাৰে নৈশ ভোজনলৈও নিমন্ত্ৰন কৰিছিল।নৈশ ভোজনত হিটলাৰে  তেওঁক জাৰ্মানীৰ হৈ হকী খেলিবলৈ প্ৰস্তাৱ আগবঢ়াইছিল আৰু ইয়াৰ বিনিময়ত তেওঁক জাৰ্মানী সেনাবাহিনীৰ উচ্চপদস্থ বিষয়া হিচাপে নিযুক্তি দিব বুলি কথা দিছিল।কিন্তু মেজৰ ধ্যানচান্দে হিটলাৰৰ এই প্ৰস্তাৱ অগ্ৰাহ্য কৰিছিল আৰু কৈছিল "মোক আগবঢ়োৱা দায়িত্ব দেশৰ নহয়।দেশক আগবঢ়োৱা দায়িত্ব মোৰ।" 
         মেজৰ ধ্যানচান্দে নিজৰ খেলুৱৈ জীৱনত ১০০০ ত কৈও অধিক গ'ল কৰিবলৈ সক্ষম হৈছিল।দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেখেতক ভাৰতীয় সেনাৰ লেফট্যানেন্ট পদলৈ পদোন্নতি কৰা হৈছিল আৰু শেষত মেজৰৰ পদ লাভ কৰিছিল।এই মহান খেলুৱৈগৰাকীক ভাৰত চৰকাৰে ১৯৫৬ চনত "পদ্মভূষণ" সন্মানেৰে সন্মানিত কৰিছিল।ভাৰতীয় অলিম্পিক সন্থাই তেখেতক শতাব্দীৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে অভিহিত কৰিছিল।শেহতীয়াভাবে ভাৰত চৰকাৰে "ৰাজীৱ গান্ধী খেলৰত্ন বটাঁৰ" নাম সলনি কৰি "মেজৰ ধ্যানচান্দ খেলৰত্ন বটাঁ" হিচাপে ঘোষণা কৰিছে।এই মহান খেলুৱৈগৰাকীয়ে সমগ্ৰ ভাৰতবাসীক কন্দুৱাই ১৯৭৯ চনৰ ৩ ডিচেম্বৰ তাৰিখে স্বৰ্গগামী হয়।ভাৰতমাতৃলৈ আগবঢ়োৱা অৱদান আৰু হকীৰ অদ্ভুত খেল শৈলীৰ বাবে মেজৰ ধ্যানচান্দ সদায় আমাৰ মনত অমৰ হৈ থাকিব।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)